অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ভাবনাৰ স্বৰলিপি

ভাবনাৰ স্বৰলিপি(Vaabonaar Sworlipi) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। ২০১৬ চনৰ নৱেম্বৰ মাহত প্ৰথম প্ৰকাশ হোৱা গ্ৰন্থখনৰ প্ৰকাশন আঁক-বাক আৰু মূল্য হৈছে ডেৰশ টকা। লেখকে কিতাপখন আগবঢ়াইছে, "প্ৰীতি আৰু শুভেচ্ছাৰে মুন (মফিজুৰ ৰহমান) আৰু মালতীৰ (মালা বৰা) হাতত।"

হালনাগাদ: ১৯ ছেপ্তেম্বৰ ২০২১ ৩৮৪ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ভাবনাৰ স্বৰলিপি(Vaabonaar Sworlipi) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। ২০১৬ চনৰ নৱেম্বৰ মাহত প্ৰথম প্ৰকাশ হোৱা গ্ৰন্থখনৰ প্ৰকাশন আঁক-বাক আৰু মূল্য হৈছে ডেৰশ টকা। লেখকে কিতাপখন আগবঢ়াইছে, "প্ৰীতি আৰু শুভেচ্ছাৰে মুন (মফিজুৰ ৰহমান) আৰু মালতীৰ (মালা বৰা) হাতত।" ১

বিৱৰণ

কিতাপখনৰ নকৈ নোৱাৰোঁ শীৰ্ষক একলমত লেখকে এনেদৰে আৰম্ভ কৰিছে,"ভিন্নধৰ্মী প্ৰবন্ধৰে সংকলিত গ্ৰন্থৰ পাতনিত খুব দীঘলীয়াকৈ ব্যাখ্যা দাঙি ধৰাৰ প্ৰয়োজন নাথাকে। লেখকজনৰ ক'বলগীয়া কথাখিনি প্ৰবন্ধবোৰৰ মাজেদিয়েই প্ৰতিফলন ঘটাৰ পূৰ্ণ অৱকাশ থাকে।" ইয়াৰ পিছতে তেওঁ ভিন্ন আদৰ্শৰ ভিন্ন দল-সংগঠনৰ একতাৰ প্ৰয়োজনীয়তাৰ বিষয়ে উনুকিয়াই লিখিছে, "আমাৰ কেতবোৰ স্বভাৱগত দুৰ্বলতাই শত্ৰুক ইতিমধ্যে বহু সুবিধা কৰি দিছে। সেই শত্ৰুক পৰাভূত কৰিব নোৱাৰিলে আমাৰ ভাষা-সাহিত্য-সংস্কৃতি সকলোৰে ভৱিষ্যৎ অন্ধকাৰময় হৈ পৰিব পাৰে। দ্বিতীয় কথাটো হ'ল নৱপ্ৰজন্মৰ প্ৰতিনিধিসকলক জাতিটোৰ ভৱিষ্যৎ নিষ্কণ্টক কৰিব খোজা কৰ্মৰাজিত সংযুক্ত কৰা।" কিতাপখনত সন্নিৱিষ্ট প্ৰবন্ধসমূহ হ'ল-

  1. একুৰা জুই আৰু এটা অকৃতজ্ঞ জাতি
  2. মহাত্মা গান্ধী, অসম আৰু দক্ষিণ আফ্ৰিকা
  3. অসমত আন্দোলন ভাল নে কাল
  4. লুইতৰ বুকুত শংকৰী কৃষ্টিঃ আঁৰত দুই মুছলিম উদ্যোগী
  5. ৰাজপথত অসমীয়া মহিলাৰ উদ্ভণ্ডালি দেখি
  6. হোমেন বৰগোহাঞিৰ 'অসহিষ্ণুতা'
  7. ইতিহাস চৰ্চা, নিবাৰণ বৰা, পৰাগ কুমাৰ দাস
  8. প্ৰাগজ্যোতিকাঃ সপোনৰ পৰা দিঠকলৈ
  9. পাণবজাৰে কি দিলে আৰু কি দিব পাৰে
  10. হিন্দুত্ববাদ আৰু মাৰ্ক্সবাদৰ সিপাৰে...
  11. সংহতিৰ প্ৰতীক হৈ উজলিছে গাংমৌ থান
  12. সংকীৰ্ণ জাতীয়তাবাদে সৃষ্টি কৰিব পৰা ভয়াৱহতা
  13. দ্বাদশ ছাফ গেমছ্‌ঃ কিছু বিক্ষিপ্ত চিন্তা
  14. ভূপেন হাজৰিকা, শংকৰাচাৰ্য আৰু আমাৰ সমাজ
  15. লণ্ডনৰ পোহৰে আমেৰিকাক উজলাব পাৰিবনে?
  16. নাৰীয়ে যেতিয়া অসময়তে বন্ধ্যাকৰণ কৰাবলৈ বাধ্য হয়
  17. আৱেগেই আমাৰ একমাত্ৰ শত্ৰুনে?
  18. সহমৰ্মিতাৰ মৃত্যু?
  19. ভণ্ডামি এৰক
  20. ঈশ্বৰৰ সন্ধানত
  21. অসহিষ্ণুতা কেৱল এতিয়াহে দৃশ্যমান হৈছে নেকি?
  22. কাশ্মীৰী পণ্ডিতৰ শোকগাথা আৰু আমাৰ ভণ্ডামি
  23. পূৰ্ণ চাংমা, মোৰ দেউতা আৰু মই পোৱা এটা চাকৰি
  24. সকলো দোষ নৱপ্ৰজন্মলৈ ঠেলা উচিতনে?
  25. বুৰহান ৱানি- গুলি আৰু টি আৰ পিৰ মাজত বন্দী
  26. চৌদিশে কেৱল বৈষম্য
  27. মনুবাদ, আম্বেদকাৰ আৰু মুক্ত চিন্তা
  28. নাৰীক বচাব কোনে
  29. ধৰ্মৰ সংকোচন আৰু মানৱতাৰ ব্যাপ্তি
  30. অ'বামাৰ হিৰোশ্বিমা ভ্ৰমণৰ আঁত ধৰি

