অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম (৭৫-তম) দ্বিবাৰ্ষিক অধিৱেশন কামৰূপ জিলাৰ শুৱালকুছিত ২০২০ চনৰ ১, ২, ৩ আৰু ৪ ফেব্ৰুৱাৰী, তাৰিখে অনুষ্ঠিত হৈছিল। এই অধিৱেশনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় তিনি হাজাৰ প্ৰতিনিধি আৰু শতাধিক বিশিষ্ট লেখক, সাহিত্য-সমালোচক, গৱেষক সমবেত হোৱাৰ লগতে প্ৰায় বিছ লাখ জনসাধাৰণে অংশগ্ৰহণ কৰিছিল। এই সভাত ড° কুলধৰ শইকীয়াই সভাপতিত্ব কৰিছিল।১
কাৰ্যক্ৰম
বাংলা সাহিত্যিক তথা শান্তিনিকেতনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° ৰামকুমাৰ মুখোপাধ্যায়ে মুখ্য অতিথিৰূপে উপস্থিত থাকি ২ ফেব্ৰুৱাৰীৰ মুকলি সভা উদ্বোধন কৰে। ৩ ফেব্ৰুৱাৰী তাৰিখে অসমৰ তদানীন্তন ৰাজ্যপাল অধ্যাপক জগদীশ মুখী মুখ্য অতিথিৰূপে উপস্থিত থাকে।১
চাৰিদিনীয়া অধিৱেশনৰ অনুষ্ঠানসমূহ ব্ৰহ্মপুত্ৰৰ পাৰত প্ৰায় ডেৰশ বিঘা মাটি আৱৰি অস্থায়ীভাৱে নিৰ্মাণ কৰা পাঁচখন মঞ্চত অনুষ্ঠিত হয়।১ অধিৱেশনত অনুষ্ঠিত হোৱা উল্লেখযোগ্য অনুষ্ঠানসমূহ হৈছে১:
- কবি সন্মিলন
- ‘ৰামধেনু’ (যুৱ প্ৰতিভাৰ সন্মিলন)
- নাট্যকাৰ সন্মিলন
- গল্পকাৰ সন্মিলন
- ব্যংগ লিখক সন্মিলন
- বিজ্ঞান-সাহিত্য লিখক সন্মিলন
- সাংবাদিক সন্মিলন
- ‘কুঁহি’ (শিশু সন্মিলন)
- অনুবাদ সন্মিলন
- ‘আকাশ’ (মহিলা প্ৰতিভা সন্মিলন)
- জনজাতীয় লিখক, জনজাতীয় ছাত্ৰ আৰু যুৱ সংগঠনৰ সন্মিলন
- জনজাতীয় সাহিত্য সংগঠনৰ সন্মিলন
- প্ৰকৃতি, পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ কৰ্মীৰ সন্মিলন
তথ্যসূত্ৰ
- ↑ শুৱালকুছি অধিৱেশন. অসম সাহিত্য সভা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশন (২০২০)” প্ৰবন্ধৰ সংশোধন ৩৯১৯২৬ (১৬ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।