দূৰদৰ্শন কেন্দ্ৰ
৬ প্ৰবন্ধ
-
দূৰদৰ্শন (চেনেল)
দূৰদৰ্শন (চমুকৈ DD) হৈছে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ অধীনস্থ এটা স্বশাসিত ৰাজহুৱা সেৱা সম্প্ৰচাৰক আৰু প্ৰসাৰ ভাৰতীৰ এটা শাখা। ষ্টুডিঅ' আৰু প্ৰেৰণ আন্তঃগাঁথনিৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ এক বৃহৎ সম্প্ৰচাৰ উদ্যোগ, যি ১৯৫৯ চনৰ ১৫ ছেপ্টেম্বৰ তাৰিখে স্থাপিত হৈছিল।
-
ডী ডী অসম
ডী ডী অসম (DD Assam) হৈছে ভাৰতৰ চৰকাৰী প্ৰতিষ্ঠান প্ৰচাৰ ভাৰতীৰ দ্বাৰা পৰিচালিত অসমকেন্দ্ৰীক টেলিভিছন চেনেল। পূৰ্বতে এই চেনেলটোক গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ তথা ডী ডী নৰ্থ ইষ্ট নামেৰে জনা গৈছিল। ১ ডিচেম্বৰ ২০১৯ তাৰিখৰ পৰা ডী ডী অসমৰ পৰীক্ষামূলক সম্প্ৰচাৰ আৰম্ভ হয়।
-
ডিডি নেচনেল
ডিডি নেচনেল / ডিডি১ হ'ল ভাৰত চৰকাৰ দ্বাৰা প্ৰতিষ্ঠিত তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ মালিকানাধীন এটা বিনোদনধৰ্মী টেলিভিছন চেনেল। দূৰদৰ্শনৰ এই চেনেলটো ১৯৫৯ চনৰ ১৫ ছেপ্টেম্বৰত মুকলি কৰা হৈছিল, যিটো ভাৰতৰ আটাইতকৈ পুৰণি আৰু ব্যাপকভাৱে উপলব্ধ টেলিভিছন চেনেল।
-
ডিডি নিউজ
ডিডি নিউজ (DD News) হৈছে ভাৰতৰ এটা ফ্ৰি টু এয়াৰ ধৰণৰ হিন্দী ভাষাৰ ৰাজহুৱা সম্প্ৰচাৰিত টেলিভিচন সংবাদ চেনেল, যিটো দূৰদৰ্শনৰদ্বাৰা সংযোজিত আৰু প্ৰসাৰ ভাৰতীৰ অধীনত তথ্য আৰু প্ৰসাৰণ মন্ত্ৰালয়ৰ অংশ।
-
ডিডি বাংলা
ডি ডি বাংলা (DD Bangla, DD7 নামেও জনা যায়) হৈছে ভাৰত চৰকাৰৰদ্বাৰা প্ৰচাৰিত তথা দূৰদৰ্শনৰদ্বাৰা পৰিচালিত বাংলা ভাষাৰ ফ্ৰি টু এয়াৰ চেনেল। এই চেনেলটো ২০ আগষ্ট ১৯৯২ তাৰিখে প্ৰতিষ্ঠিত কৰা হৈছিল। ই ৯ আগষ্ট ১৯৭৫ তাৰিখে স্থাপিত দূৰদৰ্শন কেন্দ্ৰ কলিকতাৰ উত্তৰসূৰী।
-
লোক সভা টিভি
লোক সভা টিভি এক ভাৰতীয় কেবল দূৰদৰ্শন নেটৱৰ্ক, ভাৰত চৰকাৰৰ দ্বাৰা যিয়ে কেন্দ্ৰীয় চৰকাৰৰ কাম-কাজ আৰু অন্যান্য লোক কাৰ্য বিষয়ক সামগ্ৰী প্ৰদৰ্শন কৰে। এই চেনেলৰ উদ্দেশ্য ভাৰতৰ সকলো সংসদীয় আৰু বৈধানিক সংগঠনৰ কাম-কাজৰ তথ্য ৰাজহুৱাভাৱে উপলব্ধ কৰোৱা।