অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

সংগীত নাটক একাডেমী

সংগীত নাটক একাডেমী বা ৰাষ্ট্ৰীয় সংগীত, নৃত্য আৰু নাটক একাডেমী ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত ভাৰতীয় সংগীত, নাটক আৰু নৃত্যৰ বিকাশ আৰু প্ৰচাৰৰ উদ্দেশ্যে স্থাপন কৰা এখন চৰকাৰী সন্থা। ইয়াৰ মুখ্য কাৰ্যালয় দিল্লীৰ ফিৰোজশ্বাহ মাৰ্গৰ ৰবীন্দ্ৰ ভৱনত অৱস্থিত।

হালনাগাদ: ১৭ মাৰ্চ ২০২০ ২২৬ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

সংগীত নাটক একাডেমী বা ৰাষ্ট্ৰীয় সংগীত, নৃত্য আৰু নাটক একাডেমী ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত ভাৰতীয় সংগীত, নাটক আৰু নৃত্যৰ বিকাশ আৰু প্ৰচাৰৰ উদ্দেশ্যে স্থাপন কৰা এখন চৰকাৰী সন্থা। ইয়াৰ মুখ্য কাৰ্যালয় দিল্লীৰ ফিৰোজশ্বাহ মাৰ্গৰ ৰবীন্দ্ৰ ভৱনত অৱস্থিত।

ইতিহাস

১৯৫২ চনৰ ৩১ মে' তাৰিখে ভাৰতৰ শিক্ষা মন্ত্ৰণালয়ৰ সহযোগত সংগীত নাটক একাডেমী প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ প্ৰথম নিৰ্দেশক আছিল ডঃ পি. ভি. ৰাজমান্নাৰ। ১৯৫৩ চনৰ ২৮ জানুৱাৰী তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদে সংসদ ভৱনত আয়োজিত এক বিশেষ কাৰ্যসূচীৰ জৰিয়তে আনুষ্ঠানিক ভাৱে ইয়াক উদ্বোধন কৰে। একাডেমী খনে সংগীত নাটক একাডেমী ফেল'শ্বিপ আৰু বঁটা আগবঢ়ায়।

কাৰ্য

একাডেমী খনে দেশৰ পৰিবেশ্য কলা অৰ্থাৎ সংগীত, নৃত্য আৰু নাটকৰ শীৰ্ষ অনুষ্ঠান হিচাপে কাৰ্য কৰে। ভাৰতীয় পৰিবেশ্য কলাৰ বিকাশ আৰু প্ৰচাৰ ইয়াৰ অন্যতম প্ৰধান লক্ষ্য। ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ স্বৰূপ পৰিবেশ্য কলাৰ মাধ্যমৰে প্ৰচাৰ কৰা হয়। ই দেশে বিদেশে নানা অনুষ্ঠান আৰু কাৰ্যসূচী আয়োজিত কৰে। লগতে চৰকাৰৰ লগত লগ লাগি পৰিবেশ্য কলাৰ উন্নতিৰ হকে কাম কৰে।

সংগীত নাটক একাডেমীয়ে প্ৰতিষ্ঠা কৰা কেইখন মান অনুষ্ঠান হ'ল,

  • মণিপুৰী নৃত্য একাডেমী, ইম্ফাল১
  • সত্ৰীয়া নৃত্য কেন্দ্ৰ
  • কথক কেন্দ্ৰ (ৰাষ্ট্ৰীয় কথক নৃত্য প্ৰতিষ্ঠান, নতুন দিল্লী)
  • ৰবীন্দ্ৰ ৰংশাল কেন্দ্ৰ ২
  • কুটিয়াট্টম কেন্দ্ৰ, তিৰুঅনন্তপুৰম
  • ছাউ কেন্দ্ৰ, বাড়িপাৰা, জামছেদপূৰ
  • উত্তৰ-পূব কেন্দ্ৰ

লগতে একাডেমী খনে

  • নাটক, সংগীত আৰু নৃত্য পৰিবেশন আৰু শিক্ষণত আৰ্থিক সাহায্য প্ৰদান কৰে
  • পৰিবেশ্য কলাৰ গৱেষণা, তথ্য চিত্ৰ আৰু প্ৰকাশৰ বাবে পুঁজিৰ যোগান ধৰে
  • সভা, সমিতি, আলোচনা চক্ৰৰ আয়োজন কৰে
  • পৰিবেশ্য কলাৰ ইলেকট্ৰনিক মাধ্যমত সংৰক্ষণ কৰে
  • চৰকাৰক বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায়

তথ্যসূত্ৰ

  1. ↑ Institutions of the Sangeet Natak Akademi. SNA
  2. ↑ Centres of the Akademi. SNA

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ চৰকাৰী সংস্থা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সংগীত নাটক একাডেমী” প্ৰবন্ধৰ সংশোধন ২১৬৭১৪ (১৭ মাৰ্চ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।