অসম সাহিত্য সভাৰ অধিৱেশন
৮ প্ৰবন্ধ
-
অসম সাহিত্য সভাৰ ডিব্ৰুগড় অধিৱেশন (২০০১)
অসম সাহিত্য সভাৰ ৬৬তম অধিৱেশন ২০০১ চনত হোমেন বৰগোহাঞিৰ সভাপতিত্বত ডিব্ৰুগড় চহৰত অনুষ্ঠিত হৈছিল। মূল মণ্ডপৰ নামকৰণ পদ্মনাথ গোহাঞিবৰুৱাৰ নামেৰে সাহিত্য কাণ্ডাৰী মণ্ডপ আৰু মূল তোৰণখনৰ নাম ৰূপকোঁৱৰ তোৰণ ৰখা হৈছিল।
-
অসম সাহিত্য সভাৰ কলিয়াবৰ অধিৱেশন (২০১৫)
অসম সাহিত্য সভাৰ ত্ৰিসপ্ততিতম (৭৩-তম) অধিৱেশন নগাঁও জিলাৰ কলিয়াবৰত ৩১ জানুৱাৰী ২০১৫ তাৰিখৰপৰা ৪ ফেব্ৰুৱাৰী ২০১৫ তাৰিখলৈ অনুষ্ঠিত হয়। তেজপুৰৰ পৰা প্ৰায় ২৫ কিঃমিঃ দূৰৈৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ মৌচন্দা পথাৰত অস্থায়ীভাৱে নিৰ্মিত পণ্ডিত আত্মাৰাম শৰ্মা সমন্বয় ক্ষেত্ৰত অধিৱেশন অনুষ্ঠিত হয়।
-
অসম সাহিত্য সভাৰ দেৰগাঁও অধিৱেশন (২০১১)
অসম সাহিত্য সভাৰ ৭১-তম অধিৱেশন গোলাঘাট জিলাৰ দেৰগাঁৱত ২০১১ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হয়। অস্থায়ী ভাৱে নিৰ্মিত হেমচন্দ্ৰ বৰুৱা ক্ষেত্ৰত এই অধিৱেশন অনুষ্ঠিত হয়। ৰংবং তেৰাঙৰ সভাপতিত্বত এই অধিৱেশন অনুষ্ঠিত হৈছিল।
-
অসম সাহিত্য সভাৰ বৰপেটাৰোড অধিৱেশন (২০১৩)
অসম সাহিত্য সভাৰ দ্বিসপ্ততিতম (৭২-তম) অধিৱেশন বৰপেটাৰোড চহৰত ৩০ জানুৱাৰী ২০১৩ তাৰিখৰপৰা ৫ ফেব্ৰুৱাৰী ২০১৩ তাৰিখলৈ অনুষ্ঠিত হয়। বৰপেটাৰোড চহৰৰ উপকণ্ঠত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অস্থায়ী ভাৱে নিৰ্মিত ড॰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত অধিৱেশন অনুষ্ঠিত হয়।
-
অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশন (২০২০)
অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম (৭৫-তম) দ্বিবাৰ্ষিক অধিৱেশন কামৰূপ জিলাৰ শুৱালকুছিত ২০২০ চনৰ ১, ২, ৩ আৰু ৪ ফেব্ৰুৱাৰী, তাৰিখে অনুষ্ঠিত হৈছিল। এই অধিৱেশনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় তিনি হাজাৰ প্ৰতিনিধি আৰু শতাধিক বিশিষ্ট লেখক, সাহিত্য-সমালোচক, গৱেষক সমবেত হোৱাৰ লগতে প্ৰায় বিছ লাখ জনসাধাৰণে…
-
অসম সাহিত্য সভাৰ অষ্টম বিশেষ বাৰ্ষিক গুৱাহাটী অধিৱেশন (২০১৪)
অসম সাহিত্য সভাৰ অষ্টম বিশেষ বাৰ্ষিক গুৱাহাটী অধিৱেশন (ইংৰাজী: 8th special yearly Adhiveshan of Assam Sahitya Sabha) ২০১৪ চনৰ ৩১ জানুৱাৰীৰ পৰা চাৰি দিনীয়া কাৰ্য্যসূচীৰে গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয়।
-
অসম সাহিত্য সভাৰ নৱম বিশেষ বাৰ্ষিক হাফলং অধিৱেশন (২০১৬)
অসম সাহিত্য সভাৰ নৱম বিশেষ বাৰ্ষিক অধিৱেশন তিনিদিনীয়া কাৰ্যসূচীৰে ২০১৬ চনৰ ২ ফেব্ৰুৱাৰীৰ পৰা ডিমা হাছাও জিলাৰ হাফলং চহৰৰ সোণাৰাম থাউচেন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হয়।
-
অসম সাহিত্য সভাৰ সপ্তম বিশেষ বাৰ্ষিক লিডু অধিৱেশন (২০১২)
অসম সাহিত্য সভাৰ সপ্তম বিশেষ বাৰ্ষিক লিডু অধিৱেশন (7th special yearly Adhiveshan of Assam Sahitya Sabha) ২০১২ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈকে ৫ দিনীয়া কাৰ্য্যসূচীৰে তিনিচুকীয়া জিলাৰ লিডুৰ নিংৰুলা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈ যায়।