অসম সাহিত্য সভাৰ দ্বিসপ্ততিতম (৭২-তম) অধিৱেশন বৰপেটাৰোড চহৰত ৩০ জানুৱাৰী ২০১৩ তাৰিখৰপৰা ৫ ফেব্ৰুৱাৰী ২০১৩ তাৰিখলৈ অনুষ্ঠিত হয়।১ বৰপেটাৰোড চহৰৰ উপকণ্ঠত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অস্থায়ী ভাৱে নিৰ্মিত ড॰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত অধিৱেশন অনুষ্ঠিত হয়।২ সাহিত্য সভাৰ আনুষ্ঠানিক সভাৰ বাহিৰেও অধিৱেশন স্থলীত গ্ৰন্থ উৎসৱ মেলা, বিজ্ঞান আৰু শিল্প মেলা, আৰু বাণিজ্য মেলাও অনুষ্ঠিত কৰা হয়। মূল মণ্ডপৰ নামকৰণ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামেৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা সোঁৱৰণি মণ্ডপ ৰখা হৈছিল।
অধিৱেশন থলী
বৰপেটাৰোড চহৰৰ প্ৰায় আধা কিল'মিটাৰ পশ্চিমে ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ উত্তৰ পাৰে মুঠ ৩০০ বিঘা মাটিত অধিৱেশন স্থলী ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ অস্থায়ী ভাৱে স্থাপন কৰা হৈছে। মূল অধিৱেশন থলীয়ে ১২০ বিঘা মাটি আগুৰি আছে। অধিৱেশন থলীৰ মূল মণ্ডপৰ মাটিকালি ২৫০ বৰ্গফুট আৰু ৪০০০ লোক একেলগে বহিব পৰাৰ ব্যৱস্থা আছে। একেলগে ১৫০০ লোকে খাব পৰা ভোজনালয়ত ৫০টা চৌকাত ১৮০ গৰাকী ৰান্ধনীয়ে খোৱা-লোৱা প্ৰস্তুত কৰিছে। অধিৱেশন স্থলীত ২৫০ গৰাকী স্বেচ্ছাসেৱিকা আৰু ৪৫০ গৰাকী স্বেচ্ছাসেৱকে সহায় আগবঢ়াইছে।৩
অধিৱেশন স্থলীত সাহিত্য সভাৰ বাহিৰেও গ্ৰন্থ উৎসৱ মেলা, বিজ্ঞান আৰু শিল্পমেলা, তথা বাণিজ্য মেলা অনুষ্ঠিত কৰা হৈছে। অসমৰ বাহিৰৰ ৰাজ্যৰ যোগদানৰ লগতে অসমৰ ৪০ খনতকৈও অধিক বিপণীয়ে এনে মেলাসমূহত অংশগ্ৰহণ কৰিছে।৩ সাহিত্য সভাৰ অধিৱেশন থলীত এনে অনুষ্ঠানসমূহ অসমীয়া সাহিত্যিক আৰু শিল্পীৰে নামকৰণ কৰা হয়, ক্ৰমে মামণি ৰয়ছম গোস্বামী গ্ৰন্থ উৎসৱ, শোভা ব্ৰহ্ম-গুৰুপ্ৰসাদ দাস সোঁৱৰণী শিল্প আৰু বিজ্ঞান মেলা।৪
পৰিচালনা
সাহিত্য সভাৰ পৰিচালনাৰ বাবে মুখ্য পৰিচালনা সমিতিৰ বাহিৰে ৩৮খন উপসমিতি গঠন কৰা হৈছে।৩
কাৰ্যসূচী
৩১ জানুৱাৰী ২০১৩
