গৌৰৱ গগৈ (Gaurav Gogoi; জন্ম: ৪ ছেপ্টেম্বৰ ১৯৮২) ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন ৰাজনীতিবিদ, লোকসভাৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি।১ ২০২০ চনৰ পৰা তেওঁ লোকসভাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ উপ-নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।২৩তেওঁ লোকসভাত ২০১৪ চনৰ পৰা ২০২৪ চনলৈ কলিয়াবৰ সমষ্টিক প্ৰতিনিধিত্ব কৰে আৰু ২০২৪ চনত ১৮ নং যোৰহাট সমষ্টিৰ পৰা লোকসভালৈ মনোনীত হয়।৪ গগৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ।৫
প্ৰাৰম্ভিক জীৱন
গৌৰৱ গগৈৰ জন্ম হয় ১৯৮২ চনৰ ৪ ছেপ্তেম্বৰত দিল্লীত। তেওঁৰ পিতৃ তৰুণ গগৈয়ে ২০০১ চনৰ পৰা ২০১৬ চনলৈ অসমৰ মুখ্যমন্ত্ৰী ৰূপে কাৰ্য্যনিৰ্বাহ কৰিছিল।৬ গগৈয়ে দিল্লীৰ ছেন্ট কলম্বাছ স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়ৰ পৰা বি টেক ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা প্ৰশাসনিক শিক্ষা গ্ৰহণ কৰে।৭
ৰাজনৈতিক জীৱন
গগৈ ২০১৪ চনৰ মাৰ্চত কংগ্ৰেছ দলৰ পৰা কলিয়াবৰ (লোকসভা সমষ্টি)ৰ পৰা লোকসভালৈ মনোনীত হয়।৮ পুনৰবাৰ ২০১৯ চনত একে সমষ্টিৰ পৰা দ্বিতীয় বাৰৰ বাবে লোকসভালৈ তেওঁ নিৰ্বাচিত হয় আৰু ২০২৪ চনলৈকে কাৰ্যনিৰ্বাহ কৰে।৯২০২৪ চনৰ দেশৰ সাধাৰণ নিৰ্বাচনত তেওঁ যোৰহাট সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰে১০ আৰু বিজেপিৰ তদানীন্তন সাংসদ তপন গগৈৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে।১১
তথ্যসূত্ৰ
- ↑ (2024-06-27). Gaurav Gogoi takes charge as new Assam Congress chief. The Hindu
- ↑ (2023-03-13). Gaurav Gogoi appointed Congress’s deputy leader in Lok Sabha; Kodikunnil Suresh to be chief whip. The Hindu
- ↑ "Assam CM's son Gaurav Gogoi files nomination for LS polls"
- ↑ Gaurav Gogoi vs Topon Gogoi Jorhat Elections Result Live Updates. The Indian Express
- ↑ (2023-08-20). Gaurav Gogoi: The son rises in the East. Deccan Herald. The Printers Mysore
- ↑ (2015-xx-xx). Gogoi’s era of turnaround comes to an end. Deccan Herald. The Printers Mysore
- ↑ Gourav Gogoi: Biography. OneIndia
- ↑ Simantic Dowerah. (12 March 2013). Open to any role in Congress, says tarun gogoi's son gaurav. Firstpost.com
- ↑ Kaliabor Lok Sabha Constituency Election Results. The Times of India
- ↑ Assam: Sarbananda Sonowal, Gaurav Gogoi File Nomination For Lok Sabha Polls. NDTV
- ↑ (13 July 2024). In Assam, status quo: Congress takes heart in victory for Gaurav Gogoi. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৌৰৱ গগৈ” প্ৰবন্ধৰ সংশোধন ৬১৪২৫৬ (২৪ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।