ময়ূৰ বৰা (Mayur Bora; জন্ম: ১৯৭০) এজন অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) লেখক, চিন্তাবিদ আৰু সমালোচক। একবিংশ শতিকাৰ প্ৰথম দশকত বাতৰিকাকত আৰু আলোচনীৰ মাধ্যমেৰে প্ৰবন্ধ ৰচনাৰ দ্বাৰা সাহিত্যকৰ্মক সমৃদ্ধ কৰা অসমীয়া নতুনচাম লেখকৰ ভিতৰত এজন ময়ূৰ বৰা।১ তেওঁ যুৱসমাজত ইতিবাচক বাৰ্তা প্ৰেৰণকাৰী সাহিত্য সৃষ্টিৰ বাবে ২০১৬ চনত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটা,২ ২০১৭ চনত অসম সাহিত্য সভাৰ ভৰত চন্দ্ৰ বৰুৱা স্মাৰক বঁটা,২ ২০১৮ চনত মইদুল ইছলাম বৰা সাহিত্য বঁটা ৩ আৰু ২০২২ চনত জননেতা ভীমবৰ দেউৰী বঁটা৪ আৰু ২০২৩ চনত নিউজ হেল্থ প্লাছে প্ৰদান কৰা ‘শ্ৰেষ্ঠ দ্বিভাষিক বক্তা’ আৰু ২০২৫ চনত চিৰদিন অসমীয়া গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ বঁটা (পাঠশালা অধিৱেশন) লাভ কৰিছে।৫ ১৫ মাৰ্চ, ২০২৫ তাৰিখে লখিমপুৰৰ নতুন সুৰ প্ৰকাশনে তেখেতক ‘কথা-বৈভৱ বঁটা’ প্ৰদান কৰিছে৷৬ ২০২৬ চনৰ আগষ্ট মাহৰ পৰা তেওঁ ইউ.এছ.টি.এমৰ ‘অথৰ ইন ৰেছিডেন্স’ আৰু চি.চি.ই.ৰ সঞ্চালক হিচাপে যোগদান কৰিছে৷৭
জন্ম আৰু শিক্ষা
ময়ূৰ বৰাৰ জন্ম হৈছিল ১৯৭০ চনৰ ১০ জুন তাৰিখে নগাঁও জিলাত। পিতৃৰ নাম ভাৰত চন্দ্ৰ বৰা আৰু মাতৃৰ নাম বনলতা বৰা। তেওঁৰ ককাক সনতৰাম বৰা৮ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰথমজন সম্পাদক আছিল। আইতাকৰ নাম কিৰণবালা বৰা।৯৩
গুৱাহাটীত ডাঙৰ দীঘল হোৱা ময়ূৰ বৰাই১ প্ৰাথমিক শিক্ষা লাভ কৰে গুৱাহাটীৰ চানমাৰিৰ চেক্ৰেট হাৰ্ট নামৰ স্কুলৰ পৰা। পৰৱৰ্তী সময়ত তেওঁ সেই স্কুল এৰি ব্যক্তিগত কাৰণত নিজৰাপাৰ প্ৰাথমিক বিদ্যালয়ত নাম ভৰ্তি কৰেহি। তাৰ পাছত তেওঁ গুৱাহাটীৰ কলেজিয়েট স্কুলৰ পৰা মাধ্যমিক শিক্ষা লাভ কৰে। ১৯৮৭ চনত কটন কলেজিয়েট স্কুলৰ পৰা মেট্ৰিক পৰীক্ষা পাছ কৰে। তাৰ পাছত কটন বিশ্ববিদ্যালয়ৰ বিজ্ঞান শাখাত নামভৰ্তি কৰে।৯ ১৯৮৯ চনত উচ্চতৰ মাধ্যমিক সাং কৰাৰ পিছত তেওঁ তেওঁ দিল্লী বিশ্ববিদ্যালয়ত বুৰঞ্জী বিষয়ক সন্মানীয় বিষয় হিচাপে লৈ ১৯৯৩ চনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। ডিগ্ৰীত দৰ্শন তেওঁৰ পাছক'ৰ্ছ আছিল।৩
কৰ্মজীৱন
