চেতনাৰ স্পন্দন(Setonar Spondon) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। ২০১৪ চনৰ নৱেম্বৰ মাহত আঁক-বাক প্ৰকাশনৰ পৰা প্ৰথম প্ৰকাশ পোৱা কিতাপখনৰ মূল্য ডেৰশ টকা। কিতাপখন তেওঁ ড° হিৰণ্য কুমাৰ নাথলৈ আগবঢ়াই এনেদৰে লিখিছে, "মোৰ ঘনিষ্ঠ বন্ধু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছেম হিউষ্টন ষ্টেট ইউনিভাৰ্ছিটীৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ড° ড° হিৰণ্য কুমাৰ নাথৰ হাতত তুলি দিলোঁ এই গ্ৰন্থ...।" ১
বিৱৰণ
কিতাপখনত কেনে প্ৰবন্ধৰ অন্তৰ্ভুক্তি কৰা হৈছে সেই বিষয়ে লেখকে দুৱাৰডলিত কিছু কথা শীৰ্ষক একলমত এনেদৰে লিখিছে, "বিভিন্ন বন্ধ বা আন্দোলনৰ মাজত ডাঙৰ হোৱা বৰ্তমান সময়ৰ বেছিভাগ অসমীয়াৰে ৰাজনৈতিক সচেতনতা কিছু পৰিমাণে আছে। কিন্তু যোৱা দুটা দশকত আমাৰ সমাজখনৰ কেতবোৰ নিৰুৎসাহজনক কথাই প্ৰমাণ কৰিছে কেৱল ৰাজনৈতিক চেতনাবোধৰ জৰিয়তে এটা জাতিয়ে প্ৰকৃতাৰ্থত মেৰুদণ্ড পোন কৰি চলিবলৈ সক্ষম নহয়। ৰাজনৈতিক চেতনাবোধৰ লগে লগে আমাৰ তেজত থাকিব লাগে ঐতিহাসিক আৰু সাংস্কৃতিক চেতনাবোধ। দ্বিধাগ্ৰস্ততাক প্ৰশয় নিদি মোৰ সীমিত জ্ঞান আৰু অভিজ্ঞতাৰে ক'ব বিচাৰিম যে সাম্প্ৰতিক কালত অসমীয়াভাষী হিন্দু লোকসকল হিন্দী বলয় আৰু পশ্চিমবংগৰ পৰা আমদানিকৃত জকমকীয়া ধৰ্ম সম্বন্ধীয় আৰু সাংস্কৃতিক ঢৌৰ মাজত বিলীন হ'বলৈ উপক্ৰম হোৱাৰ মূল কাৰণ হ'ল ঐতিহাসিক আৰু সাংস্কৃতিক চেতনাশূন্যতা। সেয়েহে আমাৰ ৰাজনৈতিক সংগ্ৰামবোৰো বাৰে বাৰে উজুটি খাইছে। এনেবোৰ বিষয় লৈয়ে যোৱা এক-ডেৰটামান বছৰত লিখা কেতবোৰ নিৰ্বাচিত প্ৰবন্ধক এইখন গ্ৰন্থত অন্তৰ্ভুক্ত কৰা হৈছে।" প্ৰবন্ধসমূহ হ'ল-
- সুখ্যাতি আৰু সুৰক্ষা
- আমি কিমান ধৰ্মনিৰপেক্ষ?
- গীতাৰ দৰ্শন স্ববিৰোধী নেকি?
- সংস্কৃত আমাক লাগেনে?
- সত্যানুসন্ধান আৰু বিতৰ্ক
- প্ৰত্যাহ্বানৰ আৱৰ্তত প্ৰাচীন ভাৰতৰ ইতিহাস চৰ্চা
- পৰাগ দাসক সোঁৱৰাৰ নৈতিক অধিকাৰ আছেনে আমাৰ?
- সমুজ্জ্বল ভট্টাচাৰ্যলৈ এটা প্ৰশ্ন
- হিমন্ত বিশ্ব শৰ্মাৰ কথা কিমান সঁচা, কিমান মিছা
- ধৰ্মীয় মৌলবাদ আৰু সাম্প্ৰদায়িকতা সমাৰ্থক নেকি?
- আশাৰাম বাপুৱে সমাজলৈ নমোৱা নিৰাশাৰ আঁত ধৰি
- মৃত্যুৱেও যেতিয়া হাৰ মানে...
- বাদী, বিসংবাদী আৰু ১০ জনপথ
- যৌন আৱেদনৰ যাতনা
- সমকামিতা, প্ৰকৃতি আৰু ভগৱান
- যৌনতা, নাৰী আৰু সমাজ
- অসমৰ মুছলমান সমাজলৈ এটা অনুৰোধ
- দুখন দুৱাৰৰ ঘৰত নৰেন্দ্ৰ মোদী আৰু ছালমা খাতুন
- ছীষ্টেমৰ অদৃশ্য নাগপাশ
- বি টি এ ডিৰ তেজৰ নৈয়ে কংগ্ৰেছৰ সাম্প্ৰদায়িকতাক ৰুধিব পাৰিবনে?
- ছিৰিয়াৰ ঘটনাৱলীয়ে উন্মোচিত কৰিছে মধ্যপ্ৰাচ্যত আমেৰিকাৰ দুমুখীয়া নীতি
- যোৰহাটৰ ঐতিহ্য আৰু গণেশ পূজা
- এটা আত্মহত্যা আৰু দুটা প্ৰশ্ন
- প্ৰতিমা বিসৰ্জন নে চেতনা বিসৰ্জন
- অগপৰ গুৱাহাটী অভিৱৰ্তনলৈ মই কিয় নাযাওঁ
- মহাপুৰুষ শংকৰদেৱ কাৰ?
লেখকৰ পৰিচয়
মূল প্ৰবন্ধ: ময়ূৰ বৰা
ময়ূৰ বৰা হৈছে এজন অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) লেখক আৰু সমালোচক। একবিংশ শতিকাৰ প্ৰথম দশকত বাতৰিকাকত আৰু আলোচনীৰ মাধ্যমেৰে প্ৰবন্ধ ৰচনাৰ দ্বাৰা সাহিত্যকৰ্মক সমৃদ্ধ কৰা অসমীয়া নতুনচাম লেখকৰ ভিতৰত এজন ময়ূৰ বৰা। ২তেখেতে ২০১৮ চনলৈকে ১৪খন গ্ৰন্থ ৰচনা কৰে।৩ ইয়াৰে দুখন গ্ৰন্থ ইংৰাজী ভাষাত ৰচনা কৰা। তেওঁ ইংৰাজীলৈ এখন গল্প সংকলনো অনুবাদ কৰিছে। ধৰ্মীয় আৰু সামাজিক দিশত চলি থকা ভণ্ডামি, অন্ধবিশ্বাস, জাতিবাদ প্ৰথা, আৰু সামগ্ৰিকভাৱে অসমৰ জ্বলন্ত সমস্যা তথা সাম্প্ৰতিক সময়ৰ দুৰ্নীতি আদি তেওঁৰ লেখাৰ মূল বিষয়বস্তু। প্ৰথাগত চিন্তা আৰু ধাৰণাৰ বিৰুদ্ধে যুক্তিনিষ্ঠ প্ৰশ্ন উত্থাপন, জাতিৰ ঐতিহ্যৰ প্ৰতি দায়বদ্ধতা৪ আৰু ঐতিহাসিক সমলৰ সন্ধান আদি বৈশিষ্ট্যবোৰো ময়ূৰ বৰাৰ প্ৰবন্ধৰ অন্যতম শক্তি।২বৰ্তমানলৈকে তেওঁ সৰ্বমুঠ ১৬খন গ্ৰন্থৰ লেখক।৫
লগতে চাওক
তথ্যসূত্ৰ
- ↑ ময়ূৰ বৰা. (নৱেম্বৰ,২০১৪). চেতনাৰ স্পন্দন. আঁক-বাঁক. ISBN 978 93 82726 66 1
- ↑ সম্পাদনা-ডিম্পল চমুৱা. (2015-16). নৰ্থ লখিমপুৰ কলেজ আলোচনী. পৃ. 95
- ↑ Meet Mayur Bora- the acclaimed writer with 14 books to his credit. Guwahati Plus
- ↑ (10 dec, 2017). বিশিষ্ট লেখক, চিন্তাবিদ ময়ূৰ বৰাৰ চতুৰ্দশ গ্ৰন্থ ‘অসমীয়া স্বাভিমানৰ ৰূপৰেখা’ উন্মোচন. North east now
- ↑ বৰা, ময়ূৰ. (২০২০). কিছু ইতিবাচক চিন্তাৰে ময়ূৰ বৰা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেতনাৰ স্পন্দন” প্ৰবন্ধৰ সংশোধন ২৯৮৯২৬ (১৯ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।