অসম সাহিত্য সভাৰ ত্ৰিসপ্ততিতম (৭৩-তম) অধিৱেশন নগাঁও জিলাৰ কলিয়াবৰ মহকুমাত ৩১ জানুৱাৰী ২০১৫ তাৰিখৰপৰা ৪ ফেব্ৰুৱাৰী ২০১৫ তাৰিখলৈ অনুষ্ঠিত হয়। তেজপুৰৰ পৰা প্ৰায় ২৫ কিঃমিঃ দূৰৈৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ মৌচন্দা পথাৰত অস্থায়ীভাৱে নিৰ্মিত পণ্ডিত আত্মাৰাম শৰ্মা সমন্বয় ক্ষেত্ৰত অধিৱেশন অনুষ্ঠিত হয়।১২ সাহিত্য সভাৰ আনুষ্ঠানিক সভাৰ বাহিৰেও অধিৱেশন স্থলীত গ্ৰন্থ উৎসৱ মেলা, বিজ্ঞান আৰু শিল্প মেলা আৰু বাণিজ্য মেলাও অনুষ্ঠিত কৰা হয়। আদৰণি তোৰণখন সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সোঁৱৰণত নিৰ্মাণ কৰা হয়।
মুখ্য কাৰ্য্যালয়ৰ দ্বাৰ উন্মোচন
অসম সাহিত্য সভাৰ ৭৩তম দ্বি-বাৰ্ষিক কলিয়াবৰ অধিৱেশনৰ আদৰণি সমিতিৰ মুখ্য কাৰ্য্যালয়ৰ দ্বাৰ উন্মোচন ২ অক্টোবৰ, ২০১৩ তাৰিখ বুধবাৰে কলিয়াবৰ শাখা সাহিত্য সভা ভৱন প্ৰাঙ্গণ, কুঁৱৰীটোলত অনুষ্ঠিত হয়।৩ মুখ্য কাৰ্য্যালয়ৰ দ্বাৰ উন্মাোচন কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক প্ৰহ্লাদ তাচাই।
লাইখুঁটা স্থাপন
২০১৪ চনৰ ৪ ডিচেম্বৰৰ দিনা বিদায়ী সভাপতি ইমৰাণ শ্বাহে কলিয়াবৰ অধিৱেশনৰ মূল মণ্ডপৰ লাইখুঁটাভাগ স্থাপন কৰে। এই অনুষ্ঠানত মন্ত্ৰী ৰকিবুল হুচেইন, অসম সাহিত্য সভাৰ সম্পাদক প্ৰহ্লাদ চন্দ্ৰ তাছা, নগাঁও জিলাৰ উপায়ুক্ত মনালিছা গোস্বামী আৰু কলিয়াবৰৰ মহকুমাধিপতি মধুমিতা ভাগৱতী উপস্থিত আছিল।
অধিৱেশন স্থলী
অধিৱেশন স্থলীৰ ঐতিহ্যমণ্ডিত কলিয়াবৰ ক্ষেত্ৰ শীৰ্ষক প্ৰদৰ্শনস্থলীত কলিয়াবৰ অঞ্চলৰ প্ৰাচীন মঠ, মন্দিৰ, দেৱালয়, বুৰঞ্জীপ্ৰসিদ্ধ কীৰ্তিচিহ্ন আদিৰ চিন সন্নিৱিষ্ট কৰা হৈছে। আহোম ৰাজত্বৰ বৰতোপ, বড়ো জনগোষ্ঠী-কাৰ্বি জনগোষ্ঠী-অসমৰ চাহ জনগোষ্ঠীৰ বাসগৃহ, বাঘ ধৰা দৃশ্য, শংকৰদেৱ, ড॰ ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাৰ মূৰ্তিকে আদি কৰি বিভিন্ন সামগ্ৰীৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হয়।
কাৰ্যসূচী
৩১ জানুৱাৰী ২০১৫