ট্ৰান্সমিছন একজেকিউটিভ পৰীক্ষাত অসমৰ ভিতৰতে তেওঁ প্ৰথম হৈ আকাশবাণী হাফলঙত চাকৰি পাইও যোগদান কৰা নাছিল।৩ তেওঁ ১৯৯৬ চনত সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ লক্ষ্ণৌস্থিত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামীণ বিকাশ বেংকৰ কাৰ্যালয়ত২ সহকাৰী প্ৰবন্ধক (Assistant Manager) হিচাপে চাকৰি জীৱনৰ পাতনি মেলে।৯ তাত কেইমাহমান চাকৰি কৰাৰ পিছত তেওঁ গুৱাহাটীৰ কাৰ্যালয়লৈ আহে আৰু ১৯৯৬ চনৰ পৰা ২০০৩ চনলৈকে সহকাৰী প্ৰবন্ধক হিচাপে কাম কৰে। ইয়াৰ পিছত ২০০৩ চনৰ পৰা ২০০৭ চনলৈ চণ্ডীগড় আৰু ২০০৭ চনৰ পৰা ২০১৫ চনলৈকে যোৰহাটত তেওঁ কৰ্মজীৱন অতিবাহিত কৰে। ২০১৫ চনৰ পৰা ২০১৯ চনলৈকে নাবাৰ্ডৰ পৰা ডেপুটেচন হিচাপে তেওঁ গুৱাহাটীৰ খানাপাৰাত থকা ইণ্ডিয়ান ইনষ্টিটিউট অব বেংক মেনেজমেণ্ট (আই আই বি এম) ত চাৰি বছৰ ফেকাল্টি মেম্বাৰ হিচাপে সেৱা আগবঢ়ায়। ২০১৯ চনত তেওঁ পুনেত অৱস্থিত মহাৰাষ্ট্ৰৰ ৰিজনেল অফিচৰ উপ-মহাপ্ৰবন্ধক (Deputy General Manager) পদত কৰ্মৰত হয় আৰু ২০২১ চনৰ মাৰ্চ মাহত স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে।১USTM Appointment — Assamese Wikipedia Addition
২০২৬ চনৰ আগষ্ট মাহত বৰাই University of Science and Technology Meghalaya (USTM)-ত Author-in-Residence হিচাপে যোগদান কৰে আৰু বিশ্ববিদ্যালয়খনৰ Centre for Competitive Examinations (CCE)-ৰ সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰে। এই ভূমিকাত তেওঁ ছাত্ৰ-ছাত্ৰীসকলক লিখন, সমালোচনাত্মক চিন্তা, যোগাযোগ দক্ষতা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ ক্ষেত্ৰত দিক্দৰ্শন কৰিব।১০৭
সাহিত্যিক-সামাজিক জীৱন
কটন কলেজত পঢ়ি থকা সময়তে ময়ূৰ বৰাই দ্য ছেণ্টিনেল কাকতত প্ৰবন্ধ লিখিবলৈ আৰম্ভ কৰে। অৱশ্যে ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতেই তেওঁৰ প্ৰথম লেখা প্ৰকাশ হয় ভবেন্দ্ৰ নাথ শইকীয়াৰ দ্বাৰা সম্পাদিত সঁফুৰা আলোচনীত। তাত ময়ূৰ বৰাই অসমৰ পণ্ডিত আনন্দৰাম বৰুৱাৰ বিষয়ে লেখা এটা লিখিছিল।১৯ ষষ্ঠ শ্ৰেণীৰ পৰা তেওঁ অসম বাণী আৰু প্ৰহৰীত লিখিছিল। কটন কলেজত পঢ়ি থকাৰ সময়ত তেওঁ ইংৰাজীত প্ৰবন্ধ লিখিবলৈ আৰম্ভ কৰে।১ তেওঁ পশ্চিমীয়া সংস্কৃতি, জাতিবাদৰ ওপৰত হোৱা বিতৰ্কত আগ্ৰহ প্ৰকাশ কৰিছিল আৰু তেওঁ ডিডি নেচনেলত 'লোহিত কিনাৰে' শীৰ্ষক এখন টিভি ধাৰাবাহিক নিৰ্মাণ কৰোঁতে ভূপেন হাজৰিকাৰ অযৌক্তিক সমালোচনাৰ বিৰুদ্ধে সজোৰে প্ৰতিবাদ কৰিছিল।৩২
