অনুভৱৰ প্ৰতিধ্বনি(Anuvobor Prottidhoni) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। ২০১১ চনৰ অক্টোবৰ মাহত প্ৰথম প্ৰকাশ পোৱা গ্ৰন্থখনৰ প্ৰকাশক হৈছে আঁক-বাঁক। প্ৰথম প্ৰকাশৰ মূল্য এশ টকা। গ্ৰন্থখন পিতৃ-মাতৃলৈ উছৰ্গা কৰি লেখকে এনেদৰে লিখিছে,"জীৱনৰ বহু দুখ-যন্ত্ৰণা সাহস আৰু দৃঢ়তাৰে অতিক্ৰম কৰি মোক প্ৰতিষ্ঠিত কৰাৰ বাবে যিয়ে অশেষ ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিলে আৰু সেই সপোন বাস্তৱায়িত হোৱাৰ আগতেই আমাৰ মাজৰ পৰা অকালতে হেৰাই গ'ল, সেইগৰাকী মমতাময়ী নাৰী মোৰ মা প্ৰয়াত বনলতা বৰাৰ সোঁৱৰণত আৰু কিতাপৰ জগতখনৰ লগত সৰুতেই চিনাকি কৰি দিয়া মোৰ দেউতা ভাৰত চন্দ্ৰ বৰাৰ চৰণত এই গ্ৰন্থখন উছৰ্গা কৰিলোঁ।" ১
বিৱৰণ
গ্ৰন্থখনৰ আৰম্ভণিত লেখক ময়ূৰ বৰাই মনৰ কথা শিৰোনামেৰে একলম আগকথা লিখিছে। তাত তেওঁ উল্লেখ কৰিছে যে হাইস্কুল আৰু কলেজত পঢ়া সময়ছোৱাত লিখিবলৈ আৰম্ভ কৰা লেখকৰ প্ৰায় বিশ বছৰ লেখাৰ লগত সম্পৰ্ক নোহোৱাৰ দৰে হৈছিল যদিও হৃদয়ৰ তাগিদাত তেওঁ পুনৰ কলম তুলি লয়। তেওঁ গ্ৰন্থখন প্ৰকাশ কৰিবলৈ আগবঢ়াৰ কথা এনেদৰে লিখিছে, "হৃদয়ৰ অহৰহ তাগিদাত পুনৰ কলম উঠাই লৈ বিভিন্ন কাকত-আলোচনীত লিখিবলৈ লোৱাৰ সময়তে সদাশয় পাঠক-পাঠিকাৰ মৰম আৰু আগ্ৰহে গভীৰভাৱে অনুপ্ৰাণিত কৰিলে। দুগুণে উৎসাহিত হ'লোঁ যেতিয়া মোৰ আটাইতকৈ প্ৰিয় সাহিত্যিক হোমেন বৰগোহাঞিয়ে তেওঁৰ সুচিন্তিত পৰামৰ্শৰ দ্বাৰা বাধিত কৰিলে। ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে লিখিবলৈ লোৱাৰ বাবে হয়তো কম সময়ৰ ভিতৰতে বেছিসংখ্যক পঢ়ুৱৈৰ ওচৰ চাপিব পাৰিছিলোঁ। তেনে বহু পঢ়ুৱৈৰ মৰমৰ দাবীৰ বাবেই মৰসাহ কৰি মোৰ এই ৰচনাৰ সংকলনটো গ্ৰন্থাকাৰে প্ৰকাশ কৰাৰ কথা ভাবিছিলোঁ।" এই গ্ৰন্থখনত সূচীপত্ৰখনত চাৰিভাগত ভাগ কৰি প্ৰবন্ধবোৰ সজোৱা হৈছে। ভাগসমূহ আৰু তাৰ অন্তৰ্গত প্ৰবন্ধহমূহ এনেধৰণৰ - ১ কিছু ঐতিহাসিক
- মহাত্মা গান্ধীৰ দৃষ্টিত হিটলাৰ
- ড° সুনীতি কুমাৰ চেটাৰ্জীৰ দৃষ্টিত শ্ৰীমন্ত শংকৰদেৱ
- স্বৰ্ণযুগ অতীতত নহয়, ভৱিষ্যতত
- ক্ৰমাৎ অপ্ৰাসংগিক হৈছে নেকি আউনীআটী সত্ৰ?
- পৰাগ কুমাৰ দাস - এটা ব্যক্তিগত অনুভৱ
- শংকৰ সংঘই অতীতক পাহৰিছে নেকি
কিছু সাম্প্ৰতিক
- মূলসুঁতিৰ চাক্নৈয়াত অন্তৰ্ধান 'শ্ৰেষ্ঠ অসমীয়া'
- 'স্লাটৱাক'- যৌনতাৰ প্ৰদৰ্শন নে নাৰীৰ সম-অধিকাৰৰ প্ৰয়াস
- ফেচ্বুক আৰু শংকৰদেৱ
- অসমীয়াৰ আৱেগ, আন্দোলন আৰু আছু
- ভাৰতীয়ৰ হৃদয়ত গান্ধী আছেনে?
