অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ডিডি বাংলা

ডি ডি বাংলা (DD Bangla, DD7 নামেও জনা যায়) হৈছে ভাৰত চৰকাৰৰদ্বাৰা প্ৰচাৰিত তথা দূৰদৰ্শনৰদ্বাৰা পৰিচালিত বাংলা ভাষাৰ ফ্ৰি টু এয়াৰ চেনেল। এই চেনেলটো ২০ আগষ্ট ১৯৯২ তাৰিখে প্ৰতিষ্ঠিত কৰা হৈছিল। ই ৯ আগষ্ট ১৯৭৫ তাৰিখে স্থাপিত দূৰদৰ্শন কেন্দ্ৰ কলিকতাৰ উত্তৰসূৰী।

হালনাগাদ: ১ ডিচেম্বৰ ২০২৫ ২৯৯ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ডি ডি বাংলা (DD Bangla, DD7 নামেও জনা যায়)১ হৈছে ভাৰত চৰকাৰৰদ্বাৰা প্ৰচাৰিত তথা দূৰদৰ্শনৰদ্বাৰা পৰিচালিত বঙালী ভাষা ভাষাৰ ফ্ৰি টু এয়াৰ চেনেল। এই চেনেলটো ২০ আগষ্ট ১৯৯২ তাৰিখে প্ৰতিষ্ঠিত কৰা হৈছিল। ই ৯ আগষ্ট ১৯৭৫ তাৰিখে স্থাপিত দূৰদৰ্শন কেন্দ্ৰ কলিকতাৰ উত্তৰসূৰী। চেনেলটোৱে কলিকতাৰ শান্তিনিকেতন আৰু জালপাইগুৰিৰপৰা কাৰ্য প্ৰচাৰিত কৰে আৰু কলিকতাৰ গ'ল্ফ গ্ৰীনত ইয়াৰ মুখ্য কাৰ্যালয় অৱস্থিত।

ইতিহাস

দূৰদৰ্শনৰ পূৰ্ব ভাৰতত প্ৰথম টেলিভিজন ষ্টেচনটো ৯ আগষ্ট ১৯৭৫ তাৰিখে কলিকাতাত ভিএচএফ বেণ্ডৰ চেনেল ৪–ত স্থাপন কৰিছিল।২ প্ৰথম উপস্থাপিকা আছিল শৰ্মিষ্ঠা দাসগুপ্ত।৩ সেই বছৰেই কলিকতাৰ উপৰি দিল্লী, বোম্বে, অমৃতসৰ, লক্ষ্ণৌ, মাদ্ৰাজ আৰু শ্ৰীনগৰত টেলিভিজন সেৱা উপলব্ধ আছিল।৪ মূলতঃ এই কেন্দ্ৰ ১৯৭৩–৭৪ চনতেই কাৰ্যক্ষম হ'ব বুলি ধাৰণা কৰা হৈছিল।৫

দূৰদৰ্শন কেন্দ্ৰ কলিকতা হৈছে বিশ্বৰ তৃতীয়টো বাংলা ভাষাৰ টেলিভিজন ষ্টেচন (১৯৬৪ আৰু ১৯৭৪ চনত প্ৰতিষ্ঠিত ঢাকা আৰু নাটোৰৰ বাংলাদেশ টেলিভিছনৰ পিছত),৬ লগতে ভাৰতৰ প্ৰথম বাংলা ভাষাৰ টেলিভিছন প্লেটফৰ্ম। প্ৰাথমিক প্ৰচাৰণসমূহ আকাশবাণী ভবন, কলিকতাৰপৰা আৰম্ভ হৈছিল। পাছত কেন্দ্ৰটোৰ মুখ্য কাৰ্যালয় টোলিগঞ্জৰ ৰাধা ফিল্ম ষ্টুডিঅ'লৈ স্থানান্তৰ কৰা হয়। ১ জুলাই ১৯৮৬ তাৰিখে পুনৰ স্থানান্তৰ কৰি গ'ল্ফ গ্ৰীন অঞ্চলৰ “টেলিভিচন চেণ্টাৰ” নামৰ নতুন ভবনলৈ নিয়াৰ হৈছিল।৩৭

৬ জুন ১৯৮৩ তাৰিখে ৰঙীন প্ৰচাৰণ আৰম্ভ কৰা হয়।৮ ১৯৮৭ চনৰ ৩০ অক্টোবৰ তাৰিখে দূৰদৰ্শন কলিকতাই বঙালী কবি সুকুমাৰ ৰায়ৰ ওপৰত তেওঁৰ পুত্ৰ সত্যজিৎ ৰায় আৰু পশ্চিমবঙ্গ চৰকাৰৰ সহকাৰ্যত নিৰ্মিত এখন তথ্যচিত্ৰ প্ৰচাৰ কৰে।৯ লগতে ১৯৮৮ চনৰ ৪ ছেপ্টেম্বৰ তাৰিখে কেন্দ্ৰটোৱে ৰাতিপুৱাৰ সময়তো প্ৰচাৰণ আৰম্ভ কৰে। দূৰদৰ্শন কলিকতাক ১৯৯২ চনৰ ২০ আগষ্ট তাৰিখে পুনঃব্ৰ্যাণ্ড কৰি “ডিডি বাংলা” নাম দিয়া হয়।৮ সেইদিনাই আঞ্চলিক ভাষা উপগ্ৰহ সেৱা আৰম্ভ হয়, যাৰ ফলত ডিডি বাংলা কেবল আৰু উপগ্ৰহ টেলিভিজনত উপলব্ধ হয়।১০