ধৰ্মীয় আৰু সামাজিক দিশত চলি থকা ভণ্ডামি, অন্ধবিশ্বাস, জাতিবাদ প্ৰথা, আৰু সামগ্ৰিকভাৱে অসমৰ জ্বলন্ত সমস্যা তথা সাম্প্ৰতিক সময়ৰ দুৰ্নীতি আদি তেওঁৰ লেখাৰ মূল বিষয়বস্তু। প্ৰথাগত চিন্তা আৰু ধাৰণাৰ বিৰুদ্ধে যুক্তিনিষ্ঠ প্ৰশ্ন উত্থাপন, জাতিৰ ঐতিহ্যৰ প্ৰতি দায়বদ্ধতা।১১ আৰু ঐতিহাসিক সমলৰ সন্ধান আদি বৈশিষ্ট্যবোৰো ময়ূৰ বৰাৰ প্ৰবন্ধৰ অন্যতম শক্তি।৯। বৰ্তমানলৈকে তেওঁ সৰ্বমুঠ ১৮খন গ্ৰন্থৰ লেখক।১১২ ১৬খন অসমীয়া গ্ৰন্থৰ লগতে তেওঁ দুখন গ্ৰন্থ ইংৰাজী ভাষাত ৰচনা কৰা। তেওঁ ইংৰাজীলৈ এখন গল্প সংকলন অনুবাদ কৰিছে। দিলীপ বৰাৰ চুটিগল্পৰাজি 'All Those Yearings' নামেৰে ইংৰাজীলৈ অনুবাদ কৰে।১
অসমীয়াত লিখা-মেলা কৰিবলৈ আৰম্ভ কৰা ময়ূৰ বৰাক দেউতাকে ইংৰাজী ভাষা শিক্ষাতো গুৰুত্ব দিছিল। সেয়ে অসমীয়াৰ সমান্তৰালকৈ ইংৰাজীতো ময়ূৰ বৰাৰ দক্ষতা পৰিলক্ষিত হয়।১ তেওঁ প্ৰথম দ্য আছাম ট্ৰিবিউন কাকত নিয়মীয়াকৈ লিখিছিল।৩ সাহিত্য ৰচনাৰ লগতে তেওঁ বহু ৰাজহুৱা বক্তৃতাও প্ৰদান কৰিছে। তেখেতে অসমৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়সমূহৰ লগতে বহিঃৰাজ্যৰো বিভিন্ন অনুষ্ঠানত বক্তৃতা দিবলৈ আমন্ত্ৰিত হোৱাৰ লগতে অসমত বহুকেইটা স্মাৰক বক্তৃতা প্ৰদান কৰিছে।১ তাৰে কেইটামান স্মাৰক বক্তৃতা হৈছে, ২০১৭ চনৰ ৬ আগষ্টত গুৱাহাটীৰ তীৰ্থনাথ শৰ্মা ভৱনত 'পুষ্পলতা দাস স্মাৰক বক্তৃতা' (বিষয়- জাতিৰ গৌৰৱ বৃদ্ধিত অসমীয়া নাৰীৰ ভূমিকা), ২০১৭ চনৰ ২৩ আগষ্টত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সংস্কৃতি অধ্যয়ন বিভাগে শংকৰদেৱৰ ৪৪৮ তম মৃত্যুতিথিত আয়োজন কৰা 'বিশেষ বক্তৃতা' (বিষয়: শ্ৰীমন্ত শঙ্কৰদেৱ), ২০১৮ চনৰ ২ জানুৱাৰীত গুৱাহাটীৰ তীৰ্থনাথ শৰ্মা ভৱনত 'অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী স্মাৰক বক্তৃতা' (বিষয়-অম্বিকাগিৰীৰ স্বাভিমান আৰু সাম্প্ৰতিক অসমীয়া সমাজ), ২০১৮ চনৰ ২৪ মে'ত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত 'পদ্মলোচন ভূঞা স্মাৰক বক্তৃতা' (বিষয়-অসমীয়া জাতিৰ উত্তৰণ-সমস্যা আৰু সম্ভাৱনীয়তা), ২০১৮ চনৰ ১৯ নবেম্বৰত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত 'ড॰ মাধৱ চন্দ্ৰ বৰা স্মাৰক বক্তৃতা' (বিষয়-পৰিৱৰ্তনশীল বিশ্বত পৰিৱৰ্তনশীল মানসিকতা), ২০১৯ চনৰ ১০ নবেম্বৰত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত'যোগেন্দ্ৰ নাৰায়ণ ভূঞা স্মাৰক বক্তৃতা' (বিষয়-যোগেন্দ্ৰ নাৰায়ণ আৰু ঊনবিংশ শতিকাৰ অসম) ইত্যাদি।
