চিৰদিন অসমীয়া(Sirodin Axomiya) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। ২০১৮ চনৰ নৱেম্বৰ মাহত বনলতা প্ৰকাশনৰ পৰা প্ৰকাশ হোৱা গ্ৰন্থখনৰ মুঠ পৃষ্ঠা ৩০৮ আৰু মূল্য ৩৩০ টকা। লেখকে কিতাপখন উছৰ্গা কৰিছে, "অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত নিজৰ প্ৰাণ বলিদান দিয়া বীৰ ছহিদসকলৰ পুণ্য স্মৃতিত।" ১
বিৱৰণ
প্ৰাক্কথনত লেখক ময়ূৰ বৰাই অসম আৰু অসমীয়াৰ বিষয়ে অৱতাৰণা কৰি লিখিছে, "মাতৃভাষা আৰু মাতৃভূমিৰ প্ৰতি প্ৰশ্নাতীত একাত্মতা অনুভৱ নকৰা কোনো ব্যক্তিয়েই জাতিটোৰ বাবে অপৰিহাৰ্য নহয় বুলি ইতিহাসে আমাক শিকাই থৈ গৈছে।... অসমৰ খিলঞ্জীয়া মানুহৰ মূল সমস্যাবোৰৰ সমাধানসূত্ৰ উলিওৱাৰ ক্ষেত্ৰত কোনো ৰাজনৈতিক এটা সৰ্বভাৰতীয় ৰাজনৈতিক দলৰে বিন্দুমাত্ৰও সদিচ্ছা নাই। তেওঁলোকৰ বাবে অসমৰ সংজ্ঞা ১২৬ টা বিধানসভা সমষ্টি,১৪ টা লোকসভা সমষ্টি আৰু ৭ খন ৰাজ্যসভাৰ আসনতে সীমাবদ্ধ। তেওঁলোকৰ অংকটো অতি সৰল। আৰু সেই দৃষ্টিভংগীয়ে খিলঞ্জীয়া লোকৰ সমস্যাবোৰ জটিলৰ পৰা জটিলতৰ কৰি লৈ গৈ আছে। মই কিন্তু আশাবাদী। সংকটে ঘেৰি ধৰিলেও, ৰাজনৈতিক দলসমূহে বিশ্বাসঘাটকতা কৰিলেও, অসমৰ সংগ্ৰামী জনসাধাৰণে অৰাজনৈতিক সংগঠনৰ উদ্যোগত চলা আন্দোলনৰ মাজেদিয়েই নিজৰ গৃহভূমিত নিজৰ সন্মানজনক স্থিতি অক্ষুণ্ণ ৰাখিব পাৰিব। কিন্তু কেৱল ৰাজপথৰ আন্দোলনেটো জাতিটোৰ সকলো শংকা নিৰ্মূল কৰিব নোৱাৰে। সেই আন্দোলনটোক এটা শক্তিশালী ভেটি দিব লাগিব। সেই প্ৰয়োজনীয় ভেটিটো মজবুত ৰূপত গঢ়ি তোলাৰ বাবেই সমৰ্পিত মোৰ 'চিৰদিন অসমীয়া'ৰ ধাৰণাটো। বিশিষ্ট কথাশিল্পী চৈয়দ আব্দুল মালিকৰ এটা বিখ্যাত কবিতাৰ মাজৰ এই দুটা শব্দই সংকটৰ সময়ত জাতিটোৰ মনত প্ৰাণসঞ্চাৰ কৰিব পাৰে বুলি মই ভাবোঁ।" কিতাপখন দুটা অংশত বিভক্ত। প্ৰথম অংশত থকা ছয়টা অধ্যায় হৈছে, 'চিৰদিন অসমীয়াঃ দোহৰাৰ প্ৰয়োজন হৈছে কিয়' 'ঊনবিংশ শতিকাঃ সংকটৰ মাজত সম্ভাৱনীয়তা', 'আনন্দৰাম ঢেকিয়াল ফুকনঃভাষিক সংগ্ৰামৰ মুখ্য সেনাধ্যক্ষ', 'আমেৰিকান মিছনেৰীঃঅসমীয়াত্বৰ ধ্বজাবাহী', 'গুণাভিৰাম বৰুৱাঃভাষা-সংস্কৃতিৰ অক্লান্ত সাধক' আৰু 'হেমচন্দ্ৰ বৰুৱাঃভাষিক জাতীয়তাবাদৰ মহানায়ক'। ১
গ্ৰন্থখনৰ দ্বিতীয় অংশত বিভিন্ন কাকত-আলোচনীত প্ৰকাশিত লেখকৰ পঁয়ত্ৰিশটা প্ৰবন্ধ সন্নিৱিষ্ট কৰা হৈছে।১ প্ৰবন্ধসমূহ হৈছে-
