পঞ্জাবী বা পাঞ্জাৱী (ਪੰਜਾਬੀ, پنجابی) ইণ্ডো-ইউৰোপীয় ভাষা পৰিবাৰৰ ইণ্ডো-আৰ্য্য শাখাৰ এটি ভাষা। ই ভাৰতত পঞ্জাব ৰাজ্যৰ প্ৰায় ৩ কোটি মানুহৰ মাতৃভাষা। পশ্চিম পঞ্জাবী বা লাণ্ডা পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ প্ৰায় ৬ কোটি মানুহৰ মাতৃভাষা। ইয়াৰ উপৰিও আফগানিস্তান, বাংলাদেশ, যুক্তৰাজ্য, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাত পঞ্জাবী ভাষাৰ প্ৰচলন আছে। কানাডাত আঢ়ৈ লাখৰো অধিক মানুহে পঞ্জাবী ভাষাত কথা পাতে; সেয়ে ই কানাডাৰ ৬ষ্ঠ বৃহত্তম ভাষা। পূৰ্ৱ পঞ্জাবী ভাষা ভাৰতৰ ২২টা চৰকাৰী ভাষাৰ এটা। ভাৰতৰ পঞ্জাব ৰাজ্যত যোগাযোগ, শিক্ষা, প্ৰশাসন, ব্যৱসায় আৰু গণমাধ্যমত এই ভাষা ব্যবহৃত হয়। পাকিস্তানত পশ্চিম পঞ্জাবী ভাষাৰ কোনো চৰকাৰী স্বীকৃতি নাই। তাৰ পঞ্জাবী ভাষীসকলে মূলত ইংৰাজী আৰু উৰ্দু ভাষাৰ মাধ্যমত প্ৰশাসন, শিক্ষা, গণমাধ্যম আদিৰ কামবিলাক সম্পাদন কৰে। পঞ্জাবী ভাষা শিখ ধৰ্মাবলম্বীসকলৰ ধৰ্মীয় ভাষা। পঞ্জাবী ভাষাৰ মূল লিপি হ'ল- গুৰমুখী লিপি।
ইতিহাস
ব্যুৎপত্তিবিজ্ঞান
পঞ্জাবী শব্দটো (কেতিয়াবা পাঞ্জাবী বুলিও বানান কৰা হয়) পাৰ্চী ভাষাৰ পাঞ্জ-আব শব্দৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ 'পাঁচ প্ৰকাৰৰ পানী', যিয়ে সিন্ধু নদীৰ পাঁচটা প্ৰধান পূব উপনৈক বুজায়। এই অঞ্চলৰ নামটো দক্ষিণ এছিয়াৰ তুৰ্কী-পাৰ্চী বিজয়ীসকলে প্ৰৱৰ্তন কৰিছিল আৰু ই সংস্কৃত নাম পঞ্চনাদৰ অনুবাদ আছিল, যাৰ অৰ্থ হৈছে 'পাঁচখন নদীৰ দেশ'।.১২
পাঞ্জৰ সম্পৰ্ক সংস্কৃত প্যানচা (pénte), গ্ৰীক ভাষাত (πέντε) আৰু লিথুৱেনিয়ান পেংকি, যাৰ সকলোবোৰৰ অৰ্থ 'পাঁচ; āb সংস্কৃত áp (अप्) আৰু Av- ৰ Av-ৰ সৈতে সম্পৰ্কিত। বৰ্তমান ভাৰত আৰু পাকিস্তানৰ মাজত বিভক্ত হোৱা ঐতিহাসিক পঞ্জাব অঞ্চলটোক ভৌতিকভাৱে সিন্ধু নদী আৰু এই পাঁচখন উপনৈৰ দ্বাৰা সংজ্ঞায়িত কৰা হৈছে। পাঁচখনৰ ভিতৰত এখন বিয়াছ নদী, আন এখন ছাটলেজ উপনৈ।
স্বীকৃতি
ভাৰতৰ ২২ টা চৰকাৰী ভাষাৰ ভিতৰত পূব পাঞ্জাবী অন্যতম। ভাৰতৰ পঞ্জাৱ ৰাজ্যত দৈনন্দিন যোগাযোগ, শিক্ষা, প্ৰশাসন, ব্যৱসায়, গণমাধ্যম আদিত এই ভাষা ব্যৱহাৰ কৰা হয়।
পাকিস্তানত পশ্চিম পাঞ্জাবী ভাষাৰ কোনো আনুষ্ঠানিক স্বীকৃতি নাই ৷ ইয়াত পাঞ্জাবী ভাষীসকলে মূলতঃ ইংৰাজী আৰু উৰ্দু ভাষাত প্ৰশাসন, শিক্ষা, সংবাদ মাধ্যমৰ কাম কৰে।
পাঞ্জাবী ভাষা শিখসকলৰ ধৰ্মীয় ভাষা ৷
বাহ্যিক সংযোগ
- English to Punjabi Dictionary
- Proposal to encode ARABIC LETTER NOON WITH RING ABOVE at the Unicode Website
তথ্যসূত্ৰ
- ↑ Sir, Yule, Henry. (13 August 2018). Hobson-Jobson: A glossary of Colloquial Anglo-Indian Words and Phrases, and of Kindred Terms, Etymological, Historical, Geographical and Discursive. dsalsrv02.uchicago.edu
- ↑ Macdonell, Arthur Anthony. (13 August 2018). A Practical Sanskrit Dictionary with Transliteration, Accentuation, and Etymological Analysis Throughout
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পঞ্জাবী ভাষা” প্ৰবন্ধৰ সংশোধন ৬৩২৮১৫ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।