৩১ তাৰিখে আবেলি বৰপেটাৰোড সাহিত্য সভা ভৱনত বিদায়ী সভাপতি ৰংবং তেৰাংৰ সভাপতিত্বত বিগত দুবছৰৰ কাৰ্যকালৰ বিষয়ে আলোচনা কৰা হয় প্ৰধান সম্পাদক ড॰ পৰমানন্দ ৰাজবংশীয়ে প্ৰতিবেদন পাঠ কৰে, লগতে পৰৱৰ্তী অধিৱেশনৰ বাবে স্থান নিৰ্বাচনৰ বাবে বিশেষ সমিতি গঠন কৰা হয়।৪
১ ফেব্ৰুৱাৰী ২০১৩
৮ বজাত বৃক্ষৰোপণ আৰু ৯ বজাত অস্থায়ী মুখ্য কাৰ্যালয়ত প্ৰতিনিধিৰ নাম পঞ্জীয়ন কৰাৰ পাছত 'মামণি ৰয়ছম গোস্বামী গ্ৰন্থ উৎসৱ'ৰ দ্বাৰ মুকলি কৰে বৰ্তমানৰ কৃষিমন্ত্ৰী নীলমণিসেন ডেকাই। 'শোভা ব্ৰহ্ম-গুৰুপ্ৰসাদ দাস সোঁৱৰণী শিল্প আৰু বিজ্ঞান মেলা'ৰ দ্বাৰ মুকলি কৰে প্ৰফুল্ল কুমাৰ মহন্তই। দিনৰ ১২ বজাত অসম সাহিত্য উৎসৱ আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান সম্পন্ন হয়। গ্ৰন্থ উন্মোচনী সভাত অৰ্ধশতাধিক গ্ৰন্থ উন্মোচন কৰা হয়। এই অনুষ্ঠানৰ উদ্বোধনী কৰে মেঘালয়ৰ ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰীয়ে। আবেলি ৰাধানাথ ফুকন-ভবানন্দ দত্ত সোঁৱৰণী দৰ্শন সন্মিলনী অনুষ্ঠিত হয়। দৰ্শন সন্মিলনত ক্ৰমে 'অসমত বৈষ্ণৱ ধৰ্মঃ শংকৰদেৱ আৰু ভট্টদেৱ' আৰু 'দৰ্শন-বিজ্ঞান আৰু সাহিত্য' এই দুটা বিষয়ত আলোচনা কৰা হয়। 'অসমৰ নদী আৰু সংস্কৃতি' শীৰ্ষক আন এখন আলোচনা চক্ৰত অসমৰ প্ৰায় কুৰিগৰাকী সাহিত্যিকে অংশগ্ৰহণ কৰে।৫ এই অনুষ্ঠানৰ উদ্বোধনী কৰে ড॰ মুকুন্দকাম শৰ্মাই। সন্ধিয়া পাঁচ বজাত প্ৰতিনিধি শিবিৰ মুকলি আৰু আৰু বিষয়বাছনি সভা অনুষ্ঠিত হয়। সন্ধিয়া ব্ৰজনাথ শৰ্মা-যোগেশ চন্দ্ৰ ভৰালী সোঁৱৰণী সাংস্কৃতিক সমাৰোহ মুকলি কৰে দেৱেন্দ্ৰনাথ বসুমতাৰীয়ে।৬ প্ৰতিনিধি সভাই নগাঁও জিলাৰ কলিয়াবৰ মহকুমাত সভাৰ পৰৱৰ্তী অধিৱেশন স্থান ঘোষণা কৰে।৭
২ ফেব্ৰুৱাৰী ২০১৩
