খাচী হ'ল এটা অষ্ট্ৰো-এছীয় ভাষা, যিটো ঘাইকৈ ভাৰতৰ মেঘালয় ৰাজ্যত প্ৰচলিত। খাচী ভাষাৰ প্ৰায় ৯ লাখ মানুহৰ সৰহভাগেই মেঘালয় ৰাজ্যত বাস কৰে। অসম আৰু বাংলাদেশতো কিছু সংখ্যক খাচী ভাষাৰ মানুহ আছে। খাচী ভাষাৰ মৌখিক সাহিত্য লোককথা আৰু লোকগাথাৰে সমৃদ্ধ।
জনসংখ্যা
ভাৰতত (২০১১ চনৰ হিচাপত) স্থানীয়ভাৱে ১,০৩৮,০০০ লোকে কয় খাচী ভাষা ব্যৱহাৰ কৰে। মেঘালয়ৰ জনসংখ্যাৰ এক তৃতীয়াংশ বা ৯ লাখ ৯৭ হাজাৰ লোকৰ ই প্ৰথম ভাষা আৰু ইয়াৰ ভাষীসকল বেছিভাগেই খাচী পাহাৰ আৰু জয়ন্তীয়া পাহাৰ অঞ্চলত পোৱা যায়। ভাৰতৰ চুবুৰীয়া ৰাজ্যসমূহতো সৰু সৰু খাচী ভাষী সম্প্ৰদায় আছে, ইয়াৰে আটাইতকৈ ডাঙৰ জনগোষ্ঠীটো অসমত: ৩৪,৬০০ জন। বাংলাদেশতো অতি কম সংখ্যক খাচী ভাষাৰ মানুহ আছে।
লিপি
আগতে খাচী ভাষাৰ নিজস্ব কোনো লিপি নাছিল। ১৮১৩ চনৰ পৰা ১৮৩৮ চনলৈ উইলিয়াম কেৰীয়ে পূব নাগৰী লিপিত ভাষাটো লিখাৰ প্ৰয়াস কৰিছিল।১ পিছলৈ এই লিপিত বহু খাচী গ্ৰন্থ ৰচনা কৰা হয়। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল Ka Niyiom Jong Ka Khasi বা খাচীয়াসকলৰ নিয়মৰ কিতাপ; ই চেং খাচিয়া ধৰ্মৰ এক গুৰুত্বপূৰ্ণ পাণ্ডুলিপি। ৱেলছৰ এজন মিছনেৰী থমাছ জ’নে ১৮৪১ চনত ৰোমান লিপিত এই ভাষা লিখিছিল। সেয়েহে তেওঁ খাচী ভাষাৰ বাবে ব্যৱহৃত ৰোমান লিপিত ৱেলছ লিপিৰ প্ৰভাৱ দেখা যায়। বৰ্তমান খাচী ভাষা ৰোমান লিপিত লিখা হয়।
বৰ্ণমালা
- ডাঙৰ হাতৰ A, B, K, D, E, G, Ng, H, I, Ï, J, L, M, N, Ñ, O, P, R, S, T, U, W, Y.
- সৰু হাতৰ a, b, k, d, e, g, ng, h, i, ï, j, l, m, n, ñ, o, p, r, s, t, u, w, y.
তথ্যসূত্ৰ
- ↑ ScriptSource – Khasi. scriptsource.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খাচী ভাষা” প্ৰবন্ধৰ সংশোধন ৫৭২১৪৬ (২৮ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।