অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মোহন ভাগৱত

মোহন মধুকৰ ভাগৱত (Mohan Madhukar Bhagawat) ভাৰতৰ অন্যতম ৰাষ্ট্ৰবাদী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুখ্য সংঘচালক৷ তেও কে এচ সুদৰ্শনৰ উত্তৰসূৰী হিচাপে ২০০৯ চনৰ মাৰ্চ মাহত দ্বায়িত্ব গ্ৰহণ কৰে৷

হালনাগাদ: ২৭ আগষ্ট ২০২৫ ৭৫ শব্দ · ১ মিনিট সংগৃহীত ৫০
সংশোধনৰ পৰামৰ্শ

মোহন মধুকৰ ভাগৱত (Mohan Madhukar Bhagawat) ভাৰতৰ অন্যতম ৰাষ্ট্ৰবাদী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুখ্য সংঘচালক৷ তেও কে এচ সুদৰ্শনৰ উত্তৰসূৰী হিচাপে ২০০৯ চনৰ মাৰ্চ মাহত দ্বায়িত্ব গ্ৰহণ কৰে৷১

প্ৰাৰম্ভিক জীৱন

মোহন মধুকৰ ভাগৱত মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ নামৰ চহৰত জন্ম হৈছিল৷তেও পৰিয়াল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জৰিত৷১ তেওৰ পিতৃ চন্দ্ৰপুৰ ক্ষেত্ৰৰ কাৰ্যবাহ (সম্পাদক) ৰ দায়িত্বত আছিল আৰু পিছলৈ গুজৰাটৰ প্ৰান্ত প্ৰচাৰকৰ দ্বায়িত্বত আছিল৷১ মোহন ভাগৱত চাৰি জন ভাই ভণিৰ ভিতৰত ডাঙৰ আছিল৷ 'লোকমান্য তিলক বিদ্যালয়'ৰ পৰা স্কুলীয়া শিক্ষা সম্পুৰ্ণ কৰা মোহন ভাগৱতে পাঞ্জাৱৰাও কৃষি বিদ্যাপীঠৰ পৰা পশু চিকিৎসক হিচাপে স্নাতক ডিগ্ৰী গ্ৰহণ কৰে৷তেও স্নাতকোত্তৰ শিক্ষা আধাতে পৰিত্যাগ কৰি ১৯৭৫ চনত সংঘৰ প্ৰচাৰক হিচাপে কাম আৰম্ভ কৰে৷ ১

সংঘৰ সৈতে সম্পৰ্ক

জৰুৰীকালিন সময় বিশেষ ভাৱে কাম কৰাৰ পাছত মোহন ভাগৱতে ১৯৭৭ চনত মহাৰাষ্ট্ৰৰ আকোলাৰ প্ৰচাৰক হিচাপে দ্বায়িত্ব আৰম্ভ কৰে আৰু নাগপুৰ তথা বিদৰ্ভ অঞ্চলৰ বিভিন্ন সাংগঠনিক দ্বায়িত্ব পালন কৰে৷১ ১৯৯১ চনৰ পৰা ১৯৯৯ চনলৈকে তেও সৰ্বভাৰতীয় শাৰিৰীক প্ৰমুখৰ দ্বায়িত্বত থাকে৷তাৰ পিছত ভাগৱতক সৰ্বভাৰতীয় প্ৰচাৰক প্ৰমুখৰ দ্বয়িত্ব অৰ্পন কৰে৷ ২০০০চনত ৰাজেন্দ্ৰ সিং আৰু শেশাদ্ৰীযে স্বাস্থ্যজনিত কাৰণত মুখ্য সংঘচালক তথা মুখ্য কাৰ্যাবাহৰ পৰা অব্যাহতি লোৱাৰ পাছত কে এচ সুদৰ্শন আৰু মোহন ভাগৱতক ক্ৰমে এই দ্বায়িত্বৰ বাবে মনোনিত কৰে৷ মোহন ভাগৱতে ২০০৯চনৰ ২১মাৰ্চত মুখ্য সংঘচালকৰ দ্বায়িত্বৰ বাবে মনোনিত হয়৷১

২০১৫চনৰ জুনত ভাৰত চৰকাৰে Central Industrial Security Force (CISF) ক মোহন ভাগৱতক Z+ সুৰক্ষাৰ নিৰ্দেশ দিয়ে৷২

২০১৪ চনৰ ৬ জানুৱাৰীত, দি ইকনমিকচ্ টাইমচ্ত প্ৰকাশিত মতে স্বামী অসীমানন্দই এটি সাক্ষাৎকাৰত মোহন ভাগৱতক কিছু হিংসাতমক কাৰ্যসুচীৰ গুৰি ধৰোতা বুলি অভিযোগ উঠাইছিল যদিও সাক্ষাৎকাৰ প্ৰকাশৰ পাছত তেও এই মন্তব্য অস্বীকাৰ কৰে৷৩৪

তথ্যসূত্ৰ

  1. ↑ Mohan Bhagwat: A nonpracticing veterinarian and RSS pracharak (full-time missionary,) 21 March 2009, Times of India
  2. ↑ RSS chief Mohan Bhagwat gets Z+ VVIP security cover
  3. ↑ Swami Aseemanand blamed Mohan Bhagwat for Terror: Report. timesofindia-economictimes
  4. ↑ Verma, Monica. How Aseemanand’s confessions to Caravan magazine will help Narendra Modi in election year. Theforthright.com

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মোহন ভাগৱত” প্ৰবন্ধৰ সংশোধন ৫৩৫১৬৪ (২৭ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।