অসম সাহিত্য সভাৰ ৭৩ সংখ্যক কলিয়াবৰ অধিৱেশন ২০১৫ চনৰ ৩১ জানুৱাৰী শনিবাৰৰ পৰা আৰম্ভ হয়। মূল সভাস্থলী পণ্ডিত আত্মাৰাম শৰ্মা সমন্বয় ক্ষেত্ৰৰ পৰা সাত কিলোমিটাৰ দূৰত্বত জখলাবন্ধাৰ নাগশংকৰৰ ড॰ টি আও ষ্টেডিয়ামত প্ৰায় তিনি ঘণ্টাজোৰা কাৰ্যসূচীৰে সভাৰ পাঁচদিনীয়া অধিৱেশনৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়।৪ সন্ধিয়া ছয় বজাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙে অনুষ্ঠানৰ উদ্বোধন কৰে। অনুষ্ঠানত সভাৰ সভাপতি ইমৰান শ্বাহ, মন্ত্ৰী ৰকিবুল হুছেইন আৰু সভাৰ উপ-সভাপতি ড॰ পৰমান্দ ৰাজবংশীকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল। কলিয়াবৰৰ বিধায়ক তথা আদৰণী সমিতিৰ সভাপতি কেশৱ মহন্তই উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰিছিল।৪ সাংস্কৃতিক অনুষ্ঠানত অসমৰ জাতীয় সমস্যা, জাতীয় ঐক্য আৰু সভাৰ জন্মৰ পৰা বৰ্তমানলৈকে ভিন্ন পদক্ষেপৰ বিষয়ে সংগীতালেখ্যৰ মাজেৰে গীত-নাচ পৰিৱেশন কৰা হয়।
ৰুদ্ৰকান্ত গোস্বামী সোঁৱৰণি গ্ৰন্থ উৎসৱৰ দ্বাৰ মুকলি কৰে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ কন্দৰ্প কুমাৰ ডেকাই।৫ গড়কপ্তানী মন্ত্ৰী অজন্তা নেওগে প্ৰদৰ্শনীৰ দ্বাৰ আৰু বাণিজ্য মেলাৰ দ্বাৰ মুকলি কৰে। তিনি শতাধিক বাণিজ্য মেলাৰ বিপনীয়ে অংশ লোৱা মেলাখন স্থানীয় বিশিষ্ট কৰ্মী চোহনমল জৈনৰ নামত উৎসৰ্গিত কৰা হৈছে। বিদায়ী সভাপতি ইমৰান শ্বাহে সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱা সোঁৱৰণি মূল মঞ্চ আৰু কলিয়াবৰ শাখা সাহিত্য সভাৰ সম্পাদক যোগেশ্বৰ বৰা সোঁৱৰণি মূল মণ্ডপ উদ্ঘাটন কৰে। সমন্বয় ক্ষেত্ৰস্থিত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সোঁৱৰণি মূল তোৰণ উদ্ঘাটন কৰে তেজপুৰ বিশ্বাবিদ্যালয়ৰ উপাচাৰ্য ড॰ মিহিৰকান্ত চৌধুৰীয়ে।৫
১ ফেব্ৰুৱাৰী ২০১৫
শনিবাৰৰ পুৱাৰ পৰা অধিৱেশনস্থলীত দ্বাৰ মুকলি পৰ্ব আৰম্ভ হয়। পুৱাৰে পৰা পদ্মনাথ গোহাঞিবৰুৱা মূল মঞ্চত শতাধিক গ্ৰন্থ উন্মোচন কৰা হয়। পুৱা আদৰণী সমিতিৰ দ্বাৰা প্ৰকাশিত আৰু অন্যান্য গ্ৰন্থ উন্মোচন কৰা হয়।৬ দুপৰীয়া অসম সাহিত্য উৎসৱত অসমৰ বিভিন্ন প্ৰান্তৰ লেখক-লেখিকাৰ গ্ৰন্থ উন্মোচন কৰা হয়। তাৰ পিছতে মূল মঞ্চত “অসমৰ ৰাজ্যসভা আৰু খিলঞ্জীয়া মাতৃভাষা, অস্তিত্বৰ সংকট আৰু ভৱিষ্যত” শীৰ্ষক বিষয়ত এখন আলোচনা সভা অনিষ্ঠিত হয়। এই সভাত অসমৰ বিভিন্ন জনগোষ্ঠীয় সাহিত্য সভা আৰু জাতীয় সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি নিজৰ নিজৰ মন্তব্য আগবঢ়ায়। সমন্বয় ক্ষেত্ৰৰ গ্ৰন্থমেলাস্থলীত পুৱা কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিয়লি বেলা কুঁৱৰীটোলৰ কলিয়াবৰ মুক্তিযুঁজাৰু ভৱন প্ৰাংগণত সাহিত্য সভাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। দিনৰ ভাগত অধিবেশনস্থলীত জনগোষ্ঠীয় গীত-নৃত্যৰ অনুষ্ঠানৰ আয়োজন কৰা হয়।৬
