অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

মিজো ভাষা

মিজো ভাষা ভাৰতৰ মিজোৰাম ৰাজ্যত প্ৰচলিত এটি ভাষা। ই চীনা-তিব্বত ভাষাপৰিবাৰৰ তিব্বত-বৰ্মী উপপৰিবাৰৰ কুকি-চীন দলৰ এটা ভাষা। মিজোভাষীসকল মূলত মিজোৰামত বাস কৰিলেও তাৰ বাহিৰেও ভাৰতৰ মণিপুৰ আৰু ত্ৰিপুৰা ৰাজ্যত, বাংলাদেশৰ পাৰ্বত্য চট্টগ্ৰামত আৰু উত্তৰ-পশ্চিম ম্যানমাৰৰ চীন পৰ্বত অঞ্চলত মিজো ভাষাভাষীসকল বাস…

হালনাগাদ: ২৭ জানুৱাৰী ২০২৬ ১৩৮ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

মিজো ভাষা ভাৰতৰ মিজোৰাম ৰাজ্যত প্ৰচলিত এটি ভাষা। ই চীনা-তিব্বত ভাষাপৰিবাৰৰ তিব্বত-বৰ্মী উপপৰিবাৰৰ কুকি-চীন দলৰ এটা ভাষা। মিজোভাষীসকল মূলত মিজোৰামত বাস কৰিলেও তাৰ বাহিৰেও ভাৰতৰ মণিপুৰ আৰু ত্ৰিপুৰা ৰাজ্যত, বাংলাদেশৰ পাৰ্বত্য চট্টগ্ৰামত আৰু উত্তৰ-পশ্চিম ম্যানমাৰৰ চীন পৰ্বত অঞ্চলত মিজো ভাষাভাষীসকল বাস কৰে। ই মূলতঃ লুচেই উপভাষাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে যদিও ইয়াৰ আশে-পাশে থকা মিজো বংশৰ পৰাও বহু শব্দৰ উৎপত্তি হৈছে। ১ মিজো ভাষাৰ বিভিন্ন উপভাষাত ৭ লাখতকৈও বেছি মানুহে কথা পাতে। ভাষাটো লুচাই ভাষা নামেৰেও পৰিচিত।

লিখন পদ্ধতি

এই ভাষাৰ বৰ্ণবিলাক হ'ল: a, â, á, à, aw, b, ch, d, e, ê, é, è, f, g, ng, h, i, ì, í, j, k, l, m, n, o, p, r, s, t, u, û, v, আৰু z। মিজো এটা সুৰপ্ৰধান ভাষা; অৰ্থাৎ একেই শব্দ কোৱাৰ সুৰৰ ওপৰত ভিত্তি কৰি অৰ্থ পৰিৱৰ্তন হ'ব পাৰে।

অধিক জানিবলৈ চাওক

তথ্যসূত্ৰ

  1. ↑ mzuir.inflibnet.ac.in (PDF)

সম্পৰ্কিত শ্ৰেণী

ভাষাভাৰতৰ ভাষাপোখালি (ভাষা)মিজোৰাম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিজো ভাষা” প্ৰবন্ধৰ সংশোধন ৫৭১৯৮০ (২৭ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।