অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

উত্তৰাখণ্ড

উত্তৰাখণ্ড (English: Uttarakhand, or; হিন্দী: उत्तराखण्ड), ভাৰতৰ এখন ৰাজ্য, যাৰ নাম ২০০০ চনৰ পৰা ২০০৬ চন পৰ্য্যন্ত উত্তৰাঞ্চল আছিল। এইখন ভাৰতৰ ২৭-তম ৰাজ্য। ইয়াৰ উত্তৰে তিব্বত (চীনৰ অংশ), পূবে নেপাল, পশ্চিমে ভাৰতৰ হিমাচল প্ৰদেশ আৰু দক্ষিণে উত্তৰ প্ৰদেশ অৱস্থিত।

হালনাগাদ: ২৬ জুন ২০২৬ ৩৪৭ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

উত্তৰাখণ্ড (English: Uttarakhand,১ ২ or;৩ হিন্দী: उत्तराखण्ड), ভাৰতৰ এখন ৰাজ্য, যাৰ নাম ২০০০ চনৰ পৰা ২০০৬ চন পৰ্য্যন্ত উত্তৰাঞ্চল আছিল। এইখন ভাৰতৰ ২৭-তম ৰাজ্য। ইয়াৰ উত্তৰে তিব্বত স্বায়ত্তশাসিত অঞ্চল (চীনৰ অংশ), পূবে নেপাল, পশ্চিমে ভাৰতৰ হিমাচল প্ৰদেশ আৰু দক্ষিণে উত্তৰ প্ৰদেশ অৱস্থিত। ২০০০ চনলৈকে এইখন উত্তৰপ্ৰদেশৰ অন্তৰ্গত আছিল। পুৰাণ আৰু ভাৰতৰ প্ৰাচীন ঐতিহাসিক দলিলসমূহে এই অঞ্চলৰ প্ৰাচীন নাম "উত্তৰাখণ্ড" হিচাপেই বৰ্ণিত - যাৰ আক্ষৰিক অৰ্থ ভাৰতৰ উত্তৰৰ ভূখণ্ড। স্থানীয় জনগণৰ অধিকাংশৰ ইচ্ছাৰে ২০০৭ চনৰ জানুৱাৰী মাহৰ পৰা ইয়াৰ নাম উত্তৰাঞ্চলৰ সলনি উত্তৰাখণ্ড কৰা হয়। উত্তৰাখণ্ডৰ অস্থায়ী ৰাজধানী দেৰাডুন। ৰাজ্যৰ উচ্চতম আদালত (হাইকোৰ্ট) নৈনিতালত অৱস্থিত।

প্ৰত্নতাত্ত্বিক খননৰ ফলস্বৰূপে প্ৰাগঐতিহাসিক কালৰে পৰা উত্তৰাখণ্ড ভূখণ্ডত মানুহৰ বাসস্থানৰ প্ৰমাণ পোৱা যায়। প্ৰাচীন ভাৰতৰ বৈদিক যুগত এই অঞ্চলটো কুৰু আৰু পাঞ্চল মহাজনপদৰ অংশ আছিল। গড়োৱাল আৰু কুমাওঁ অঞ্চলৰ প্ৰথম উল্লেখযোগ্য বংশ আছিল কুনিন্দ বংশ। খ্ৰীষ্টপূৰ্ব ২য় শতিকাৰ এই বংশটো প্ৰথমে শৈৱ ধৰ্ম আছিল। কোলাচীত পোৱা অশোকৰ শিলালিপিৰ পৰা এই অঞ্চলত বৌদ্ধ ধৰ্মৰ অস্তিত্ব আছিল বুলি বুজা যায়। মধ্যযুগীয় কালত এই অঞ্চলটো কুমাউন ৰাজ্য আৰু গড়ৱাল ৰাজ্যৰ অন্তৰ্গত আছিল। ১৮০৩ চনত এই ৰাজ্য নেপালৰ গোৰ্খা সাম্ৰাজ্যৰ অধীনলৈ আহে। ১৮১৬ চনত এংলো-নেপালী যুদ্ধৰ পিছত বৰ্তমানৰ উত্তৰাখণ্ডৰ অধিকাংশ অঞ্চল চুগৌলি সন্ধিৰ অধীনত ব্ৰিটিছ ভাৰতৰ লগত সংযুক্ত হৈছিল। যদিও পূৰ্বৰ গড়ৱাল আৰু কুমাউন আৰু গড়োৱাল ৰাজ্য দুখন প্ৰতিদ্বন্দ্বী ৰাজ্য আছিল, তথাপিও চুবুৰীয়া বিভিন্ন জনগোষ্ঠীৰ অৱস্থান আৰু পাৰস্পৰিক ভৌগোলিক, অৰ্থনৈতিক, সাংস্কৃতিক, ভাষিক আৰু পৰম্পৰাগত সাদৃশ্যৰ বাবে দুয়োটা অঞ্চলৰ মাজত যি ঐক্য গঢ় লৈ উঠিছিল, সেই ঐক্যই এক বিশেষ গতি প্ৰদান কৰিছিল নব্বৈৰ দশকত উত্তৰাখণ্ড আন্দোলন।

উত্তৰাখণ্ডৰ বাসিন্দাসকলক উত্তৰাখণ্ডী বুলি কোৱা হয়। বিশেষভাৱে অঞ্চলভিত্তিক উত্তৰাখণ্ডৰ বাসিন্দাসকলক দুটা ভাগত বিভক্ত কৰা হৈছে – গড়োৱালী আৰু কুমাউনী। ২০১১ চনৰ লোকপিয়ল অনুসৰি এই ৰাজ্যৰ জনসংখ্যা ১০,১১৬,৭৫২। জনসংখ্যাৰ হিচাপত ই ভাৰতৰ ১৯ নং সৰ্বাধিক জনবহুল ৰাজ্য। এই ৰাজ্যৰ জনসংখ্যাৰ এক বৃহৎ অংশ ৰাজপুত আৰু ব্ৰাহ্মণ। ৰাজ্যখনৰ ৮৫% লোক হিন্দু। ৰাজ্যৰ দ্বিতীয় বৃহত্তম ধৰ্মীয় গোট মুছলমান। লগতে শিখ, খ্ৰীষ্টান, বৌদ্ধ আৰু জৈনসকলো এই ৰাজ্যত বাস কৰে। গড়োৱালী আৰু কুমাউনী ভাষা আৰু অন্যান্য পাহাৰীয়া উপভাষা ৰাজ্যখনৰ প্ৰধান আঞ্চলিক ভাষা। এই ৰাজ্যৰ আটাইতকৈ বেছি কথিত ভাষা হিন্দী। উত্তৰাখণ্ড ভাৰতৰ একমাত্ৰ ৰাজ্য য'ত সংস্কৃত ভাষাকো চৰকাৰী ভাষাৰ মৰ্যাদা হৈছে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Uttarakhand. Oxford University Press
  2. ↑ Define Uttarakhand at Dictionary.com. Dictionary.com
  3. ↑ Definition of 'Uttarakhand'. Collins English Dictionary

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাজ্যপোখালি (ভাৰত)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উত্তৰাখণ্ড” প্ৰবন্ধৰ সংশোধন ৬১৪৫৯৪ (২৬ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।