অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

হিমাচল প্ৰদেশ

হিমাচল প্ৰদেশ (হিন্দী: हिमाचल प्रदेश, পঞ্জাবী: ਹਿਮਾਚਲ ਪ੍ਰਦੇਸ਼) উত্তৰ ভাৰতৰ এখন ক্ষুদ্ৰকায় ৰাজ্য। এই ৰাজ্যখনৰ আয়তন ২১,৪৯৫ বৰ্গমাইল (৫৫,৬৭২ বৰ্গকিলোমিটাৰ)।

হালনাগাদ: ১৬ ডিচেম্বৰ ২০২৪ ২৯৪ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

হিমাচল প্ৰদেশ (হিন্দী: हिमाचल प्रदेश, পঞ্জাবী: ਹਿਮਾਚਲ ਪ੍ਰਦੇਸ਼) উত্তৰ ভাৰতৰ এখন ক্ষুদ্ৰকায় ৰাজ্য। এই ৰাজ্যখনৰ আয়তন ২১,৪৯৫ বৰ্গমাইল (৫৫,৬৭২ বৰ্গকিলোমিটাৰ)।১ হিমাচল প্ৰদেশৰ উত্তৰ সীমাত জম্মু আৰু কাশ্মীৰ ৰাজ্য; পশ্চিম আৰু দক্ষিণ পশ্চিম দিশত পঞ্জাব ৰাজ্য; দক্ষিণে হাৰিয়ানা আৰু উত্তৰ প্ৰদেশ ৰাজ্য; দক্ষিণ-পূৱ দিশত উত্তৰাখণ্ড ৰাজ্য আৰু পূৱত তিব্বত স্বায়ত্তশাসিত অঞ্চল অৱস্থিত। হিমাচল প্ৰদেশ শব্দটোৰ আক্ষৰিক অৰ্থ তুষাৰাবৃত পৰ্বতসংকুল অঞ্চল।২

হিমাচল প্ৰদেশ ১২ খন জিলাত বিভক্ত আৰু চৰকাৰী ভাষা হিন্দী।

অৰ্থনীতি

ভাৰতৰ বাকী অংশৰ লগতে ১৯৫১ চনত হিমাচল প্ৰদেশতো প্ৰথম পাঁচ বছৰীয়া পৰিকল্পনা কাৰ্যকৰী হোৱাৰ লগে লগে পৰিকল্পনা আৰম্ভ হয়। জিডিপি অনুযায়ী হিমাচল প্ৰদেশ ভাৰতৰ ২২ নং বৃহত্তম ৰাজ্যিক অৰ্থনীতি আৰু ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত ইয়াৰ জনমূৰি আয় ১৩তম স্থানত আছে।৩

পৰ্যটন

অৰ্থনীতি আৰু বৃদ্ধিৰ ক্ষেত্ৰত হিমাচল প্ৰদেশৰ পৰ্যটনৰ প্ৰধান অৰিহণা। হিমালয় বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকক আকৰ্ষণ কৰে। শিমলা, মানালী, ধৰ্মশালা, ডালহাউছি, চাম্বা, খজ্জিয়াৰ, কুল্লু আৰু কাছাউলীৰ দৰে পাহাৰীয়া ষ্টেচনসমূহ দেশী-বিদেশী উভয় পৰ্যটকৰ বাবে জনপ্ৰিয় স্থান।৪

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Statistical Facts about India. www.indianmirror.com
  2. ↑ Literal meaning of Himachal Pradesh. www.himachalpradesh.us
  3. ↑ Statewise Domestic Product
  4. ↑ Himachal Tourism

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাজ্যপোখালি (ভাৰত)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিমাচল প্ৰদেশ” প্ৰবন্ধৰ সংশোধন ৪৫৫৮০০ (১৬ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।