অসম সাহিত্য সভাৰ ৭১-তম অধিৱেশন গোলাঘাট জিলাৰ দেৰগাঁৱত ২০১১ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হয়।১ অস্থায়ী ভাৱে নিৰ্মিত হেমচন্দ্ৰ বৰুৱা ক্ষেত্ৰত এই অধিৱেশন অনুষ্ঠিত হয়। ৰংবং তেৰাঙৰ সভাপতিত্বত এই অধিৱেশন অনুষ্ঠিত হৈছিল। সাহিত্য সভাৰ আনুষ্ঠানিক সভাৰ বাহিৰেও অধিৱেশন স্থলীত গ্ৰন্থ উৎসৱ মেলা, বিজ্ঞান আৰু শিল্প মেল আৰু বাণিজ্য মেলাও অনুষ্ঠিত কৰা হয়।
অধিৱেশনথলী
দেৰগাঁও অধিৱেশনৰ সাধাৰণ সম্পাদক, ড° পৰাগ ঠাকুৰৰ মতে ৪৫,০০০ বৰ্গ ফুটৰ মূল মণ্ডপ হেমচন্দ্ৰ বৰুৱা ক্ষেত্ৰটো ৰাজাবাহৰত নিৰ্মাণ কৰা হৈছিল। ইয়াৰ লগতে ২,০০০ জন লোকে একেলগে বহি খাব পৰাকৈ এটা ভোজনালয়ৰো নিৰ্মাণ কৰা হৈছিল। সৰ্বমুঠ ১৮৫ খন গ্ৰন্থৰ বিপনীৰ লগতে ২০০ খন প্ৰদৰ্শনী আৰু বাণিজ্যিক মেলাৰ বিপনী ইয়াত স্থাপন কৰা হৈছিল।
কাৰ্য্যসূচী
১ ফেব্ৰুৱাৰী, ২০১১
অসম সাহিত্য সভাৰ উপ-সভাপতি কনক চন্দ্ৰ শৰ্মাই বৃক্ষৰোপন কৰে। ইয়াৰ পিছতেই স্মৃতি তৰ্পন কাৰ্যসূচী শুভাৰম্ভ কৰে গোলাঘাট জিলাৰ উপায়ুক্ত এন এম হুচেইনে। শিল্প আৰু বিজ্ঞান মেলাৰ দ্বাৰ মুকলি কৰে দেৰগাঁৱৰ বিধায়িকা সুশীলা হাজৰিকাই। গ্ৰন্থমেলাৰ উদ্বোধন কৰে অসম সাহিত্য সভাৰ আন এজন সভাপতি ইমৰান শ্বাহে। কাশীনাথ হাজৰিকাই বাণিজ্য মেলা উদ্বোধন কৰে। ৭৫ খন বিপনীৰ এখন বিজ্ঞান প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছিল। অধিৱেশনৰ প্ৰথম দিনাই সাহিত্য সভাৰ বিভিন্ন শাখা, যেনে দেৰগাঁও, গোলাঘাট, যোৰহাট আৰু শিৱসাগৰ শাখাই প্ৰায় ৫০ খন মান কিতাপ উন্মোচন কৰে। সভাপতি ৰংবং তেৰাঙে অসম সাহিত্য সভাৰ স্মৰণিকা ‘দিচৈ দৰীয়া’। সন্মিলনৰ অভ্যৰ্থনা সমিতিয়ে প্ৰায় ১৪ খন কিতাপ আৰু সাহিত্য সভাই কেইবাখনো কিতাপ প্ৰকাশৰ দিহা কৰে। সেইদিনা অসম সাহিত্য সভাৰ সভাপতি ৰংবং তেৰাঙৰ সভাপতিত্বত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ নামৰ অনুষ্ঠানটো অনুষ্ঠিত হয়। সেইদিনা সন্ধিয়া "অসমৰ জাতীয় গীত"ৰ শতবাৰ্ষিকী উপলক্ষে আৰু গণেশ পেগু আৰু কামিনী নাৰ্জিৰীৰ স্মৃতিত সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয়।
২ ফেব্ৰুৱাৰী, ২০১১
অধিৱেশনৰ দ্বিতীয় দিনা অৰ্থাৎ ২ ফেব্ৰুৱাৰী, ২০১১ তাৰিখে পুৱা অসম সাহিত্য সভাৰ সভাপতি ৰংবং তেৰাঙে পতাকা উত্তোলন কৰে। ইয়াৰ লগতে আন সত্তৰ খন পতাকাও উত্তোলন কৰা হয়। স্মৃতি তৰ্পন কাৰ্যসূচী শুভাৰম্ভ কৰে ড° কৃষ্ণ কুমাৰ মিশ্ৰই। ড° নৰেন কলিতাই নামঘৰটো উদ্বোধন কৰে। য়েছে দৰজে ঠংচিয়ে ৰামধেনু নামৰ অনুষ্ঠানটো মুকলি কৰে। এই অনুষ্ঠানটোত উপস্থিত আছিল মণিকুন্তল ভট্টাচাৰ্য্য। আন এটা অনুষ্ঠান আকাশ উদ্বোধন কৰে ড° ৰীতা চৌধুৰীয়ে আৰু অনুৰাধা শৰ্মা পূজাৰীয়ে আঁত ধৰে। সেইদিনা সন্ধিয়া দৰ্শন সন্মিলন আৰু ৰেকিবুদ্দিন আহমেদ, উপেন কাকতিৰ আৰু অমৰ শৰ্মাৰ স্মৃতিত সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয়। যতীন গোস্বামীয়ে এই অনুষ্ঠানৰ উদ্বোধন কৰে।
৩ ফেব্ৰুৱাৰী, ২০১১
অধিৱেশনৰ তৃতীয় দিনা অসম সাহিত্য সভাৰ সভাপতি ৰংবং তেৰাঙক লৈ সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰা হয়। সেইদিনা আবেলি ৰংবং তেৰাঙৰ সভাপতিত্বত সভা অনুষ্ঠিত হয়। সেই সভা উদ্বোধন কৰিছিল ৰতন সিঙে আৰু বিশিষ্ট অতিথি আছিল আলোক ৰঞ্জন দাসগুপ্তা। আমন্ত্ৰিত অতিথি আছিল সতীশ কালেস্কাৰ আৰু পি জাকাৰিয়া। ইয়াৰ উপৰি ৰাজেন পাম আৰু মোহন ভাইৰাৰ স্মৃতিত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হৈছিল।
বাহ্যিক সংযোগ
- Asom Sahitya Sabha begins today
- 71st Asom Sahitya Sabha meet begins
- Dergaon Sahitya Sabha session begins
- Dergaon Sahitya Sabha formally invites 2011 Sabha session
তথ্যসূত্ৰ
- ↑ NE Blogger. (February 1, 2011). Asom Sahitya Sabha begins today. northeastblog.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম সাহিত্য সভাৰ দেৰগাঁও অধিৱেশন (২০১১)” প্ৰবন্ধৰ সংশোধন ৪৪০৬৬০ (২৫ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।