ৰাতিপুৱা ৯ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সভাপতি ৰংবং তেৰাঙ। স্মৃতি তৰ্পন কাৰ্যসূচী শুভাৰম্ভ কৰে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মাতৃ সাৱিত্ৰী তালুকদাৰে॥৮ নবীন লেখক-শিল্পীৰ অন্তৰংগ অনুষ্ঠান 'ৰামধেনু'ত ড॰ মালিনীয়ে পৰিচালনা কৰে। মহিলা লেখিকা শিল্পীৰ অন্তৰংগ অনুষ্ঠান 'আকাশ' মুকলি কৰে নিৰুপমা মিশ্ৰই আৰু অনুষ্ঠানটোৰ আঁত ধৰে ড॰ লিলি ৰাজবংশীয়ে। এই অনু্ষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে শাৰদী শইকীয়া, ড॰ সংগীতা ভাৰ্মা আৰু সুলোচনা মনান্ধ।৯ আতচ-বাজী প্ৰদৰ্শন নৰহৰি বুঢ়াভকত-দিলীপ শৰ্মা সোঁৱৰণী সাস্কৃতিক সমাৰোহ 'ভাষা-সংস্কৃতিৰ পথাৰত এটি আবেলি নবীনৰ সৈতে' শীৰ্ষক ভাব বিনিময় অনুষ্ঠান ভাগ লয় 'ইণ্ডিয়া টুডে' আলোচনীৰ কাৰ্যবাহী সম্পাদক 'সাই প্ৰসন্নৰাজনে। অনুষ্ঠানৰ আঁত ধৰে সাংবাদিক মৃণাল তালুকদাৰে। এই সভাত ভাগ লয় কন্নাড়ী ভাষাৰ সাহিত্যিক মহা বালেশ্বৰ ছেইল-য়েও।১০ সন্ধিয়াৰ আতচ-বাজী প্ৰদৰ্শনৰ পাছত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয়। সাংস্কৃতিক সন্ধিয়াৰ মাজতে সাহিত্যিক মুক্তিদেৱ চৌধুৰী, সংগীত শিল্পী ৰাজেশ মৌৰ আৰু সমাজকৰ্মী পৱন আগৰৱালাক সম্বৰ্দ্ধনা জনোৱা হয়।৮
৩ ফেব্ৰুৱাৰী ২০১৩
ড॰ মাইলছ ব্ৰন্সন আৰু গিৰিধৰ শৰ্মাৰ জন্মশতবাৰ্ষিকী উপলক্ষে আলোচনা সত্ৰত 'অসমীয়া অভিধানঃ গতি আৰু প্ৰকৃতি' শীৰ্ষক আলোচনা অনুষ্ঠিত হয়। মধুৰাম বড়োয়ে উদ্বোধন কৰা আলোচনা সত্ৰখন সঞ্চালনা কৰে ড॰ ৰমেশ পাঠকে। দিনৰ প্ৰায় এঘাৰ বজাত নৱনিৰ্বাচিত সভাপতি ইমৰান শ্বাহক এক ময়ূৰপংখী নাৱত তুলি বৰপেটাৰোড ষ্টেডিয়ামৰপৰা অৱিবেশন স্থলীলৈ শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাত বিভিন্ন কলা-সংস্কৃতিৰ প্ৰদৰ্শন কৰা হয়। দিনৰ ২ বজাত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সোঁৱৰণী মণ্ডপত অম্বিকাগিৰী ৰায়চৌধুৰী সোঁৱৰণী প্ৰথম মুকলি অধিৱেশনখন অনুষ্ঠিত হয়। এই অনুষ্ঠানতে নৱনিৰ্বাচিত সভাপতিয়ে আনুষ্ঠানিক ভাৱে সভাপতিৰ দায়ি্ত্ব হাতত লয়। সন্ধিয়া হীৰেন ভট্টাচাৰ্য সোঁৱৰণী কবি সন্মিলনী অনুষ্ঠিত হয় আৰু পুৰুষোত্তম দাস-ৰুদ্ৰ বৰুৱা সোঁৱৰণী সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হয়। সমাৰোহত সাহিত্যিক বিজয় জাচাচাৰীয়া, সাংবাদিন দিনকৰ কুমাৰ আৰু সাহিত্যিক কাপুৰচন্দ জৈন]]ক সম্বৰ্দ্ধনা জনোৱা হয়।