অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

হিন্দু ধৰ্মত ঈশ্বৰ আৰু নাস্তিকতা

হিন্দু ধৰ্মত ঈশ্বৰ আৰু নাস্তিকতা(Hindu Dharmat Isswar Aaru Nastikota) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। ২০১৬ চনৰ জানুৱাৰী মাহত গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় আঁক-বাক প্ৰকাশনৰ পৰা। গ্ৰন্থখনৰ মূল্য ডেৰশ টকা।

হালনাগাদ: ২০ ছেপ্তেম্বৰ ২০২১ ৩৩৪ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

হিন্দু ধৰ্মত ঈশ্বৰ আৰু নাস্তিকতা(Hindu Dharmat Isswar Aaru Nastikota) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। ২০১৬ চনৰ জানুৱাৰী মাহত গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় আঁক-বাক প্ৰকাশনৰ পৰা। গ্ৰন্থখনৰ মূল্য ডেৰশ টকা। গ্ৰন্থখন লেখকে "ব্যক্তিগত জীৱনৰ আৱৰ্তৰ বাহিৰত ধৰ্মক গুৰুত্বহীন কৰি ৰাখিব বিচৰা প্ৰতিজন ব্যক্তিৰ হাতত..." আগবঢ়াইছে। ১

বিৱৰণ

কিতাপখনৰ আৰম্ভণিতে লেখকৰ একলম হিচাপে অকণমান ব্যক্তিগত শীৰ্ষক লেখাটোত তেওঁ লিখিছে,"প্ৰতিটো ধৰ্মই ভিন্ন পদ্ধতিৰ দ্বাৰা সত্যানুসন্ধানৰ প্ৰতি অনুগামীসকলক উদগনি দিয়ে। মানৱতাবাদী চিন্তাকো বেছিভাগ সময়তে সকলো ধৰ্মই উৎসাহিত কৰে বা সমৰ্থন দিয়ে। কিন্তু তৎসত্ত্বেও আমি যেতিয়া শুনো যে সমগ্ৰ পৃথিৱীতে অন্যান্য যুদ্ধত যিমান মানুহৰ মৃত্যু হৈছে, তাতকৈ বেছি মানুহৰ প্ৰাণহানি হৈছে ধৰ্মযুদ্ধবোৰত, তেতিয়া স্তম্ভিত হওঁ। নিজৰ ধৰ্মক ছলে-বলে কৌশলে শ্ৰেষ্ঠ হিচাপে প্ৰতিপন্ন কৰিব খুজিলেই সমাজত এক সংঘাতময় আৰু অশান্তিজৰ্জৰ পৰিস্থিতিৰ জন্ম হয়। তেনে পৰিৱেশত যুক্তিবাদ, মানৱতাবাদ আদি কথাবোৰ অপ্ৰাসংগিক হৈ পৰে আৰু এক বৰ্ণনাতীতভাৱে শক্তিশালী অন্ধ আৱেগে অপ্ৰতিৰোধ্য ৰূপ লৈ মানুহক দানৱলৈ ৰূপান্তৰিত কৰে। বিশ্ব ইতিহাসৰ বুকুত এনে দৃষ্টান্ত বহু আছে। বৰ্তমান সময়তো বিশ্বৰ বিভিন্ন প্ৰান্তত ধৰ্মৰ নামত এচাম নৰপিশাচৰ বৰ্বৰ কাণ্ড প্ৰায় প্ৰতিদিনেই সংঘটিত হয়। বহু চিন্তাশীল মানুহক তেনে সময়তে আমনি দিয়ে এটা আহুকলীয়া প্ৰশ্নই- ধৰ্ম আৰু মানৱতাবাদ দুয়োটা বস্তু এটা মুদ্ৰাৰে ইপিঠি-সিপিঠি হোৱাৰ পৰিৱৰ্তে এটাই আনটোক বিৰোধিতাহে কৰে নেকি? এই জটিল প্ৰশ্নৰ সদুত্তৰ বিচৰাৰ সময়তো সততা আৰু সৎ সাহসক পাথেয় কৰিয়েই আমি চলিব লাগিব। ইয়াৰ অন্যথা প্ৰকৃত সত্য আৱেগিক বিভ্ৰান্তিৰ মায়াজালৰ মাজত অন্তৰ্হিত হৈ পৰাৰ সম্ভাৱনাহে বেছি।" কিতাপখনত লেখকে হিন্দু ধৰ্মৰ শ্ৰেষ্ঠত্বক প্ৰতিপন্ন কৰাৰ সলনি এই ধৰ্মত দৃশ্যমান হৈ থকা ঈশ্বৰকেন্দ্ৰিক চিন্তাৰ বিশালতা আৰু বিচিত্ৰতাৰ এটা অংশক ব্যাখ্যা কৰাৰহে চেষ্টা চলোৱা হৈছে বুলি লেখকে স্পষ্ট কৰি দিয়ে। লগতে লিখিছে,"সেই প্ৰয়াসত ফুটি উঠিব পৰা সকলো বিসংগতি আৰু সীমাবদ্ধতাৰ বাবে মই জগৰীয়া।" কিতাপখনত মুঠ ৯টা প্ৰবন্ধ আছে।১ সেইকেইটা হ'ল-

