পশ্চিমবংগ ভাৰতবৰ্ষৰ এখন ৰাজ্য। জনসংখ্যাৰ ঘনত্বৰ বিচাৰত এই ৰাজ্য ভাৰতৰ চতুৰ্থ সৰ্বাধিক জনবহুল ৰাজ্য।১ পশ্চিমবংগ মুঠ ঘৰুৱা উৎপাদনত ভাৰতৰ তৃতীয় বৃহত্তম অৱদানকাৰী।২ এই ৰাজ্যৰ পূৰ্ব সীমান্তত বাংলাদেশ; উত্তৰ পূৱত অসম; উত্তৰে ভূটান আৰু ছিক্কিম; উত্তৰ পশ্চিম দিশত নেপাল; পশ্চিমে বিহাৰ আৰু ঝাৰখণ্ড; আৰু দক্ষিণ পশ্চিমে ওড়িশা অৱস্থিত।
আধুনিক "পশ্চিমবংগ" নামে পৰিচিত এই ভূখণ্ডটি বিগত দুই হাজাৰ বছৰ ধৰি একাধিক ৰাজবংশ আৰু সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হয়। ১৭৫৭ চনত পলাশীৰ যুদ্ধত জয়লাভ কৰি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানিয়ে এই অঞ্চলত নিজ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত সুদীৰ্ঘকাল কলিকতাই ব্ৰিটিছ ভাৰতৰ ৰাজধানীৰ মৰ্যাদা পায়। বিংশ শতাব্দীৰ প্ৰথমছোৱাত পূৰ্ববংগ (বৰ্তমান বাংলাদেশ) আৰু পশ্চিম বংগক একেলগে বেঙ্গল প্ৰেসিডেন্সি বোলা হৈছিল৩। ব্ৰিটিছ ভাৰতৰ প্ৰথম ৰাজধানী হিচাপে কলিকতা (বৰ্তমানৰ কলকাতা) পশ্চিমীয়া শিক্ষাৰ এক কেন্দ্ৰস্থল স্বৰূপ হৈ পৰে। পশ্চিমীয়া শিক্ষাৰ সুপ্ৰভাবত অঞ্চলটোত শিক্ষা, সংস্কৃতি আৰু প্ৰগতিবাদী চিন্তাধাৰাৰ প্ৰভাৱত নবজাগৰণস্বৰূপৰ সূচনা হয়। ইয়াৰ ফলত ৰামমোহন ৰায়, দয়ানন্দ সৰস্বতী, স্বামী বিবেকানন্দ, ৰবীন্দ্ৰনাথ ঠাকুৰ, অৰবিন্দ আদি মণিষীৰ উত্থান ঘটে। তেওঁলোকৰ মুক্ত চিন্তাধাৰাৰ আৰু সংস্কাৰপন্থী কাৰ্যকলাপৰ ফলত ইয়াতে ভাৰতীয় জাতীয়তাবাদৰ শক্তিশালী ধাৰণাৰ উদ্ভৱ হয় আৰু ই ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক পীঠস্থানত পৰিণত হয়। ১৯৪৭ চনৰ দেশ বিভাজনৰ বঙালী দ্বিখণ্ডিত হ’ল আৰু পশ্চিমবংগ ভাৰতীয় প্ৰজাতন্ত্ৰৰ অন্তৰ্ভুক্ত হয়। পৰবৰ্তীকালত স্বাধীন ভাৰতৰ পশ্চিমবংগত সমসাময়িক ছ'ভিয়েট সংঘৰ লেনিনপন্থী মাৰ্ক্সবাদৰ প্ৰভাৱত সমাজবাদী চিন্তাধাৰাৰ সূচনা হয় আৰু স্বাধীনতাৰ পাচত ইয়াত বৰ্তমানলৈকে (২০১১) মাৰ্ক্স-লেনিনবাদী ৰাজনৈতিক সংস্কৃতিৰ প্ৰাধান্যৰে পৰিচালিত বামপন্থী আঞ্চলিক দলে ৰাজ্যিক শাসনকাৰ্য্য চলাই আহিছে।৪৫৬৭৮
পশ্চিমবংগ এখন কৃষিনিৰ্ভৰ ৰাজ্য হ'লেও বৰ্তমান ভাৰতৰ অন্য অংশৰ বিকাশৰ লগত সংগতি ৰাখি ইয়াৰ ৰাজনৈতিক নেতৃত্বই ঔদ্যোগীকিকৰণৰ প্ৰয়াস আৰম্ভ কৰিছে। ১৯৭৭ চনৰ পৰা ২০১১ চনলৈ পশ্চিমবংগত ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) (সিপিআই(এম)) নেতৃত্বাধীন বামফ্ৰণ্ট চৰকাৰ প্ৰতিষ্ঠিত। এই চৰকাৰ আছিল বিশ্বৰ ইতিহাসত দীৰ্ঘতম গণতান্ত্ৰিক পদ্ধতিত নিৰ্বাচিত কমিউনিষ্ট চৰকাৰ।৯১০১১ বৰ্তমানে বামফ্ৰণ্টকে পৰাজিত কৰি দক্ষিণপন্থী দল সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ ক্ষমতালৈ আহিছে।
পশ্চিমবংগত দুটি ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে। সেয়া হৈছে দাৰ্জিলিং হিমালয়ান ৰেল (ভাৰতৰ পাৰ্বত্য ৰেলপথৰ অংশ হিচাপে) আৰু সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান।
ভাষাসমূহ