পিতৃ-মাতৃয়ে ময়ূৰ বৰাক সৰুৰ পৰাই সমাজত কঠিন প্ৰশ্ন কৰিবলৈ শিকাইছিল। এই অভ্যাসে সাহিত্য চৰ্চাত ইতিবাচক প্ৰভাৱ পেলাইছিল বুলি ময়ূৰ বৰাই কয়। তেখেতৰ ভাষাত, "পিতৃ-মাতৃৰ প্ৰভাৱে মোক পঢ়িবলৈ, কৌতূহলী হ'বলৈ আৰু প্ৰশ্ন সুধিবলৈ আগ্ৰহী কৰি তুলিছিল। দেউতাই মোক সদায়ে কৈছিল মানৱ সভ্যতাৰ ভেটি সদায় শক্তিশালী অনুসন্ধানৰ ওপৰত নিৰ্ভৰ কৰে। (Parental influence played a great role in making me pick up interest in reading, in being curious and in always asking questions. My father always used to say that the edifice of human civilisation always rests on a sense of robust inquiry.)"১
ময়ূৰ বৰা দূৰদৰ্শনৰ বিভিন্ন আলোচনা-তৰ্ক আদিত আমন্ত্ৰিত হয় আৰু তেওঁ সিবিলাকত সক্ৰিয় ভূমিকা গ্ৰহণ কৰে।৩
২০২১ চনৰ ৪ জুলাইত কানাডাত উত্তৰ আমেৰিকাৰ অসম এছ'চিয়েশ্বনৰ বাৰ্ষিক অধিৱেশন উপলক্ষে অনুষ্ঠিত হোৱা সঁতাৰ সভাত ময়ূৰ বৰাই ইতিহাসলভ্য শিক্ষা আৰু অসমীয়া জাতিৰ ভৱিষ্যৎ শীৰ্ষক এলানি বক্তৃতা প্ৰদান কৰে। এই বক্তৃতাত ময়ূৰ বৰাই কৈছিল,"প্ৰবাসীসকল এটা নিঃসংগ দ্বীপ নহয়, তেওঁলোক একো একোটা তৰা বা নক্ষত্ৰ।" লগতে তেওঁ উল্লেখ কৰিছিল যে অসমীয়া অভিভাৱকে যেতিয়া নিজৰ সন্তানে অসমীয়া নাজানে বুলি কয়-তেতিয়া তেওঁলোকক সন্মান সহকাৰে সোঁৱৰাই দিবৰ মন যায় ইলাইজা হুইট্নি ব্ৰাউনৰ কথা, যি সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা আহি অসমীয়া শিকি, অৰুণোদয় আলোচনীৰ নামটোও দিছিল।" ১৩১৪
ব্যক্তিগত জীৱন
১৯৯৯ চনৰ ৫ ফেব্ৰুৱাৰীত ময়ূৰ বৰাৰ ৰঞ্জিতা বৰাৰ সৈতে বিবাহ হয়। তেওঁলোকৰ দুজন সন্তান আছে। এজন ল'ৰা আৰু এগৰাকী ছোৱালী। ল'ৰাটোৰ নাম দেৱাস্মিত বৰা আৰু ছোৱালীজনীৰ নাম প্ৰাচীতা বৰা।
সাহিত্যকৰ্ম
প্ৰবন্ধ সংকলন
- অনুভৱৰ প্ৰতিধ্বনি, আঁক-বাক
- প্ৰত্যাশাৰ প্ৰতিলিপি, আঁক-বাক
- আৱেগৰ কুঁৱলী ফালি, আঁক-বাক
- চেতনাৰ স্পন্দন, আঁক-বাক
- চিন্তাৰ ভগ্নাংশ, প্ৰবন্ধ সংকলন, আঁক-বাক
- ভাবনাৰ স্বৰলিপি, আঁক-বাক
- অসমীয়াত্বৰ জ্যোতি
- পাহৰা মাণিক বিচাৰি, বনলতা
- কোনে ঘূৰাই দিব আমাৰ অক্সিজেন, ৰেখা
ইতিহাসমূলক গ্ৰন্থ
- জাতিভেদ প্ৰথা আৰু শংকৰদেৱ, আঁক-বাক
- অসমীয়াৰ স্বাভিমানৰ ৰূপৰেখা, বনলতা
- চিৰদিন অসমীয়া, বনলতা
সমালোচনামূলক গ্ৰন্থ
- পথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ, আঁক-বাক
- মাৰ্ক্সেই বজালে নেকি কমিউনিজমৰ মৃত্যুঘণ্টা, আঁক-বাক
- ব্ৰাহ্মণ্যবাদৰ ক’লীয়া ডাৱৰ আৰু অসম, আঁক-বাক
দৰ্শনমূলক গ্ৰন্থ
- হিন্দু ধৰ্মত ঈশ্বৰ আৰু নাস্তিকতা, আঁক-বাক
ইংৰাজী গ্ৰন্থ
- All Those Yearnings, চুটিগল্পৰ অনুবাদ সংকলন (মূল- দিলীপ বৰা), Appoccus
