অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অসম সাহিত্য সভাৰ ডিব্ৰুগড় অধিৱেশন (২০০১)

অসম সাহিত্য সভাৰ ৬৬তম অধিৱেশন ২০০১ চনত হোমেন বৰগোহাঞিৰ সভাপতিত্বত ডিব্ৰুগড় চহৰত অনুষ্ঠিত হৈছিল। মূল মণ্ডপৰ নামকৰণ পদ্মনাথ গোহাঞিবৰুৱাৰ নামেৰে সাহিত্য কাণ্ডাৰী মণ্ডপ আৰু মূল তোৰণখনৰ নাম ৰূপকোঁৱৰ তোৰণ ৰখা হৈছিল।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ১০৬ শব্দ · ১ মিনিট সংগৃহীত ৯২
সংশোধনৰ পৰামৰ্শ

অসম সাহিত্য সভাৰ ৬৬তম অধিৱেশন ২০০১ চনত হোমেন বৰগোহাঞিৰ সভাপতিত্বত ডিব্ৰুগড় চহৰত অনুষ্ঠিত হৈছিল। মূল মণ্ডপৰ নামকৰণ পদ্মনাথ গোহাঞি বৰুৱাৰ নামেৰে সাহিত্য কাণ্ডাৰী মণ্ডপ আৰু মূল তোৰণখনৰ নাম ৰূপকোঁৱৰ তোৰণ ৰখা হৈছিল।১ সাহিত্য সভাৰ আনুষ্ঠানিক সভাৰ বাহিৰেও অধিৱেশনস্থলীত গ্ৰন্থ উৎসৱ মেলা, বিজ্ঞান আৰু শিল্প মেলা, আৰু বাণিজ্য মেলাও অনুষ্ঠিত কৰা হয়। পাঁচ দিনীয়া অধিবেশনখনৰ প্ৰথম দিনা বিশিষ্ট অতিথি হিচাপে আছিল ইউনিভাৰ্ছিটি অফ ছুইডেন, ষ্টকহ'মৰ ন'বেল বঁটা বিজয়ী Indologist ডব্লিউ এল স্মিথ।২

অধিৱেশন থলী

২০০১ চনৰ অসম সাহিত্য সভাৰ ডিব্ৰুগড় অধিৱেশনথলীয়ে প্ৰায় ২০০ একৰ মাটি আগুৰি আছিল। ইয়াৰ নাম দিয়া হৈছিল সাহিত্যৰথী ক্ষেত্ৰ।১ মূল মণ্ডপৰ নামকৰণ পদ্মনাথ গোহাঞি বৰুৱাৰ নামেৰে সাহিত্য কাণ্ডাৰী মণ্ডপ ৰখা হৈছিল। ইয়াত প্ৰায় ৫০,০০০ জন লোক বহিব পৰাৰ ব্যৱস্থা কৰা হৈছিল। আনহাতে, সাহিত্যক্ষেত্ৰলৈ যোৱা মূল তোৰণখনৰ নাম ৰূপকোঁৱৰ তোৰণ ৰখা হৈছিল। মণ্ডপটোৰ লগতে এখন গ্ৰন্থমেলাৰো আয়োজন কৰা হৈছিল। গ্ৰন্থমেলা আয়োজন কৰা মণ্ডপটোৰ নাম মফিজুদ্দিন আহমদ হাজৰিকাৰ নামেৰে জননমালিনী ক্ষেত্ৰ ৰখা হৈছিল।১

কাৰ্যসূচী

পাঁচ দিনৰ কাৰ্য্যসূচীৰে ডিব্ৰুগড় অধিবেশনৰ আৰম্ভণি হৈছিল। এই অধিবেশনত অভ্যৰ্থনা সমিতিয়ে প্ৰতি দিনাই সন্ধিয়া সাংস্কৃতিক সন্ধিয়াৰ অয়োজন কৰিছিল। এই সাংস্কৃতিক সন্ধিয়াত মূলতঃ শাস্ত্ৰীয় সংগীত, নৃত্য আৰু নাটকত গুৰুত্ব দিয়া হৈছিল।

