অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ডী ডী অসম

ডী ডী অসম (DD Assam) হৈছে ভাৰতৰ চৰকাৰী প্ৰতিষ্ঠান প্ৰচাৰ ভাৰতীৰ দ্বাৰা পৰিচালিত অসমকেন্দ্ৰীক টেলিভিছন চেনেল। পূৰ্বতে এই চেনেলটোক গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ তথা ডী ডী নৰ্থ ইষ্ট নামেৰে জনা গৈছিল। ১ ডিচেম্বৰ ২০১৯ তাৰিখৰ পৰা ডী ডী অসমৰ পৰীক্ষামূলক সম্প্ৰচাৰ আৰম্ভ হয়।

হালনাগাদ: ২৯ নৱেম্বৰ ২০২৫ ২৩২ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ডী ডী অসম (DD Assam) হৈছে ভাৰতৰ চৰকাৰী প্ৰতিষ্ঠান প্ৰচাৰ ভাৰতীৰ দ্বাৰা পৰিচালিত অসমকেন্দ্ৰীক টেলিভিছন চেনেল। পূৰ্বতে এই চেনেলটোক গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ তথা ডী ডী নৰ্থ ইষ্ট নামেৰে জনা গৈছিল। ১ ডিচেম্বৰ ২০১৯ তাৰিখৰ পৰা ডী ডী অসমৰ পৰীক্ষামূলক সম্প্ৰচাৰ আৰম্ভ হয়।১ ২০২০ চনৰ ৪ আগষ্টত চেনেলটোক আনুষ্ঠানিক ৰূপে মুকলি কৰা হয় আৰু ই ডী ডী নৰ্থ ইষ্ট চেনেলৰ স্থান লয়।২

ইতিহাস

আৰম্ভণিতে ডী ডী নৰ্থ ইষ্ট উত্তৰ-পূব ভাৰতৰ এক সংযুক্ত চেটেলাইট চেনেল আছিল য'ত অসমীয়া, ইংৰাজী, হিন্দীৰ উপৰিও উত্তৰ-পূব ভাৰতৰ বিভিন্ন ভাষাত অনুষ্ঠান সম্প্ৰচাৰিত হৈছিল। এই চেনেলত গুৱাহাটীৰ লগতে উত্তৰ-পূব ভাৰতৰ আন আন দূৰদৰ্শন কেন্দ্ৰ যেনে: আগৰতলা, ক'হিমা, ইম্ফল, শিলচৰ, ডিব্ৰুগড়, তুৰা, আইজল, ইটানগৰ আৰু শ্বিলঙ কেন্দ্ৰৰ পৰাও অনুষ্ঠান সম্প্ৰচাৰিত কৰা হৈছিল। অনুষ্ঠানসমূহ প্ৰধানকৈ জ্ঞানমূলক, কৃষি, স্বাস্থ্য, তথ্যমূলক, ধাৰাবাহিক আৰু বাতৰি। দূৰদৰ্শনত প্ৰথম অসমীয়া বাতৰি সম্প্ৰচাৰিত হৈছিল ১৯৯২ চনত।৩

অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহে অসমৰ বাবে এক সূকীয়া ২৪ ঘণ্টীয়া দূৰদৰ্শন চেনেলৰ দাবী কৰি আহিছিল।৪ আৰু তাৰ পৰিপ্ৰেক্ষিতত ১ ডিচেম্বৰ ২০১৯ তাৰিখৰ পৰা ডী ডী অসমৰ পৰীক্ষামূলক সম্প্ৰচাৰ আৰম্ভ হয় আৰু ই ডী ডী নৰ্থ ইষ্ট চেনেলৰ স্থান লয়।

অনুষ্ঠান

বৰ্তমান সম্প্ৰচাৰিত অনুষ্ঠান

  • বাতৰি
  • সুপ্ৰভাত অসম
  • নমস্কাৰ অসম
  • গীতমালা
  • ৰূপালী ঢৌ
  • সোণালী গীত
  • চাহ গছৰ মাজে মাজে
  • কৃষি দৰ্শন
  • আজিৰ অতিথি
  • আলোকপাত
  • গৌৰৱময় ঐতিহ্য
  • জনকৃষ্টি
  • উদ্যম
  • আখলৰ জুতি
  • সুৰভী
  • অৰ্দ্ধ আকাশ
  • জীৱন মধুৰ
  • নতুন ৰেঙনি
  • ক্ৰীড়াঙ্গন
  • A Day in a Village
  • Campus Campus

ধাৰাবাহিক

  • অন্তৰ্দাহ

কাহিনী

  • চক্ৰবেহু
  • লটিঘটি

পূৰ্বৰ অনুষ্ঠান

পূৰ্বৰ দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ অনুষ্ঠান:৫ ধাৰাবাহিক

তথ্যসূত্ৰ

  1. ↑ (১১ মাৰ্চ ২০২০). Doordarshan channels have seen good growth in viewership in 2019: I&B min. টেলিভিছন প'ষ্ট
  2. ↑ (2020-08-04). I&B Minister Prakash Javadekar launches ‘DD Assam’. Financial Express
  3. ↑ (২০১৬). গুৱাহাটী দূৰদৰ্শনৰ বিষয়ে. ddkguwahati.gov.in. Doordarshan Kendra Guwahati
  4. ↑ (২৯ ডিচেম্বৰ ২০১৮). Turn DDK, Guwahati into 24x7 State channel. দ্য আছাম ট্ৰিবিউন
  5. ↑ (2010-07-01). নমস্কাৰ.. এয়া দূৰদৰ্শন কেন্দ্ৰ. Himjyoti Talukdar's Blog. WordPress

সম্পৰ্কিত শ্ৰেণী

দূৰদৰ্শন কেন্দ্ৰঅসমৰ প্ৰচাৰ মাধ্যম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডী ডী অসম” প্ৰবন্ধৰ সংশোধন ৫৫৮৭৭৭ (২৯ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।