- অসম চুক্তিৰ ছয় নং ধাৰাঃ সংশয়, সম্ভাৱনা আৰু সাহিত্য সভা
- সৱৰমতী গান্ধী আশ্ৰমত অসমীয়া ভাষাৰ দুৰৱস্থা
- কীৰ্তনপুথি বিকৃতকৰণ বিতৰ্ক
- শান্তি আলোচনা- ড° হীৰেন গোঁহাই বনাম সুবীৰ ভৌমিক
- পিৰামিডৰ দেশত গণতন্ত্ৰ সম্ভৱনে?
- বঁটা আৰু বক্তৃতা
- যোগাত্মক দৃষ্টিভংগীয়েহে গ্ৰন্থ আন্দোলনৰ ভেটি শক্তিশালী কৰিব
- অৰ্থনৈতিক বিশ্বায়নৰ বাস্তৱসন্মত বিকল্প আছেনে?
- ইণ্টাৰনেটত শংকৰদেৱ সম্পৰ্কীয় বিতৰ্ক আৰু শংকৰ সংঘলৈ কেইটামান আহুকলীয়া প্ৰশ্ন
- আমেৰিকাৰ এজন নীৰৱ অসমীয়াৰ ঐকান্তিক প্ৰচেষ্টা দেখি...
কিছু ভাবাত্মক
- ঘড়ী আৰু সময়
- পঁইতাচোৰা, স্বাৰ্থপৰতা আৰু এইন্ ৰেণ্ড
- ধৰ্ম সন্দৰ্ভত এজন ভয়াতুৰ মানুহৰ অনুভৱ
- প্ৰতিভা আৰু জখলা
- তলা আৰু চাবি
- প্ৰেম-ভালপোৱাৰ উৎস স্বাৰ্থপৰতা নেকি?
কিছু ব্যক্তিগত
- মোৰ ল'ৰা-ছোৱালী দুটা অসমীয়া হ'বনে?
- হৃদয়ৰ আন্দোলনৰ 'অৰ্থ' আছেনে?
- গ্ৰন্থমেলাৰ ধূলি- অতীত, বৰ্তমান আৰু ভৱিষ্যৎ
- নৱপ্ৰজন্মৰ চিকিৎসক আৰু সমাজৰ স্বাস্থ্য
লেখকৰ পৰিচয়
মূল প্ৰবন্ধ: ময়ূৰ বৰা
ময়ূৰ বৰা হৈছে এজন অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) লেখক আৰু সমালোচক। একবিংশ শতিকাৰ প্ৰথম দশকত বাতৰিকাকত আৰু আলোচনীৰ মাধ্যমেৰে প্ৰবন্ধ ৰচনাৰ দ্বাৰা সাহিত্যকৰ্মক সমৃদ্ধ কৰা অসমীয়া নতুনচাম লেখকৰ ভিতৰত এজন ময়ূৰ বৰা। ২তেখেতে ২০১৮ চনলৈকে ১৪খন গ্ৰন্থ ৰচনা কৰে।৩ ইয়াৰে দুখন গ্ৰন্থ ইংৰাজী ভাষাত ৰচনা কৰা। তেওঁ ইংৰাজীলৈ এখন গল্প সংকলনো অনুবাদ কৰিছে। ধৰ্মীয় আৰু সামাজিক দিশত চলি থকা ভণ্ডামি, অন্ধবিশ্বাস, জাতিবাদ প্ৰথা, আৰু সামগ্ৰিকভাৱে অসমৰ জ্বলন্ত সমস্যা তথা সাম্প্ৰতিক সময়ৰ দুৰ্নীতি আদি তেওঁৰ লেখাৰ মূল বিষয়বস্তু। প্ৰথাগত চিন্তা আৰু ধাৰণাৰ বিৰুদ্ধে যুক্তিনিষ্ঠ প্ৰশ্ন উত্থাপন, জাতিৰ ঐতিহ্যৰ প্ৰতি দায়বদ্ধতা৪ আৰু ঐতিহাসিক সমলৰ সন্ধান আদি বৈশিষ্ট্যবোৰো ময়ূৰ বৰাৰ প্ৰবন্ধৰ অন্যতম শক্তি।২বৰ্তমানলৈকে তেওঁ সৰ্বমুঠ ১৬খন গ্ৰন্থৰ লেখক।৫
লগতে চাওক
তথ্যসূত্ৰ
- ↑ ময়ূৰ বৰা. (অক্টোবৰ, ২০১১). অনুভৱৰ প্ৰতিধ্বনি. আঁক-বাঁক
- ↑ সম্পাদনা-ডিম্পল চমুৱা. (2015-16). নৰ্থ লখিমপুৰ কলেজ আলোচনী. পৃ. 95
- ↑ Meet Mayur Bora- the acclaimed writer with 14 books to his credit. Guwahati Plus
- ↑ (10 dec, 2017). বিশিষ্ট লেখক, চিন্তাবিদ ময়ূৰ বৰাৰ চতুৰ্দশ গ্ৰন্থ ‘অসমীয়া স্বাভিমানৰ ৰূপৰেখা’ উন্মোচন. North east now
- ↑ বৰা, ময়ূৰ. (২০২০). কিছু ইতিবাচক চিন্তাৰে ময়ূৰ বৰা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুভৱৰ প্ৰতিধ্বনি” প্ৰবন্ধৰ সংশোধন ২৯৮৮০৬ (১৯ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।