প্ৰথম দিনা

অধিবেশন উদ্বোধন কৰে অৰুণাচল প্ৰদেশৰ অসমীয়া সাহিত্যিক লুম্মেৰ দাইয়ে। অধিবেশনৰ প্ৰথম দিনা বিশিষ্ট অতিথি হিচাপে আছিল ইউনিভাৰ্ছিটি অফ ছুইডেন, ষ্টকহ'মৰ Indologist ডব্লিউ এল স্মিথ।২

দ্বিতীয় দিনা

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চন্দ্ৰপ্ৰসাদ শইকীয়াই পতাকা উত্তোলন কৰে। ইয়াৰ পিছতেই স্মৃতি তৰ্পণ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছত অধিবেশনৰ গ্ৰন্থ উৎসৱ মেলা আৰু প্ৰদৰ্শনী মণ্ডপ উদ্বোধন কৰা হয়। ইয়াৰ পিছতে স্মৰণিকা উন্মোচন কৰা হয়। সেই সময়ৰ অসমৰ ৰাজ্যপাল লে. জেনেৰেল (অৱসৰপ্ৰাপ্ত) এছ কে সিনহা ভাষণেৰে সভাৰ অৰম্ভণি হয়। সেইদিনা বিশিষ্ট অতিথি হিচাপে আছিল দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক শিশিৰ কুমাৰ দাস।২ সেই দিনা সন্ধিয়া সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধন কৰা হয়।

তৃতীয় দিনা

তৃতীয় দিনা সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়। এই শোভাযাত্ৰাত বিভিন্ন সম্প্ৰদায়ৰ লোকে নৃত্য-গীত আদি প্ৰদৰ্শন কৰে। অসমৰ সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ভাষণেৰে তৃতীয় দিনাৰ সভাৰ আৰম্ভ কৰা হয়। বিভিন্ন ভাষাৰ সংগঠন সমূহৰ সভাপতিসকল আৰু পূব ভাৰতৰ সাহিত্যিকসকলৰ মাজত আলোচনা অনুষ্ঠিত হৈছিল।২

বিশেষ সন্মিলন

অসম সাহিত্য সভাৰ বিভিন্ন বঁটাসমূহ প্ৰদান কৰিবৰ বাবে এই অধিবেশনত এক বিশেষ সমাৰোহৰ আয়োজন কৰা হৈছিল। এই সমাৰোহৰ বিশিষ্ট অতিথি ৰূপে আছিল সাহিত্যিক ৰোহিনী কুমাৰ কাকতি।

অন্যান্য সন্মিলন

অধিবেশন অন্যান্য সন্মিলনৰ উপৰিওবিশেষ বুৰঞ্জী সন্মিলন, সাক্ষৰতা, আলোচনাচক্ৰ, কবি সন্মিলন, সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়।২

অভ্যৰ্থনা সমিতি

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নগেন শইকীয়াক মুখ্য উপদেষ্টাৰূপে, টংকেশ্বৰ বৰাক সভাপতি ৰূপে লৈ ডিব্ৰুগড় অধিবেশনৰ অভ্যৰ্থনা সমিতি গঠন কৰা হৈছিল।৩ অসমৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত এই সমিতিৰ মুখ্য পৃষ্ঠপোষক আছিল।৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ অসম সাহিত্য সভা ডিব্ৰুগড় অধিবেশন. Er. Bobby Sarmah & Er. Vikramjit Kakati. Dr. Nagen Saikia, Ex-President Asam Sahitya Sabha
  2. ↑ অসম আহিত্য সভাৰ সূচী. Er. Bobby Sarmah & Er. Vikramjit Kakati. Dr. Nagen Saikia, Ex-President Asam Sahitya Sabha
  3. ↑ অসম সাহিত্য সভাৰ অভ্যৰ্থনা. Er. Bobby Sarmah & Er. Vikramjit Kakati. Dr. Nagen Saikia, Ex-President Asam Sahitya Sabha

সম্পৰ্কিত শ্ৰেণী

অসম সাহিত্য সভাৰ অধিৱেশন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম সাহিত্য সভাৰ ডিব্ৰুগড় অধিৱেশন (২০০১)” প্ৰবন্ধৰ সংশোধন ৩৮৪৬৮৮ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।