অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অসম বাণী

অসম বাণী (Asam Bani) হৈছে অসমৰ এখন সাপ্তাহিক বাতৰিকাকত। প্ৰতি শুকুৰবাৰে এই কাকত প্ৰকাশ হৈছিল। আছাম ট্ৰিবিউন কাকত গোষ্ঠীৰ দ্বাৰা এই কাকত প্ৰকাশ পায়। এসময়ত কাকতখনৰ ইন্টাৰনেট সংস্কৰণো উপলব্ধ আছিল। বৰ্তমান কাকতখন বন্ধ হৈছে। ২০২৫ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ৯৭ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

অসম বাণী (Asam Bani) হৈছে অসমৰ এখন সাপ্তাহিক বাতৰিকাকত। প্ৰতি শুকুৰবাৰে এই কাকত প্ৰকাশ হৈছিল। আছাম ট্ৰিবিউন কাকত গোষ্ঠীৰ দ্বাৰা এই কাকত প্ৰকাশ পায়। এসময়ত কাকতখনৰ ইন্টাৰনেট সংস্কৰণো উপলব্ধ আছিল। বৰ্তমান কাকতখন বন্ধ হৈছে। ২০২৫ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।১

১৯৫৫ চনৰ এক জুলাইত ৰাধাগোবিন্দ বৰুৱাই সাপ্তাহিক কাকত 'অসম বাণী' প্ৰকাশ আৰম্ভ কৰে। কাকতখনৰ প্ৰথম সম্পাদক আছিল সতীশ চন্দ্ৰ কাকতি। ইয়াৰ পাছত ক্ৰমে তিলক হাজৰিকা, ফণী তালুকদাৰ, নিৰোদ চৌধুৰী, হোমেন বৰগোহাঞি আৰু চন্দ্ৰপ্ৰসাদ শইকীয়াই 'অসম বাণী'ৰ সম্পাদকৰ দায়িত্ব পালন কৰে। ১৯৯৭ চনৰ জুন মাহৰপৰা দিলীপ চন্দনে সম্পাদনাৰ ভাৰ গ্ৰহণ কৰে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Thakuria, Nava. (January 12, 2026). The Silent Death Of Popular Assamese Weekly 'Asom Bani'. The Storymug

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংবাদ পত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম বাণী” প্ৰবন্ধৰ সংশোধন ৬৩৮৭২৩ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।