২ ফেব্ৰুৱাৰী ২০১৫
অসম সাহিত্য সভাৰ কলিয়াবৰ অধিৱেশনৰ তৃতীয় দিনা সাহিত্য সভাৰ পতাকা উত্তোলন কৰে বিদায়ী সভাপতি ইমৰান শ্বাহে।৭ মূল পতাকা উত্তোলন কৰাৰ লগতে বৃত্তাকাৰে স্থাপন কৰা ক্ষেত্ৰত ৭৩খন পতাকা উত্তোলন কৰা হয়। দুপৰীয়া পদ্মনাথ গোহাঞিবৰুৱা সোঁৱৰণী মঞ্চত অনুষ্ঠিত হয় নবীন লেখক-শিল্পীৰ অন্তৰংগ অনুষ্ঠান ৰামধেনু। কেইবাকুৰি নবীন লেখক-শিল্পীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটো সঞ্চালনা কৰে বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে। প্ৰায় চাৰি ঘণ্টা ধৰি চলা এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, শিল্পী জীনা ৰাজকুমাৰী, অভিনেতা নয়ন নীলিম, ৰশ্মি শইকীয়া ভূঞা আদিয়ে।৭
৩ ফেব্ৰুৱাৰী ২০১৫
অসমৰ কৃষ্টি-সংস্কৃতিৰ প্ৰকাশ আৰু বিভিন্ন জনগোষ্ঠীয় গীত-নৃত্যৰ সমাহাৰেৰে অসম সাহিত্য সভাৰ ৭৩ সংখ্যক অধিৱেশন উপলক্ষে কুঁৱৰীটোল খেলপথাৰৰ পৰা মৌচন্দা পথাৰৰ পণ্ডিত আত্মাৰাম শৰ্মা সমন্বয় ক্ষেত্ৰলৈ বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।৮ এই শোভাযাত্ৰা উদ্বোধন কৰে প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাই। নৱনিৰ্বাচিত সভাপতি ধ্ৰুৱজ্যোতি বৰা এখন সুসজ্জিত ময়ূৰপংখী ৰথত উঠি বৰপীৰাত বহি হেম বৰুৱা সোঁৱৰণী মুকলি অধিৱেশনৰ মুকলি মঞ্চলৈ আহে। সভাপতিৰ লগত আছিল কলিয়াবৰ অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতি কেশৱ মহন্ত।৯ ৭৩ জন গায়ন-বায়ন, বিয়ানাম গাই ৭৩ গৰাকী কাষত কলহ লৈ আয়তী, এটা নামঘৰৰ আৰ্হিৰ সন্মুখত গায়ন-বায়নসহ ‘কেলি গোপাল’ নাট পৰিৱেশন কৰি যোৱা এটা পূৰ্ণাংগ ভাওনাৰ দল, শান্তিৰ বাণীৰে হাতত গোলক আৰু পাৰ চৰাই, ৭৩টা শিশু চেমনীয়া, ভোৰতাল নৃত্যৰ দল, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ আৰ্হিত ৭৩ গৰাকী আইতাই সাধু কৈ যোৱা, মুগা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)ৰ সাজ পিন্ধি হাতত ৭৩ গৰাকী যুৱতী, বৰপেটাৰ ম'হখেদা নৃত্য, বড়ো জনগোষ্ঠীয় নৃত্য দল, ৰাভা জনগোষ্ঠী জনগোষ্ঠীয় নৃত্য দল, মিচিং জনগোষ্ঠী জনগোষ্ঠীয় নৃত্য দল, নেপালী ভাষা জনগোষ্ঠীয় নৃত্য দল, চাহ জনগোষ্ঠীয় নৃত্য দল, ৰাজস্থানী লোক-সংস্কৃতি দলে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিল।৯ অধিৱেশনৰ চতুৰ্থ দিনা বিয়লি অনুষ্ঠিত হেম বৰুৱা সোঁৱৰণী প্ৰথম মুকলি অধিৱেশনত নৱনিৰ্বাচিত সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাই বিদায়ী সভাপতি ইমৰান শ্বাহৰ পৰা আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে।১০ মুকলি সভা উদ্বোধন কৰে অৰুণাচল প্ৰদেশৰ বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিয়ে। অধিৱেশনত প্ৰাক্তন সভাপতি সাহিত্যাচাৰ্য মহিম বৰা, ৰংবং তেৰাং, সাহিত্য সভাৰ বিদায়ী প্ৰধান সম্পাদক প্ৰহ্লাদ তাছা, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত উপস্থিত আছিল।১১
৪ ফেব্ৰুৱাৰী ২০১৫
অসম সাহিত্য সভাৰ ৭৩ শংখ্যক কলিয়াবৰ অধিৱেশনৰ অন্তিম দিনা মহেশ্বৰ নেওগ সোঁৱৰণী দ্বিতীয় মুকলি অধিৱেশন অনুষ্ঠিত হয়। আৰম্ভণিতে ৭৩ গৰাকী যুৱতীয়ে সমৱেত কণ্ঠত ‘চিৰ চেনেহী মোৰ ভাষা জননী...’ গীতটো পৰৱেশন কৰে। নৱনিৰ্বাচিত সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অংশগ্ৰহণ কৰে। এই সভাত বিদায়ী সভাপতি ইমৰান শ্বাহ, সাংসদ গৌৰৱ গগৈ, মন্ত্ৰী ৰকিবুল হুচেইন, ৰাজ্যসভাৰ সাংসদ নাজনীন ফাৰুক, সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি কনক চন্দ্ৰ শৰ্মা উপস্থিত আছিল। সভাপতিৰ আহ্বান ক্ৰমে সম্পাদক ড॰ পৰমানন্দ ৰাজবংশীয়ে মুখ্যমন্ত্ৰীৰ সন্মুখত কেইটামান আৰ্জি ৰাখে। উক্ত আৰ্জি মতে, ২০১৭ চনত শিৱসাগৰত অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ শতবৰ্ষৰ অধিৱেশনৰ পূৰ্বে অসমৰ কলা-সংস্কৃতিৰ বাবে এটা আৰ্কাইভ মুকলি কৰা, সাহিত্য সভাৰ জিলা কাৰ্যালয়সমূহত শতবৰ্ষ ভৱন নিৰ্মাণৰ ব্যৱস্থা কৰা, জাতীয় পুথিভঁৰাল নিৰ্মাণৰ বাবে গুৱাহাটীৰ চচলত থকা ৫০ বিঘা মাটিত ব্যৱস্থা গ্ৰহণ কৰা, ড॰ ভূপেন হাজৰিকা-মামণি ৰয়ছম গোস্বামী বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা, ৰাজ্যভাষা আইন সৰ্বস্তৰত বলৱৎ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনায়।
বঁটা
অন্তিম দিনা বিয়লি অনুষ্ঠিত দ্বিতীয় মুকলি অধিৱেশনত অসম সাহিত্য সভাৰ বিভিন্ন বঁটাসমূহ প্ৰদান কৰা হয়।
- অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা: গুণকান্ত বৰুৱা - ‘আং ডাইনী নঙা’ গ্ৰন্থৰ বাবে
- বাসন্তী বৰদলৈ বঁটা: মঞ্জু দত্ত বৰুৱা - ‘নাৰী: শৌৰ্য-বীৰ্য’ গ্ৰন্থৰ বাবে
- সীতানাথ ৰয়চৌধুৰী বঁটা: চাও লোকেশ্বৰ গগৈ - ‘অসমৰ লোক-সংস্কৃতি’ গ্ৰন্থৰ বাবে
- ভাৰত চন্দ্ৰ বৰুৱা বঁটা: ড॰ আনন্দ বৰমুদৈ - ‘যুগনায়ক শংকৰদেৱ: সংগ্ৰহণ আৰু আত্মীকৰণ’ গ্ৰন্থৰ বাবে
- বিষ্ণুপ্ৰসাদ ৰাভা বঁটা: ৰুমী লস্কৰ বৰা - ‘ডম্ফু’ গ্ৰন্থৰ বাবে
- হেম বৰুৱা সাহিত্য বঁটা: ড॰ গুণাৰাম ঢেকিয়াল ফুকন - ‘যাত্ৰা’ গ্ৰন্থৰ বাবে
- গিৰিধৰ শৰ্মা বঁটা: অঞ্জনা দত্ত - ‘শেষ সিদ্ধান্ত’ পাণ্ডুলিপিৰ বাবে
- বদুৰাম পাংগিং বঁটা: কাৰ্বি আংলঙৰ অজিত ছিংনাৰ - জনজাতীয় গৱেষণামূলক গ্ৰন্থ ‘লংৰি আতমন’ৰ বাবে
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Shambhu Boro. (Tuesday, January 20, 2015). 73rd session of Asam Sahitya Sabha from Jan 31. The Assam Tribune
- ↑ (02 Feb 2015). Sahitya Sabha Session. The Assam Tribune,
- ↑ ASOM SAHITYA SABHA KALIABOR SESSION 2015. আদৰণী সমিতিৰ মুখ্য কাৰ্য্যালয়ৰ দ্বাৰ উন্মোচন. ASOM SAHITYA SABHA KALIABOR SESSION 2015
- ↑ (১ ফেব্ৰুৱাৰী ২০১৫). চিৰ চেনেহী মোৰ ভাষা জননী... আমাৰ অসম. পৃ. ১, ৫ পৃষ্ঠা
- ↑ (১ ফেব্ৰুৱাৰী ২০১৫). গ্ৰন্থমেলা উৎসৱত পৰিণত কৰিলে অসম সাহিত্য সভাই. আমাৰ অসম. পৃ. ৫ পৃষ্ঠা
- ↑ (২ ফেব্ৰুৱাৰী ২০১৫). উখল-মাখল মৌচন্দা পথাৰ. আমাৰ অসম
- ↑ (৩ ফেব্ৰুৱাৰী ২০১৫). মাত্ৰ তিনিটা শব্দতে সমৃদ্ধ অসমৰ ভাষা-সাহিত্য-সংস্কৃতি – অসম সাহিত্য সভাৰ বিদায়ী সভাপতি ইমৰান শ্বাহ. আমাৰ অসম. পৃ. ৮ পৃষ্ঠা
- ↑ (৪ ফেব্ৰুৱাৰী ২০১৫). ৰথত উঠি সভালৈ আহিল সভাপতি. আমাৰ অসম. পৃ. ১ পৃষ্ঠা
- ↑ (৪ ফেব্ৰুৱাৰী ২০১৫). ৰথত উঠি সভালৈ আহিল. glpublications. পৃ. ৮ পৃষ্ঠা
- ↑ (৪ ফেব্ৰুৱাৰী ২০১৫). আয়তী উৰুলীৰ মাজতে সাহিত্য সভাৰ দায়িত্ব ল'লে ডাঃ ধ্ৰুৱজ্যোতি বৰাই. আমাৰ অসম. পৃ. ১ পৃষ্ঠা
- ↑ (৪ ফেব্ৰুৱাৰী ২০১৫). আয়তী উৰুলীৰ মাজতে. glpublications.in. পৃ. ৮ পৃষ্ঠা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম সাহিত্য সভাৰ কলিয়াবৰ অধিৱেশন (২০১৫)” প্ৰবন্ধৰ সংশোধন ৩৮৪৬৮৭ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।