২০১১ চনৰ লোকপিয়লৰ অস্থায়ী ফলাফল অনুসৰি পশ্চিমবংগৰ জনসংখ্যা ৯১,৩৪৭,৭৩৬ (ভাৰতৰ মুঠ জনসংখ্যাৰ ৭.৫%)। জনসংখ্যাৰ হিচাপত পশ্চিম বংগ ভাৰতৰ পঞ্চম বৃহত্তম ৰাজ্য। ইয়াৰে অধিকাংশ জনসংখ্যা বাংলা ভাষী।মাৰোৱাৰী, বিহাৰী আৰু ওড়িয়া সংখ্যালঘুসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ বাস কৰে। দাৰ্জিলিং পাহাৰত শ্বেৰপা আৰু তিব্বতী মানুহ পোৱা যায়৷ দাৰ্জিলিঙতো বৃহৎ সংখ্যক নেপালী গোৰ্খা বাস কৰে৷ পশ্চিমবংগতো চাওঁতাল, কোল, কোচ-ৰাজবংশী আৰু টোটো জনজাতি বসবাস কৰে। ৰাজ্যখনৰ ৰাজধানী কলকাতাত সামান্য সংখ্যক চীনা, তামিল, গুজৰাটী, এংলো-ইণ্ডিয়ান শ, আৰ্মেনিয়ান, পঞ্জাবী আৰু পাৰ্চী সংখ্যালঘু লোকে বাস কৰে৷ ভাৰতৰ একমাত্ৰ চাইনাটাউন পূব কলকাতাত অৱস্থিত।
ৰাজ্যখনৰ চৰকাৰী ভাষা বাংলা আৰু ইংৰাজী।১২ দাৰ্জিলিং জিলাৰ তিনিটা মহকুমাত নেপালী ভাষা চৰকাৰী ভাষা। ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাষিক জনসংখ্যাৰ ক্ৰম অনুসৰি ভাষাসমূহ হ'ল বাংলা, হিন্দী, চাওঁতালি, উৰ্দু, নেপালী আৰু ওড়িয়া। ৰাজ্যখনৰ কিছুমান অঞ্চলত ৰাজবংশী আৰু হো ভাষাও প্ৰচলিত।
পশ্চিমবংগৰ জলপ্ৰপাতসমূহ
- ছাংগে জলপ্ৰপাত
- পাগলাঝোৰা জলপ্ৰপাত
- ঘগ্ৰা জলপ্ৰপাত
- ৰামধেনু জলপ্ৰপাত
- খাতৰা জলপ্ৰপাত
- চুন্নু জলপ্ৰপাত
- তুৰ্গা জলপ্ৰপাত
- মহাদান জলপ্ৰপাত
- শিৱ খোলা জলপ্ৰপাত/লেপচা জলপ্ৰপাত
- ছালচলীয়া জলপ্ৰপাত
- ৰামেটি জলপ্ৰপাত
- ঝৰ্ণাকোচা জলপ্ৰপাত
- সন্ত্ৰখুলা জলপ্ৰপাত
- কমলা জলপ্ৰপাত
- ঘগৰ মিনি জলপ্ৰপাত
- ডিমৌলি জলপ্ৰপাত
- নিগালি জলপ্ৰপাত
- লাচনকুণ্ডা জলপ্ৰপাত
- হুধুদি জলপ্ৰপাত
বহিঃসংযোগ
- পশ্চিমবংগ চৰকাৰৰ ৱেবচাইট
- ভাৰতৰ মানচিত্ৰত পশ্চিমবংগৰ অৱস্থান
- পশ্চিমবংগৰ জিলাসমূহৰ মানচিত্ৰ
- পশ্চিমবংগৰ ৰেল মানচিত্ৰ
- পশ্চিমবংগ সম্পৰ্কে আৰু তথ্য
তথ্যসূত্ৰ
- ↑ India: Administrative Divisions (population and area). Census of India
- ↑ Gross Domestic Product by prices as of 28 February, 2008
- ↑ Bengal Presidency, British India. indianetzone.com
- ↑ Why India’s Stalinists oppose the US nuclear deal. WSWS
- ↑ Fresh gunfight between police, Naxals in West Bengal. DNA
- ↑ A slaughter reveals the inadequacy of India’s counterinsurgency effort. The Economist
- ↑ While the debate goes on whether trade unions must be allowed in the IT sector, the CITU forms one in West Bengal. FrontLine
- ↑ Waking up too late. The Statesman
- ↑ CPI(M) architect of misrule in Bengal. Government of India (2001). IBNLive
- ↑ The question is not who will win but what lies behind the Left Front's impending electoral victory, its 15th in succession. Government of India (2001). The Hindu
- ↑ CPI dominana in West Bengal. RUDRANGSHU MUKHERJEE
- ↑ Report of the Commissioner for linguistic minorities: 52nd report (July 2014 to June 2015). Commissioner for Linguistic Minorities, Ministry of Minority Affairs, Government of India. পৃ. 85–86 —Singh, Shiv Sahay. (3 April 2012). Official language status for Urdu in some West Bengal areas. দ্য হিন্দু —(11 December 2012). Multi-lingual Bengal. The Telegraph —(21 February 2017). Kurukh language given official status by Bengal government. Outlook —Roy,
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পশ্চিমবংগ” প্ৰবন্ধৰ সংশোধন ৬৩৭৩৩১ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।