লেখকৰ পৰিচয়

মূল প্ৰবন্ধ: ময়ূৰ বৰা

ময়ূৰ বৰা হৈছে এজন অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) লেখক আৰু সমালোচক। একবিংশ শতিকাৰ প্ৰথম দশকত বাতৰিকাকত আৰু আলোচনীৰ মাধ্যমেৰে প্ৰবন্ধ ৰচনাৰ দ্বাৰা সাহিত্যকৰ্মক সমৃদ্ধ কৰা অসমীয়া নতুনচাম লেখকৰ ভিতৰত এজন ময়ূৰ বৰা। ২তেখেতে ২০১৮ চনলৈকে ১৪খন গ্ৰন্থ ৰচনা কৰে।৩ ইয়াৰে দুখন গ্ৰন্থ ইংৰাজী ভাষাত ৰচনা কৰা। তেওঁ ইংৰাজীলৈ এখন গল্প সংকলনো অনুবাদ কৰিছে। ধৰ্মীয় আৰু সামাজিক দিশত চলি থকা ভণ্ডামি, অন্ধবিশ্বাস, জাতিবাদ প্ৰথা, আৰু সামগ্ৰিকভাৱে অসমৰ জ্বলন্ত সমস্যা তথা সাম্প্ৰতিক সময়ৰ দুৰ্নীতি আদি তেওঁৰ লেখাৰ মূল বিষয়বস্তু। প্ৰথাগত চিন্তা আৰু ধাৰণাৰ বিৰুদ্ধে যুক্তিনিষ্ঠ প্ৰশ্ন উত্থাপন, জাতিৰ ঐতিহ্যৰ প্ৰতি দায়বদ্ধতা৪ আৰু ঐতিহাসিক সমলৰ সন্ধান আদি বৈশিষ্ট্যবোৰো ময়ূৰ বৰাৰ প্ৰবন্ধৰ অন্যতম শক্তি।২বৰ্তমানলৈকে তেওঁ সৰ্বমুঠ ১৬খন গ্ৰন্থৰ লেখক।৫

লগতে চাওক

চিৰদিন অসমীয়া

তথ্যসূত্ৰ

  1. ↑ ময়ূৰ বৰা. (নৱেম্বৰ,২০১৬). ভাবনাৰ স্বৰলিপি. আঁক-বাঁক. ISBN 978-93-85934-17-9
  2. ↑ সম্পাদনা-ডিম্পল চমুৱা. (2015-16). নৰ্থ লখিমপুৰ কলেজ আলোচনী. পৃ. 95
  3. ↑ Meet Mayur Bora- the acclaimed writer with 14 books to his credit. Guwahati Plus
  4. ↑ (10 dec, 2017). বিশিষ্ট লেখক, চিন্তাবিদ ময়ূৰ বৰাৰ চতুৰ্দশ গ্ৰন্থ ‘অসমীয়া স্বাভিমানৰ ৰূপৰেখা’ উন্মোচন. North east now
  5. ↑ বৰা, ময়ূৰ. (২০২০). কিছু ইতিবাচক চিন্তাৰে ময়ূৰ বৰা

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাবনাৰ স্বৰলিপি” প্ৰবন্ধৰ সংশোধন ২৯৮৯৬০ (১৯ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।