১১ শোভাযাত্ৰাৰ নাৱত সভাপতি ইমৰান শ্বাহক সংগ দিয়ে আদৰণী সমিতিৰ সভাপতি জি'এল. আগৰৱালাই। শোভাযাত্ৰা উদ্বোধনী কৰে ৰত্ন ওজাই। দুই কিল'মিটাৰ জোৰা এই শোভাযাত্ৰাত ৯০-টা দলে বিভিন্ন নৃত্য-গীত আদি প্ৰদৰ্শন কৰে।১২ এই দিনৰ অধিৱেশনত যোগদান কৰে কানাড়া সাহিত্যিক বাৰাগুৰু ৰামাচন্দ্ৰাপ্পা, কোংকনী সাহিত্যিক মহাবালেশ্বৰ ছেইল, ৰাজ্যৰ শিক্ষামন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, সাহিত্যিক য়েছে দৰজে ঠংচি-য়ে।
৪ ফেব্ৰুৱাৰী ২০১৩
হেৰম্বকান্ত বৰপূজাৰীৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বিশেষ বুৰঞ্জী সন্মিলন অনুষ্ঠিত কৰা হয়। সন্মিলনৰ শীৰ্ষক আছিল 'অসম বুৰঞ্জী আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়া'। ড॰ দীপক শৰ্মাই সন্মিলনখন উদ্বোধন কৰে। সঞ্চালনা কৰে ড॰ ৰবীন দেৱচৌধুৰীয়ে। দিনৰ দুই বজাত অম্বিকাগিৰী ৰায়চৌধুৰী সোঁৱৰণী দ্বিতীয় মুকলি অধিবৱেশন অনুষ্ঠিত হয়। এই অধিৱেশনত মুখ্যমন্ত্ৰী তৰুণ গগৈ উপস্থিত থাকে। মুখ্য অতিথি হিচাপে উপস্থিত থাকে জ্ঞানপীঠ বঁটা বিজয়ী ড॰ প্ৰতিভা ৰায় সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ড॰ সীতাংশু যশচন্দ্ৰ আৰু প্ৰাক্তন সভাপতিসকল। বিয়লি ৪-৩০ বজাত 'ইলিমুদ্দিন দেৱান চৰ-চাপৰি লেখক সন্মিলন' উদ্বোধন কৰে হাফিজা আহমেদে। সন্ধিয়া ৬-৩০ বজাত অনুষ্ঠিত হয় গণশিল্পী হেমাঙ্গ বিশ্বাস সোঁৱৰণী সাংস্কৃতিক সমাৰোহ।১৩
বিতৰ্ক
হোমেন বৰগোহাঞিকে ধৰি সাহিত্য সভাৰো কেবজানো প্ৰাক্তন সভাপতিক এই পূৰ্ণাংগ অধিৱেশনলৈ নিমন্ত্ৰিত কৰা নহ'ল বুলি আমাৰ অসম বাতৰি-কাকতৰ ১ ফেব্ৰুৱাৰী, ২০১৩ সংখ্যাৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ হয়।১৪ বাতৰিটোত হোমেন বৰগোহাঞিৰ বাহিৰে আন কোনো অনিমন্ত্ৰিত সভাপতিৰ নাম উল্লেখ কৰা হোৱা নাই।১৫
বঁটা
সাহিত্য সভাৰ অধিৱেশনৰ লগতে নিম্নোক্ত বঁটা সমূহ বিতৰণ কৰা হয়। বঁটাসমূহ বিতৰণ কৰে সভাপতি ইমৰান শ্বাহে।
- অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী বঁটাঃ জয়ন্ত মাধৱ শৰ্মা
- দুৰ্গাধৰ বৰকটকী সোঁৱৰণী বঁটাঃ জ্ঞানচন্দ্ৰ গোস্বামী
- প্ৰেমধৰ দত্ত বঁটাঃ নীলিমা দেৱী
- বাসন্তী বৰদলৈ বঁটাঃ পদুমী গগৈ
- সীতানাথ ব্ৰহ্মচৌধুৰী বঁটাঃ ড॰ ইব্বাত আলী
- মহানন্দ বৰুৱা-শশীপ্ৰভা বঁটাঃ উত্তম বৰুৱা
- হেম বৰুৱা সোঁৱৰণী বঁটাঃ থানেশ্বৰ মালাকৰ
- ভৰত চন্দ্ৰ বৰুৱা স্মাৰক বঁটাঃ ড॰ ভৃগুমোহন গোস্বামী
- কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটাঃ গীতালি বৰুৱা
- কুমাৰ কিশোৰ সোঁৱৰণী বঁটাঃ ড॰ মালিনী
- গিৰিধৰ শৰ্মা সোঁৱৰণী বঁটাঃ সৃষ্টিমাইনু কোঁৱৰ
- গোপালচন্দ্ৰ বৰুৱা সোঁৱৰণী বঁটাঃ ড॰ পৰমানন্দ মজুমদাৰ
- হৰিপ্ৰসাদ নেওগ সোঁৱৰণী বঁটাঃ বিনুদেৱী বৰুৱা
- নকুল চন্দ্ৰ সভাপণ্ডিত সোঁৱৰণী বঁটাঃ গজেন ডেকা
- পৰেশ চন্দ্ৰ শৰ্মা সোঁৱৰণী বঁটাঃ
- লোকসংস্কৃতিমূলক গৱেষণা গ্ৰন্থ বঁটাঃ ভবেন হাজৰিকা
- ৰজনীকান্ত গগৈ বঁটাঃ বাৰীন্দ্ৰ দাস
- হৰিহৰ চৌধুৰী বঁটাঃ মিৰিপাথু চিংফৌ
- বনমালী শইকীয়া বঁটাঃ দীপাৱলী কুৰ্মি
- অনিল শৰ্মা সোঁৱৰণী বিজ্ঞান-সাহিত্য বঁটাঃ ক্ষীৰধৰ বৰুৱা
- ৰামদেউ শৰ্মা সোঁৱৰণী বঁটাঃ প্ৰাঞ্জল শইকীয়া, গীতাস্মৃতা বৰা, হিমাক্ষী ফুকন, আৰু চাইদুল ইছলাম
- ভবেন্দ্ৰনাথ শইকীয়া শৈক্ষিক বঁটাঃ লতা ডেকাৰজা
নতুন বঁটা
বিশ্বৰত্ন ড॰ ভূপেন হাজৰিকা আন্তৰ্জাতিক সংহতি বঁটাঃ ভূপেন হাজৰিকাৰ নামত নুমলীগঢ় তেল শোধনাগাৰৰ সৌজন্যত প্ৰতি দুবছৰৰ মূৰে মূৰে এই বঁটা প্ৰদান কৰা হ'ব। এই বছৰৰ বাবে এই বঁটা ঘোষণা কৰা হৈছে বাংলাদেশৰ নৃত্য পটীয়সী, স্থপতিবিদ লুব্না মৰিয়মলৈ। মৰিয়মক ২৮ মাৰ্চ ২০১৩-ত ৰবীন্দ্ৰ ভৱনত এই বঁটা প্ৰদান কৰা হ'ব।১৬
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ ষ্টাফ ৰিপ'ৰ্টাৰ. (৩১ জানুৱাৰী, ২০১৩). আজিৰেপৰা বৰপেটাৰোড অধিৱেশন, সাহিত্যনুৰাগীক আদৰিবলৈ সাজু আদৰণি সমতি. assamiyakhabor.com. অসমীয়া খবৰ. পৃ. ১ম, ৬ষ্ঠ
- ↑ (Feb 01, 2013). সাহিত্য সভাৰ বৰপেটাৰোড অধিৱেশন আৰম্ভ. amarasom.glpublications.in. আমাৰ অসম. পৃ. ১ম