- Random Reflections, Collection of Articles, আঁক-বাক
প্ৰাপ্ত সন্মান
- ২০১৬ চনত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটা২১
- ২০১৭ চনত অসম সাহিত্য সভাৰ ভৰত চন্দ্ৰ বৰুৱা স্মাৰক বঁটা২১
- ২০১৮ চনত মইদুল ইছলাম বৰা সাহিত্য বঁটা১৫১
- ২০২২ চনত জননেতা ভীমবৰ দেউৰী বঁটা ১৬
- ২০২৩ চনত নিউজ হেল্থ প্লাছৰ ‘শ্ৰেষ্ঠ দ্বিভাষিক বক্তা’ৰ সন্মান
- ২০২৫ চনত ‘চিৰদিন অসমীয়া’ গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ বঁটা (পাঠশালা অধিৱেশন)৫
- ‘কথা-বৈভৱ বঁটা’, নতুন সুৰ প্ৰকাশন, লখিমপুৰ জিলা, ১৫ মাৰ্চ, ২০২৫৬
তথ্যসূত্ৰ
- ↑ (25 July, 2021). This award-winning Assam writer is unravelling history, illuminating the future
- ↑ Meet Mayur Bora- the acclaimed writer with 14 books to his credit. Guwahati Plus
- ↑ (1 August 2021). Mayur Bora: A true scholar of Assam with moral values
- ↑ (2 December, 2022). Mayur Bora Conferred with Jananeta Bhimbar Deori Bota. The Assam Tribune
- ↑ (৪ ফেব্ৰুৱাৰী, ২০২৫). অসম সাহিত্য সভাৰ বিশেষ বঁটা ঘোষণা. নিয়মীয়া বাৰ্তা. পৃ. ৩
- ↑ (16 March, 2025). Katha Baibhav, Sahitya Jyoti awards announced, The Assam Tribune, 16 March, 2025. পৃ. 9
- ↑ (২৫ আগষ্ট). প্ৰতিদিন কাকত
- ↑ ময়ূৰ বৰা. (জানুৱাৰী, ২০১২). পথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ. আঁক-বাক
- ↑ সম্পাদনা-ডিম্পল চমুৱা. (2015-16). নৰ্থ লখিমপুৰ কলেজ আলোচনী. পৃ. 95
- ↑ (25 August 2026). Mayur Bora Joins USTM as Author-in-Residence and CCE Director. Headline8
- ↑ (10 dec, 2017). বিশিষ্ট লেখক, চিন্তাবিদ ময়ূৰ বৰাৰ চতুৰ্দশ গ্ৰন্থ ‘অসমীয়া স্বাভিমানৰ ৰূপৰেখা’ উন্মোচন. North east now
- ↑ বৰা, ময়ূৰ. (২০২০). কিছু ইতিবাচক চিন্তাৰে ময়ূৰ বৰা
- ↑ দেবাঞ্জন বৰঠাকুৰ. (১ আগষ্ট,২০২১). উত্তৰ আমেৰিকাৰ অসমীয়া সমাজ আৰু এটি আকৰ্ষণীয় ভাষণ. সাদিন
- ↑ (২৪ জুলাই,২০২১). মিছিছিপিৰ পাৰত আই অসমীৰ সুৱদী মাত. আমাৰ অসম
- ↑ Critic and Writer Mayur Bora to Receive Dr Maidul Islam Bora Memorial Award. The Sentinel
- ↑ (১ ডিচেম্বৰ,২০২২). আৰ্কাইভ কপি. নিয়মীয়া বাৰ্তা. পৃ. ৯
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ময়ূৰ বৰা” প্ৰবন্ধৰ সংশোধন ৬৩৯২৩৫ (২৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।