- প্ৰাক্-স্বাধীনতা কালৰ অসমীয়া জাতীয়তাবাদৰ ৰূপৰেখা
- আইনৰ শাসন আৰু শংকৰদেৱ
- সত্ৰ আৰু ৰজাঘৰ
- কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাক আমি পাহৰিলোঁ নেকি
- অম্বিকাগিৰীঃ যাক বুজিবলৈ আমি চেষ্টা নকৰিলোঁ
- কনফুচিয়াচৰ পৰা বলিনাৰায়ণ বৰালৈ
- উদাৰতা আৰু অসমীয়া সত্তা
- শংকৰদেৱ আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ যুৱসমাজ
- বটবৃক্ষ যেতিয়া 'অদৃশ্য' হৈ পৰে
- নেহৰু,পেটেল,বসু কোনো সাৰি যোৱা নাই
- ভূপেন হাজৰিকা আৰু মুম্বাইবাসী অসমীয়াৰ উদ্দীপনা
- মানুহৰ বিচাৰ-বুদ্ধি আছেনে
- চৌদিশে কিয় বিভ্ৰান্তিৰ বনজুই
- শৈশৱতে ধেমালিতেঃ অলপ ব্যক্তিগত
- শংকৰদেৱ আৰু ডেনমাৰ্কৰ এজন অসমীয়া চিকিৎসক
- ৰবীন্দ্ৰনাথ, বেজবৰুৱা আৰু অসমীয়া-বাঙালীৰ সম্পৰ্ক
- কোন ভাৰতীয়, কোন অসমীয়া
- মোছ আৰু ঘোঁৰা
- অসম আন্দোলনৰ বিকৃত ব্যাখ্যা
- সত্ৰানুষ্ঠানঃ মূল আদৰ্শৰ পৰা বিচ্যুত নেকি
- ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ চিকিৎসা বিভ্ৰাট
- যোৰহাট আৰু গোৰেশ্বৰত আলোকৰ যাত্ৰা
- শংকৰদেৱ অসমীয়া জাতিৰ স্ৰষ্টা হয়নে
- ফাটবিহু থলীৰ পৰা অসমীয়াৰ স্বকীয়তা ৰক্ষাৰ আহ্বান
- ধৰাশায়ী হ'ল মানৱতা
- ট্ৰলিংঃ অপমান কৰাৰ পাছপৰ্ট
- অসমীয়াত্বৰ সন্ধানত এখোজ
- হৰেকৃষ্ণ মহন্তই শ্ৰীমন্ত শঙ্কৰদেৱৰ বঁটা পাবনে
- এজাক ৰক্তপিপাসু মানুহৰ কিৰীলিক অসমীয়াৰ প্ৰত্যুত্তৰ
- ভাদ মাহত অসমীয়া জাতিয়ে পণ ল'বনে
- সদনত অপমানিত উদাৰ অসমীয়া সত্তা
- ভাৰত 'সফল', অসম বিফল নেকি
- বিখ্যাত মানুহজনক কিয় বেয়া পালোঁ
- নগাঁও গ্ৰন্থমেলাত একাঁজলি শ্ৰদ্ধাঞ্জলি আৰু এটুপি চকুলো
- চৌদিশে অসমবিৰোধীৰ কিৰীলি শুনি
প্ৰথম অংশৰ ছয়টা আপেক্ষিক ভাৱে দীঘল প্ৰবন্ধৰ প্ৰথমটোত অসমীয়াৰ এটা সংজ্ঞা নিৰূপণ কৰাৰ লগতে 'চিৰদিন অসমীয়া' শব্দ যুগলৰ যোগেদি জাতিটোৰ বাবে প্ৰয়োজনীয় আৰু ধনাত্মক মনোভাৱক বুজোৱা হৈছে বুলি পঢ়ুৱৈয়ে মন্তব্য জনায়। এই শব্দ যুগল চৈয়দ আব্দুল মালিকৰ মই অসমীয়া কবিতাটোৰ পৰা উদ্ধৃত। জাতি-বৰ্ণ নিৰ্বিশেষে ক্ষণজন্মা ব্যক্তিৰ অৱদানে অসমীয়া জাতিটোক দ্বিজত্ব প্ৰদান কৰাৰ বিষয়ে প্ৰবন্ধটোত উল্লেখ আছে। প্ৰথম অংশৰ বাকীকেইটা প্ৰবন্ধত আনন্দৰাম ঢেকিয়াল ফুকন, আমেৰিকান বেপ্টিষ্ট মিছনেৰী,গুণাভিৰাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱাৰ সাধনা, অৱদানৰ কথা আলোচনা কৰি সেইসকলৰ চিন্তা অসমীয়া ভাষিক জাতীয়তাবাদৰ মূল আধাৰ হিচাপে প্ৰতিফলিত কৰিছে বুলি পঢ়ুৱৈসমাজে মন্তব্য দিয়ে।২