- ↑ আলিয়াছ আহমেদ আৰু অতুল কুমাৰ বৰ্মন, সাহিত্য সভাৰ বৰপেটাৰোড অধিৱেশন আৰম্ভ, আমাৰ অসম, ০১-০২-২০১২, পৃঃ ১, ৮
- ↑ আলিয়াছ আহমেদ আৰু অতুল কুমাৰ বৰ্মন, সকলোৰে সহায়-সহযোগ বিচাৰিলে আদৰণী সমিতিৰ সভাপতি জি এল আগৰৱালাই, আমাৰ অসম, ০১-০২-২০১২, পৃঃ ১, ৮
- ↑ আলিয়াছ আহমেদ, অতুল কুমাৰ বৰ্মন আৰু কিশোৰ শিৱম. অৰ্ধশতাধিক গ্ৰন্থ উন্মোচন, আমাৰ অসম, ০২-০২-২০১২, পৃঃ ১, ৮
- ↑ আলিয়াছ আহমেদ আৰু অতুল কুমাৰ বৰ্মন, সমন্বয় ক্ষেত্ৰত সম্প্ৰীতিৰ সভা, আমাৰ অসম, ০২-০২-২০১২, পৃঃ ১, ৮
- ↑ ষ্টাফ ৰিপ'ৰ্টাৰ. কলিয়াবৰত উছাহৰ ঢল', আমাৰ অসম, ০৩-০২-২০১৩, পৃঃ ১,৮
- ↑ আলিয়াছ আহমেদ, অতুল কুমাৰ বৰ্মন. 'চিৰ চেনেহী ভাষা জননী'ৰ বন্দনাৰে মুখৰ সমন্বয় ক্ষেত্ৰ, আমাৰ অসম, ০৩-০২-২০১২, পৃঃ ১, ৮
- ↑ আলিয়াছ আহমেদ, অতুল কুমাৰ বৰ্মন. 'ৰামধেনু' আৰু 'আকাশ' , আমাৰ অসম, ০৩-০২-২০১২, পৃঃ ১, ৮
- ↑ কিশোৰ শিৱম. ভাৰতীয় সাহিত্য বুলি কোনো স্পষ্ট ধাৰণা নাই, আমাৰ অসম, ০৩-০২-২০১২, পৃঃ ১, ৮
- ↑ আলিয়াছ আহমেদ, অতুল কুমাৰ বৰ্মন. সমন্বয় ক্ষেত্ৰত জনসমুদ্ৰ, আমাৰ অসম, ০৪-০২-২০১২, পৃঃ ১, ৮
- ↑ আলিয়াছ আহমেদ, অতুল কুমাৰ বৰ্মন. ময়ূৰপংখী নাৱত তুলি নতুন সভাপতি ইমৰান শ্বাহক আদৰণি, আমাৰ অসম, ০৪-০২-২০১২, পৃঃ ১, ৮
- ↑ আলিয়াছ আহমেদ, অতুল কুমাৰ বৰ্মন, কিশোৰ শিৱম, ভাষা-সাহিত্য ৰক্ষা হ'ব চৰকাৰ আৰু ৰাইজৰ সহযোগিতাতহে, আমাৰ অসম, ০৫-০২-২০১২, পৃঃ ১, ৮
- ↑ (Feb 01, 2013). অধিৱেশনলৈ নিমন্ত্ৰণ কৰা নহ'ল. amarasom.glpublications.in. আমাৰ অসম. পৃ. ১ম, ৮ম
- ↑ ষ্টাফ ৰিপৰ্টাৰ, অধিৱেশনলৈ নিমন্ত্ৰণ কৰা কৰা নহ'ল প্ৰাক্তন সভাপতিক, আমাৰ অসম, ০১-০২-২০১২, পৃঃ ১, ৮
- ↑ কিশোৰ শিৱম, লুব্না মৰিয়মলৈ ভূপেন হাজৰিকা আন্তৰ্জাতিক বঁটা, আমাৰ অসম, ০১-০২-২০১২, পৃঃ ১, ৮
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম সাহিত্য সভাৰ বৰপেটাৰোড অধিৱেশন (২০১৩)” প্ৰবন্ধৰ সংশোধন ৩৯৪৯৪৬ (৪ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।