অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

আকাশবাণী

আকাশবাণী (All India Radio; आकाशवाणी) ভাৰতৰ এটা অনাতাঁৰ সম্প্ৰচাৰ সেৱা আৰু প্ৰসাৰ ভাৰতীৰ এটা অংশ। ১৯৩০ চনত, প্ৰতিষ্ঠা হোৱা অল ইণ্ডিয়া ৰেডিঅ'ক ১৯৫৬ চনত আধিকাৰিকভাবে আকাশবাণী নামকৰণ কৰা হয়। আকাশবাণী বিশ্বৰ অন্যতম বৃহৎ অনাতাঁৰ সম্প্ৰচাৰক। ইয়াৰ প্ৰধান কাৰ্যালয় নতুন দিল্লীৰ আকাশবাণী ভৱনত অৱস্থিত।

হালনাগাদ: ২৭ ছেপ্তেম্বৰ ২০২৬ ২৫৩ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

আকাশবাণী (All India Radio; आकाशवाणी) ভাৰতৰ এটা অনাতাঁৰ সম্প্ৰচাৰ সেৱা আৰু প্ৰসাৰ ভাৰতীৰ এটা অংশ। ১৯৩০ চনত,১ প্ৰতিষ্ঠা হোৱা অল ইণ্ডিয়া ৰেডিঅ'ক ১৯৫৬ চনত আধিকাৰিকভাবে আকাশবাণী নামকৰণ কৰা হয়। আকাশবাণী বিশ্বৰ অন্যতম বৃহৎ অনাতাঁৰ সম্প্ৰচাৰক। ইয়াৰ প্ৰধান কাৰ্যালয় নতুন দিল্লীৰ আকাশবাণী ভৱনত অৱস্থিত। এইটো ভৱনত দূৰদৰ্শনৰ কাৰ্যালয়ো আছে।

ইতিহাস

নতুন দিল্লীত অৱস্থিত আকাশবাণীৰ মুখ্য কাৰ্যালয়
নতুন দিল্লীত অৱস্থিত আকাশবাণীৰ মুখ্য কাৰ্যালয়ছবি: Lokantha · CC BY-SA 3.0

১৯২৭ চনত কেইটামান ৰেডিঅ' ক্লাবৰ সহযোগত ব্ৰিটিছ ভাৰতত প্ৰথম অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ হৈছিল। ১৯২৬ চনত হোৱা এখন চুক্তি মৰ্মে বেচৰকাৰী ইণ্ডিয়ান ব্ৰ'ডকাষ্টিং কোম্পানীক (IBC) দুটা অনাতাঁৰ কেন্দ্ৰ স্থাপন কৰাৰ বাবে কৰ্তৃত্ব প্ৰদান কৰা হৈছিল। সেই অনুসৰি ১৯২৭ চনৰ ২৩ জুলাইত বোম্বাই কেন্দ্ৰ আৰু একে বছৰৰে ২৬ আগষ্টত কলিকতা কেন্দ্ৰৰ কাৰ্যসূচী আৰম্ভ হয়। ১৯৩০ চনৰ ১ মাৰ্চত ইণ্ডিয়ান ব্ৰ'ডকাষ্টিং কোম্পানীৰ কাম-কাজ বন্ধ হৈ যোৱাত চৰকাৰে ১৯৩০ চনৰ ১ এপ্ৰিলত 'ইণ্ডিয়ান ষ্টেট ব্ৰ'ডকাষ্টিং চাৰ্ভিচ' গঠন কৰি অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ কৰে। দুবছৰ পৰীক্ষামূলকভাৱে কাৰ্যসূচী সম্প্ৰচাৰ কৰাৰ অন্তত ১৯৩২ চনৰ মে মাহৰ পৰা স্থায়ীভাৱে কাৰ্যসূচী সম্প্ৰচাৰ আৰম্ভ হয়। ১৯৩৬ চনৰ ৮ জুনৰ পৰা এই কোম্পানীটো অল ইণ্ডিয়া ৰেডিঅ' বুলি নতুন নামকৰণ হয়।১

১৯৩৯ চনৰ ১ অক্টোবৰৰ পৰা পুষ্টু ভাষাৰ কাৰ্যসূচীৰে অল ইণ্ডিয়া ৰেডিঅ'ই বহিঃসেৱা আৰম্ভ কৰে। প্ৰকৃততে আফগানিস্তান, ইৰান আৰু আৰৱীয় দেশসমূহক উদ্দেশি জাৰ্মানীয়ে কৰা উদ্দেশ্যধৰ্মী (propaganda) অনাতাঁৰ সম্প্ৰচাৰক প্ৰতিহত কৰিবলৈ এই বহিঃসেৱা কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ আগলৈকে দেশখনত মাত্ৰ ৬টাহে অনাতাঁৰ কেন্দ্ৰ আছিল। এই কেইটা হ'ল- দিল্লী, বোম্বাই, মাদ্ৰাজ, লক্ষ্ণৌ, কলকাতা আৰু টিৰুচী। অনাতাঁৰ গ্ৰাহক যন্ত্ৰৰ সংখ্যা আছিল ২,৭৫,০০০। ১৯৫৬ চনত অল ইণ্ডিয়া ৰেডিঅ'ৰ আধিকাৰিক নাম আকাশবাণী কৰা হয়। ১৯৫৭ চনৰ ৩ অক্টোৱৰ তাৰিখে ৰেডিঅ' চিলোনৰ (Radio Ceylon) সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিবিধ ভাৰতী সেৱা উন্মোচন কৰা হয়। ১৯৫৯ চনত আকাশবাণীয়ে দিল্লী মহানগৰত দূৰদৰ্শন সেৱা আৰম্ভ কৰে। ১৯৭৬ চনৰ ১ এপ্ৰিলত২ দূৰদৰ্শন আকাশবাণীৰ পৰা পৃথক হৈ যায়। প্ৰথম এফ এম সেৱা বৰ্তমানৰ চেন্নাইত আৰম্ভ হয় ১৯৭৭ চনৰ ২৩ জুলাইৰ দিনা।৩

১৯৩৬ চনত এম ভি গোপালাস্বামীয়ে তেওঁৰ বাসস্থান "বিত্তাল বিহাৰ"ত (বৰ্তমান মহীশূৰৰ আকাশবাণী চৌহদৰ পৰা ২০০ গজ আঁতৰত ) দেশৰ প্ৰথমটো ব্যক্তিগত অনাতাঁৰ কেন্দ্ৰ স্থাপন কৰা সময়তে "আকাশবাণী" শব্দটোৰ উদ্ভাৱন কৰিছিল।৪ ই এটা সংস্কৃত ভাষাৰ আৰু হিন্দু পৌৰাণিক কথাৰ সৈতে জড়িত শব্দ।৫

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Milestones Official website. allindiaradio.org. Retrieved:2013-01-13
  2. ↑ AIR Manual, Chapter 1: History of All India Radio
  3. ↑ আৰ্কাইভ কপি
  4. ↑ Mysore Akashavani is now 75 years old
  5. ↑ BabLa dictionary Retrieved 2011-10-15

সম্পৰ্কিত শ্ৰেণী

গণমাধ্যমভাৰতৰ চৰকাৰী সংস্থাৰেডিঅ' ষ্টেচন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আকাশবাণী” প্ৰবন্ধৰ সংশোধন ৬৩৮৯০৭ (২৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।