অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

মাৰাঠী ভাষা

মাৰাঠী (মাৰাঠীত: मराठी (মৰাঠী)) এটি ইণ্ডো-আৰ্য্য ভাষা। ভাৰতৰ পশ্চিমাঞ্চলীয় মহাৰাষ্ট্ৰ ৰাজ্যৰ প্ৰায় ৭ কোটি অধিবাসীয়ে এই ভাষাত কথা পাতে। মহাৰাষ্ট্ৰৰ বাহিৰতো প্ৰায় ৩০ লাখ মানুহে এই ভাষাত কথা পাতে। ভাষাভাষী সংখ্যাৰ বিচাৰত ভাৰতৰ ভাষাবিলাকৰ ভিতৰত মাৰাঠী চতুৰ্থ।

হালনাগাদ: ২৮ জানুৱাৰী ২০২৬ ১২৬ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

মাৰাঠী (মাৰাঠীত: मराठी (মৰাঠী)) এটি ইণ্ডো-আৰ্য্য ভাষা। ভাৰতৰ পশ্চিমাঞ্চলীয় মহাৰাষ্ট্ৰ ৰাজ্যৰ প্ৰায় ৭ কোটি অধিবাসীয়ে এই ভাষাত কথা পাতে। মহাৰাষ্ট্ৰৰ বাহিৰতো প্ৰায় ৩০ লাখ মানুহে এই ভাষাত কথা পাতে। ভাষাভাষী সংখ্যাৰ বিচাৰত ভাৰতৰ ভাষাবিলাকৰ ভিতৰত মাৰাঠী চতুৰ্থ। ১

ভাৰতৰ বাহিৰেও ইজৰাইল আৰু মৰিচাছত এই ভাষা প্ৰচলিত। মাৰাঠী সংস্কৃত ভাষাৰ পৰা মহাৰাষ্ট্ৰী প্ৰাকৃতৰ মাজেৰে উদ্ভৱ হৈছে। মহাৰাষ্ট্ৰী প্ৰাকৃত ভাষা খ্ৰিষ্ট্ৰীয় ১ম আৰু ২য় দশকত সাতবাহন ৰাজ্যৰ চৰকাৰী ভাষা আছিল। তেতিয়া ইয়ে আছিল ভাৰতৰ আটাইতকৈ বহুল প্ৰচলিত প্ৰাকৃত ভাষা। ১৫শ ও ১৬শ শতিকাত আহি এই ভাষাই বৰ্তমানৰ মাৰাঠীৰ ৰূপ লয়।

মাৰাঠী ভাৰতৰ ২২টা চৰকাৰী স্বীকৃতি প্ৰাপ্ত ভাষাৰ ভিতৰত এটা। ই মহাৰাষ্ট্ৰৰ চৰকাৰী ভাষা। গোৱা ৰাজ্যত কোঙ্কণী ভাষাৰ লগতে মাৰাঠী ভাষাকো চৰকাৰী ভাষাৰ মৰ্যাদা দিয়া হৈছে। মহাৰাষ্ট্ৰৰ দৈনন্দিন যোগাযোগ, শিক্ষা, প্ৰশাসন, ব্যৱসায়, গণমাধ্যম ইত্যাদিত এই ভাষাই প্ৰচলিত।

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Languages in Descending Order of Strength in India: 1991 Census

সম্পৰ্কিত শ্ৰেণী

ভাষাভাৰতৰ ভাষাভাৰতৰ ধ্ৰুপদী ভাষাপোখালি (ভাষা)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰাঠী ভাষা” প্ৰবন্ধৰ সংশোধন ৫৭২১৮১ (২৮ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।