১৯৯৬ চনৰ ৮ ছেপ্টেম্বৰ তাৰিখে শান্তিনিকেতনত আৰু ১৯৯৮ চনৰ ২৪ ছেপ্টেম্বৰ তাৰিখে জলপাইগুৰিত নতুন টেলিভিচন ষ্টেচন স্থাপন কৰা হয়।১১ ২০০১ চনত ষ্টুডিঅ'সমূহ ডিজিটেলাইজ কৰাৰ পাছত, দূৰদৰ্শন কেন্দ্ৰ কলিকতাই ২০০৩ চনৰ জানুৱাৰী মাহলৈকে ডিজিটেল টেৰেষ্ট্ৰিয়েল প্ৰচাৰণ আৰম্ভ কৰে। ২০০৪ চনৰ এপ্ৰিল মাহত ডিজিটেল ছেটেলাইট আপ্‌লিংকিং আৰম্ভ হয়।১০ উচ্চ-সংজ্ঞা (HD) প্ৰচাৰণ ১৫ এপ্ৰিল ২০১৩ তাৰিখে আৰম্ভ হয়।৮

কাৰ্যসূচী

ডিডি বাংলা চেনেলটোৰ কাৰ্যসূচীৰ অন্তৰ্ভুক্ত হৈছে ধাৰাবাহিক, তথ্য-বিনোদনমূলক অনুষ্ঠান, সংবাদ আৰু সমসাময়িক বিষয়, সামাজিক অনুষ্ঠান আৰু চলচ্চিত্ৰ। চেনেলটোৱে প্ৰধানকৈ বঙালী ভাষাত অনুষ্ঠান প্ৰস্তুত কৰে, লগতে সহায়ক ভাষা হিচাপে হিন্দী ভাষা, নেপালী ভাষা, চাঁওতালি ভাষা আৰু উৰ্দু ভাষা ভাষাতো কাৰ্যসূচী প্ৰসাৰণ কৰে।১২

চেনেলটোৱে প্ৰসাৰণ কৰা উল্লেখযোগ্য অনুষ্ঠানসমূহৰ ভিতৰত আছে – বিবাহ অভিযান, কেমেৰা চলছে, ৰং-তামাশা, এতো সুৰ আৰ এতো গান, মাধ্যমিক ক্লাছেছ আদিৰ লগতে আন বহুতো অনুষ্ঠান।১৩১৪

তথ্যসূত্ৰ

  1. ↑ (27 July 2000). DD7 BREAKS FREE OF CABLE SHACKLES. The Telegraph
  2. ↑ (1977). Television Factbook. পৃ. 1109-b
  3. ↑ Mira K. Desai. (2021). Regional Language Television in India: Profiles and Perspectives. Taylor & Francis. পৃ. 243. ISBN 9781000470086
  4. ↑ Thorpe, Edgar; Thorpe, Showick. (2008). Pearson General Knowledge Manual 2009. Pearson Education. পৃ. 3.272. ISBN 9788131723005
  5. ↑ (1972). Television Factbook. পৃ. 1076
  6. ↑ Al Faruk, Abdullah. (2 June 2019). bn:বাংলাদেশে টেলিভিশনেৰ অগ্ৰযাত্ৰাৰ কথা. Techtunes
  7. ↑ (2019). Know Your State West Bengal. Arihant Publications India Limited. পৃ. 122. ISBN 9789313198017
  8. ↑ Dr. Paramveer Singh. (2021). Indian Silver Screen. K.K. Publications. পৃ. 41
  9. ↑ Ray, Bibekananda. Conscience of The Race. Publications Division Ministry of Information & Broadcasting. পৃ. 54. ISBN 9788123026619
  10. ↑ Mira K. Desai. (2021). Regional Language Television in India: Profiles and Perspectives. Taylor & Francis. পৃ. 251. ISBN 9781000470086
  11. ↑ Datta, Amal. (2007). Effects Of Television And The Viewers. Mittal Publications. পৃ. 39. ISBN 9788183241823
  12. ↑ Dr. Paramveer Singh. (2021). Indian Silver Screen. K.K. Publications. পৃ. 61
  13. ↑ (3 April 2020). Madhyamik classes on DD Bangla. www.telegraphindia.com. The Telegraph
  14. ↑ (4 April 2020). West Bengal govt announces virtual classes for students of class 9 to 12. Hindustantimes.com

সম্পৰ্কিত শ্ৰেণী

দূৰদৰ্শন কেন্দ্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিডি বাংলা” প্ৰবন্ধৰ সংশোধন ৫৫৯৭৫৫ (১ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।