অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আত্মাৰাম শৰ্মা

আত্মাৰাম শৰ্মা আছিল প্ৰথম অসমীয়া ভাষাৰ ছপা পুথি বাইবেলৰ অনুবাদ "ধৰ্মপুস্তক"ৰ লেখক। নগাঁও জিলাৰ কলিয়াবৰত তেখেতৰ জন্ম হৈছিল। তেখেতে নিউ টেষ্টামেণ্টৰ অসমীয়া অনুবাদখন ১৮১৩ চনত লিখি ছপা কৰি উলিয়ায়।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ২০৬ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

আত্মাৰাম শৰ্মা আছিল প্ৰথম অসমীয়া ভাষাৰ ছপা পুথি বাইবেলৰ অনুবাদ "ধৰ্মপুস্তক"ৰ লেখক।১২ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাত তেখেতৰ জন্ম হৈছিল। তেখেতে নিউ টেষ্টামেণ্টৰ অসমীয়া অনুবাদখন ১৮১৩ চনত লিখি ছপা কৰি উলিয়ায়।

জন্ম আৰু প্ৰাৰম্ভিক জীৱন

আত্মাৰাম শৰ্মাই নগাঁও জিলাৰ কলিয়াবৰ মহকুমাত ১৭৮৭ চনত জন্মগ্ৰহণ কৰিছিল। পিতৃৰ নাম আছিল পিথুদেৱ শৰ্মা আৰু মাতৃ কান্দুৰী।৩ তেখেতৰ সৰুৰেপৰা পঢ়া-শুনাৰ ৰাপ আছিল। ল'ৰাকালত তেখেতে চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ হৰিচৰণ আতা আৰু বালিসত্ৰৰ দেহু আতাৰ ওচৰত থাকি ধৰ্মীয় শিক্ষা লৈছিল। এনে সময়তে তেখেতৰ পিতৃ-মাতৃ বিয়োগ হয়।

ইয়াৰ পিছত আত্মাৰাম আৰু ভাতৃ মহোদৰে কলিয়াবৰ এৰি বৰপেটা, শিঙৰী আদি ঠাইত দিন কটাই শেষত আখিৰঙ্গ গাঁৱত থাকিবলৈ লয়।৩ এই সময়ছোৱাতে তেখেতে "বিবাহ বিধি" নামৰ এখন পুথি ৰচনা কৰে।৩ জীৱিকাৰ সন্ধানত পুনৰ ঘূৰি ফুৰোঁতে আত্মাৰামে ব্ৰনছন নামৰ খ্ৰীষ্টান মিছনেৰী এজনক লগ পায়। ব্ৰনছনে আত্মাৰামক নগাঁও মিছন স্কুলৰ শিক্ষক হিছাপে নিযুক্তি দিয়ে। কিছুদিন পিছত আত্মাৰামক 'ফাদাৰ' উপাধি দি শিৱসাগৰৰ মিছনেৰী ছপাশালৰ কৰ্মচাৰী হিছাপে নিযুক্তি দিয়ে।৩ ৪

বাইবেলৰ অনুবাদ

সেই সময়ত পূব ভাৰতত খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ মূলকেন্দ্ৰ আছিল শ্ৰীৰামপুৰ মিছন। ইয়াত ড: উইলিয়াম কেৰী নামৰ পণ্ডিতজনে বিভিন্ন ভাষাৰ মানুহৰ সহযোগত "বাইবেল" স্থানীয় ভাষাবোৰলৈ অনুবাদ কৰিছিল। তেওঁ প্ৰথমতে বাইবেলখন সংস্কৃত ভাষা ভাষালৈ অনুবাদ কৰাৰ কামৰ বাবে ত্ৰিশজন লোক নিয়োগ কৰে। এওঁলোকৰ ভিতৰত আত্মাৰাম শৰ্মাও আছিল বুলি বাণীকান্ত কাকতি, গুণাভিৰাম বৰুৱা আদিয়ে মত পোষণ কৰে।৩ এই লোকসকলে প্ৰথমতে বাইবেলখন সংস্কৃতলৈ অনুবাদ কৰি তাৰপিছত নিজৰ নিজৰ ভাষালৈ অনুবাদ কৰাৰ দায়িত্ব লয়। অসমীয়া ভাষালৈ অনুবাদ কৰাৰ বাবে ১৮১১ চনত নিযুক্ত হয় আত্মাৰাম শৰ্মা।৫ অৱশেষত ১৮১৩ চনত গ্ৰন্থখন "ধৰ্মপুস্তক" নামেৰে প্ৰকাশ হয়।১২

১৮৩৩ চনত উইলিয়াম কেৰীয়ে আত্মাৰামৰ সহযোগত "অ'ল্ড টেষ্টামেণ্ট"খনো অসমীয়ালৈ অনুবাদ কৰি উলিয়ায়।৬ তেখেতে গুৱাহাটীলৈ অহা প্ৰথম খ্ৰীষ্টধৰ্ম প্ৰচাৰক জে'মচ্ ৰে'-ক অসমীয়া ভাষা শিকাইছিল। শৰ্মাই খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাৰ পোনপটীয়া প্ৰমাণ নাই, অৱশ্যে চাহাবসকলৰ প্ৰিয়পাত্ৰ হোৱা আৰু কলিকতাতে বিয়াবাৰু কৰোৱা দেখি খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা যেনেই লাগে।৩

মৃত্যু

১৮৫৫ চনৰ আগষ্ট মাহত নগাপাহাৰত আত্মাৰাম শৰ্মাৰ মৃত্যু হয়। খ্ৰীষ্টান যাজকসকলে তেখেতৰ মৃতদেহ নগাঁৱলৈ আনি খ্ৰীষ্টিয়ান কবৰস্থলীতে সমাধিস্থ কৰে।৩

তথ্যসূত্ৰ

  1. ↑ Dr. Nagendra. (1988). Indian Literature. Prabhat Prakashan. পৃ. 414
  2. ↑ Dr. Pona Mahanta. (1985). Western influences on modern Assamese drama. Mittal Publications. পৃ. 13
  3. ↑ হেমন্ত কুমাৰ ভৰালী. (২০০১). এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া. চিত্ৰলেখা পাব্লিকেশ্বচন্‌ছ. পৃ. ৩২৩-৩২৪
  4. ↑ শিৱনাথ বৰ্মন. (২০০৯). চন্দ্ৰপ্ৰভা শইকীয়ানী. বনলতা. পৃ. ১৩
  5. ↑ Dr. J. Anikuzhikattil. CONTRIBUTION OF CHRISTIAN INSTITUTIONS TO EDUCATION IN THE NORTHEAST REGION OF INDIA. Eastern Panorama
  6. ↑ A J Philip. (August 9, 2002). Journalism: Problems and Prospects. The Indian Express

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আত্মাৰাম শৰ্মা” প্ৰবন্ধৰ সংশোধন ৩৮৪৭৫১ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।