অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইলাইজা হুইট্‌নি ব্ৰাউন

ইলাইজা হুইট্‌নি ব্ৰাউন (Eliza Whitney Brown; ১৯ শতিকা) অসমলৈ আহি খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰাৰ লগতে অসমীয়া ভাষাৰ হকে কাম কৰা নাথান ব্ৰাউনৰ পত্নী। অসমীয়া সাহিত্য জগতত তেওঁ এলিজা ব্ৰাউন নামেৰে পৰিচিতা। ১৮০৭ চনৰ ১২ এপ্ৰিলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চাৰ্লমণ্টত তেওঁ জন্মলাভ কৰিছিল।

হালনাগাদ: ২৫ ছেপ্তেম্বৰ ২০২৪ ২২৯ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ইলাইজা হুইট্‌নি ব্ৰাউন (Eliza Whitney Brown; ১৯ শতিকা) অসমলৈ আহি খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰাৰ লগতে অসমীয়া ভাষাৰ হকে কাম কৰা নাথান ব্ৰাউনৰ পত্নী। অসমীয়া সাহিত্য জগতত তেওঁ এলিজা ব্ৰাউন নামেৰে পৰিচিতা। ১ ১৮০৭ চনৰ ১২ এপ্ৰিলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চাৰ্লমণ্টত তেওঁ জন্মলাভ কৰিছিল।২ তেওঁ শদিয়া, জয়পুৰ আৰু শিৱসাগৰত হেৰিয়েট বাউমেন ল’ কট্টাৰৰ সৈতে লগলাগি কেইবাখনো অসমীয়া বিদ্যালয় খুলিছিল।

১৮৩৬ চনত ২৩ মাৰ্চত নাথান ব্ৰাউন আৰু অলিভাৰ কট্টৰৰ পৰিয়াল খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে শদিয়াত উপস্থিত হৈছিল। ইলাইজা ব্ৰাউন আৰু মিছেছে কট্টৰে অসমীয়া বিদ্যালয় স্থাপন কৰিছিল যদিও খামটি আৰু চিংফৌসকলৰ বিদ্ৰোহৰ বাবে তেওঁলোক শদিয়া এৰি ভৈয়ামলৈ আহিবলগীয়া হ'ল।৩ মিছেছ ব্ৰাউন আৰু মিছেছ কট্টেৰে শিৱসাগৰলৈ আহি ছখন অসমীয়া বিদ্যালয় পাতে। শদিয়াৰ স্কুলতেই ইলাইজা ব্ৰাউনে নিধিৰাম কেওট নামৰ মাউৰা ল'ৰাটোক ছাত্ৰ হিচাপে পাইছিল। শিৱসাগৰত এই নিধিৰামক ব্ৰাউন পৰিয়ালে লিখা-পঢ়া আৰু ছপাৰ কাম শিকায়। নিধিৰামেই পাছলৈ নিধি লেভি ফাৰৱেল নাম লৈ অসমীয়া খ্ৰীষ্টান সাহিত্যলৈ বৰঙণি আগবঢ়ায়।

অৰুণোদইত ইলাইজা হুইট্‌নি ব্ৰাউনৰ লেখাবোৰ ই, হু, ব নামৰে প্ৰকাশ পাইছিল। ১৮৪০ চনত তেওঁ ছাত্ৰসকলৰ বাবে 'ভূগোলৰ বিৱৰণ' আৰু 'গণনৰ অঙ্ক' ৰচনা কৰে। তেওঁ বঙালী আৰু ইংৰাজীৰ পৰা অসমীয়া ভাঙনি কৰা কাহিনীবোৰ ১৮৫০ চনত প্ৰকাশ কৰে আৰু এই শিশু সাহিত্যই প্ৰথম অসমীয়া 'সাধুৰ পুথি'।৩ স্বামীৰ সৈতে যুটীয়া ভাৱে 'গণনৰ অঙ্ক' (২য় ভাগ) লিখিছিল। 'The Whole World Kin' নাম দি স্বামীৰ জীৱনী ৰচনা কৰে।৪

ড: ব্ৰাউন আৰু ইলাইজা ব্ৰাউনৰ তিনিটি পুত্ৰ আৰু দুটি কন্যা সন্তান আছিল। অসমলৈ অহাৰ আগতেই কলিকতাত দ্বিতীয় সন্তান ৱিলিয়াম বালাৰ্ডৰ, শদিয়াত থাকোঁতে ১৮৩৮ চনত প্ৰথম সন্তান ডৰথি ছ'ফিয়াৰ আৰু তাৰ পাছতে নাথান নামৰ পুত্ৰৰ মৃত্যু হৈছিল।২

১৮৭১ চনৰ ১৪ মে'ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ জাৰ্চি চিটিত ইলাইজা ব্ৰাউনৰ মৃত্যু হয়।

তথ্যসূত্ৰ

  1. ↑ সত্যেন্দ্ৰনাথ শৰ্মা. (২০১৩). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. সৌমাৰ প্ৰকাশ. পৃ. ২৫৩
  2. ↑ (1871). Songs in the night: a sermon, preached at the funeral of Mrs. Eliza Whitney Brown. Thomas Holman. পৃ. 8-20
  3. ↑ সম্পা: বৰঠাকুৰ, শীলা. (১৯৮৭). লেখিকাৰ জীৱনী- প্ৰথম খণ্ড. সদৌ অসম লেখিকা সমাৰোহ সমিতি. পৃ. ২৩-২৮
  4. ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান বেপ্তিষ্ট মিছনেৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইলাইজা হুইট্‌নি ব্ৰাউন” প্ৰবন্ধৰ সংশোধন ৪৩৩৩২৭ (২৫ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।