  1. হিন্দু ধৰ্ম- আন ধৰ্মতকৈ প্ৰকৃতাৰ্থত পৃথকনে?
  2. ঋক্‌বেদত ধৰ্ম, ঈশ্বৰ আৰু অন্যান্য চিন্তা
  3. সাম, যজুস আৰু অথৰ্ববেদৰ যোগেদি ধৰ্মচেতনাত এভূমুকি
  4. ব্ৰাহ্মণ আৰু উপনিষদৰ মাজত ধৰ্মচিন্তা
  5. হিন্দু ধৰ্মৰ কেতবোৰ বৈশিষ্ট্য
  6. শৈৱ-শাক্ত ধৰ্ম আৰু বৈষ্ণৱ ভক্তি আন্দোলন
  7. গীতা আৰু হিন্দু ধৰ্ম
  8. প্ৰাচীন ভাৰতীয় চেতনাত নাস্তিকতা
  9. হিন্দু দৰ্শনত ঈশ্বৰ আৰু নিৰীশ্বৰবাদ

লেখকৰ পৰিচয়

মূল প্ৰবন্ধ: ময়ূৰ বৰা

ময়ূৰ বৰা হৈছে এজন অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) লেখক আৰু সমালোচক। একবিংশ শতিকাৰ প্ৰথম দশকত বাতৰিকাকত আৰু আলোচনীৰ মাধ্যমেৰে প্ৰবন্ধ ৰচনাৰ দ্বাৰা সাহিত্যকৰ্মক সমৃদ্ধ কৰা অসমীয়া নতুনচাম লেখকৰ ভিতৰত এজন ময়ূৰ বৰা। ২তেখেতে ২০১৮ চনলৈকে ১৪খন গ্ৰন্থ ৰচনা কৰে।৩ ইয়াৰে দুখন গ্ৰন্থ ইংৰাজী ভাষাত ৰচনা কৰা। তেওঁ ইংৰাজীলৈ এখন গল্প সংকলনো অনুবাদ কৰিছে। ধৰ্মীয় আৰু সামাজিক দিশত চলি থকা ভণ্ডামি, অন্ধবিশ্বাস, জাতিবাদ প্ৰথা, আৰু সামগ্ৰিকভাৱে অসমৰ জ্বলন্ত সমস্যা তথা সাম্প্ৰতিক সময়ৰ দুৰ্নীতি আদি তেওঁৰ লেখাৰ মূল বিষয়বস্তু। প্ৰথাগত চিন্তা আৰু ধাৰণাৰ বিৰুদ্ধে যুক্তিনিষ্ঠ প্ৰশ্ন উত্থাপন, জাতিৰ ঐতিহ্যৰ প্ৰতি দায়বদ্ধতা৪ আৰু ঐতিহাসিক সমলৰ সন্ধান আদি বৈশিষ্ট্যবোৰো ময়ূৰ বৰাৰ প্ৰবন্ধৰ অন্যতম শক্তি।২বৰ্তমানলৈকে তেওঁ সৰ্বমুঠ ১৬খন গ্ৰন্থৰ লেখক।৫

লগতে চাওক

চিৰদিন অসমীয়া

তথ্যসূত্ৰ

  1. ↑ ময়ূৰ বৰা. (জানুৱাৰী,২০১৬). হিন্দু ধৰ্মত ঈশ্বৰ আৰু নাস্তিকতা. আঁক-বাঁক. ISBN 978-93-85934-09-4
  2. ↑ সম্পাদনা-ডিম্পল চমুৱা. (2015-16). নৰ্থ লখিমপুৰ কলেজ আলোচনী. পৃ. 95
  3. ↑ Meet Mayur Bora- the acclaimed writer with 14 books to his credit. Guwahati Plus
  4. ↑ (10 dec, 2017). বিশিষ্ট লেখক, চিন্তাবিদ ময়ূৰ বৰাৰ চতুৰ্দশ গ্ৰন্থ ‘অসমীয়া স্বাভিমানৰ ৰূপৰেখা’ উন্মোচন. North east now
  5. ↑ বৰা, ময়ূৰ. (২০২০). কিছু ইতিবাচক চিন্তাৰে ময়ূৰ বৰা

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিন্দু ধৰ্মত ঈশ্বৰ আৰু নাস্তিকতা” প্ৰবন্ধৰ সংশোধন ২৯৯২১০ (২০ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।