দ্বিতীয় অংশত সন্নিৱিষ্ট ৩৫ টা প্ৰবন্ধ বিভিন্ন কাকত আলোচনীত পূৰ্বপ্ৰকাশিত। লেখক বৰাই 'প্ৰাক্কথন'ত উল্লেখ কৰিছে যে কোনোটো প্ৰবন্ধৰ প্ৰকাশ্য অৰ্থ বা উদ্দেশ্য ভিন ভিন যেন লাগিলেও এই অংশৰ প্ৰতিটো লেখাৰে 'চিৰদিন অসমীয়া' ধাৰণাটোৰ লগত সম্পৰ্ক আছে।।২
লেখকৰ চমু পৰিচয়
মূল প্ৰবন্ধ: ময়ূৰ বৰা
ময়ূৰ বৰা হৈছে এজন অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) লেখক আৰু সমালোচক৷ একবিংশ শতিকাৰ প্ৰথম দশকত বাতৰিকাকত আৰু আলোচনীৰ মাধ্যমেৰে প্ৰবন্ধ ৰচনাৰ দ্বাৰা সাহিত্যকৰ্মক সমৃদ্ধ কৰা অসমীয়া নতুনচাম লেখকৰ ভিতৰত এজন ময়ূৰ বৰা। ৩তেখেতে ২০১৮ চনলৈকে ১৪ খন গ্ৰন্থ ৰচনা কৰে।৪ ইয়াৰে দুখন গ্ৰন্থ ইংৰাজী ভাষাত ৰচনা কৰা।তেওঁ ইংৰাজীলৈ এখন গল্প সংকলনো অনুবাদ কৰিছে। ধৰ্মীয় আৰু সামাজিক দিশত চলি থকা ভণ্ডামি, অন্ধবিশ্বাস, জাতিবাদ প্ৰথা, আৰু সামগ্ৰিকভাৱে অসমৰ জ্বলন্ত সমস্যা তথা সাম্প্ৰতিক সময়ৰ দুৰ্নীতি আদি তেওঁৰ লেখাৰ মূল বিষয়বস্তু। প্ৰথাগত চিন্তা আৰু ধাৰণাৰ বিৰুদ্ধে যুক্তিনিষ্ঠ প্ৰশ্ন উত্থাপন, জাতিৰ ঐতিহ্যৰ প্ৰতি দায়বদ্ধতা৫ আৰু ঐতিহাসিক সমলৰ সন্ধান আদি বৈশিষ্ট্যবোৰো ময়ূৰ বৰাৰ প্ৰবন্ধৰ অন্যতম শক্তি।৩বৰ্তমানলৈকে তেওঁ সৰ্বমুঠ ১৬ খন গ্ৰন্থৰ লেখক।৬
তথ্যসূত্ৰ
- ↑ ময়ূৰ বৰা. (নৱেম্বৰ, ২০১৮). চিৰদিন অসমীয়া. বনলতা
- ↑ ড০ ভূপেন শইকীয়া. (২ ডিচেম্বৰ,২০১৮). ময়ূৰ বৰাৰ চিৰদিন অসমীয়া. আমাৰ অসম
- ↑ সম্পাদনা-ডিম্পল চমুৱা. (2015-16). নৰ্থ লখিমপুৰ কলেজ আলোচনী. পৃ. 95
- ↑ Meet Mayur Bora- the acclaimed writer with 14 books to his credit. Guwahati Plus
- ↑ (10 dec, 2017). বিশিষ্ট লেখক, চিন্তাবিদ ময়ূৰ বৰাৰ চতুৰ্দশ গ্ৰন্থ ‘অসমীয়া স্বাভিমানৰ ৰূপৰেখা’ উন্মোচন. North east now
- ↑ বৰা, ময়ূৰ. (২০২০). কিছু ইতিবাচক চিন্তাৰে ময়ূৰ বৰা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিৰদিন অসমীয়া (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৩৩৩৮১৮ (২৬ ছেপ্তেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।