অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

সঁফুৰা (শিশু আলোচনী)

সঁফুৰা (Sofura) শিশুসকলৰ বাবে অসমীয়া ভাষাত প্ৰকাশিত এখন মাহেকীয়া আলোচনী। সঁফুৰাৰ প্ৰকাশক বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড। আলোচনীখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৮২ চনৰ এপ্ৰিল মাহত। ১৯৯৬ চনৰ মাৰ্চ মাহলৈকে ৮৫টা সংখ্যা প্ৰকাশ পোৱাৰ পিছত আলোচনীখনৰ প্ৰকাশ সাময়িকভাৱে বন্ধ হৈছিল।

হালনাগাদ: ২২ জুন ২০২৫ ৩১৪ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

সঁফুৰা (Sofura) শিশুসকলৰ বাবে অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) ভাষাত প্ৰকাশিত এখন মাহেকীয়া আলোচনী। সঁফুৰাৰ প্ৰকাশক বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড। আলোচনীখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৮২ চনৰ এপ্ৰিল মাহত। ১৯৯৬ চনৰ মাৰ্চ মাহলৈকে ৮৫টা সংখ্যা প্ৰকাশ পোৱাৰ পিছত আলোচনীখনৰ প্ৰকাশ সাময়িকভাৱে বন্ধ হৈছিল১। আলোচনীখনৰ সেই সময়ৰ সম্পাদক আছিল ড॰ ভবেন্দ্ৰনাথ শইকীয়া। কাৰ্যাধ্যক্ষ আছিল অম্বিকাপদ চৌধুৰী। ব্যৱস্থাপনা কৰিছিল পংকজপদ চৌধুৰী আৰু ধীৰাজ গোস্বামীয়ে২। ২০০২ চনত ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰেই সম্পাদনাত সঁফুৰা দ্বিতীয়বাৰৰ বাবে প্ৰকাশ পায়। সঁফুৰাৰ এতিয়াৰ প্ৰকাশক অসম বুক হাইভ। ২০০৩ চনৰ আগষ্ট মাহত ড॰ শইকীয়াৰ মৃত্যুৰ পিছত অমল দত্তই সঁফুৰাৰ সম্পাদনাৰ দায়িত্বভাৰ লয়৩। তেওঁৰ পিছত ভৱেশ মহন্ত অবৈতনিক সম্পাদক হিচাপে যুক্ত হয়।৪

নিয়মীয়া শিতানসমূহ

নিয়মীয়াকৈ প্ৰকাশ পোৱা গল্প আৰু কবিতাৰ উপৰিও তলৰ নিয়মীয়া শিতানসমূহ সঁফুৰাৰ অন্যতম আকৰ্ষণ।

  • আশা কৰোঁ তোমালোক ভালে আছা: শিশুহঁতলৈ সঁফুৰাৰ সম্পাদকৰ পত্ৰসদৃশ সম্পাদকীয়।
  • তোমালোকৰ প্ৰশ্ন: শিশুসকলৰ কৌতূহলী প্ৰশ্ন আৰু সঁফুৰা কাৰ্যালয়ে দিয়া তাৰ উত্তৰৰ শিতান।
  • কিমান যে কথা, কিমান যে ঘটনা: সাধাৰণ জ্ঞান আৰু সাম্প্ৰতিক ঘটনাৱলীৰ শিতান।
  • ফুলনি: শিশু উপযোগী অনুবাদ গল্প, সাধু তথা চমু ৰচনাৰ শিতান।
  • ঘৰত কৰিবলৈ কাম দিছোঁ: সাঁথৰ, যুক্তি-বুদ্ধিৰ খেল শব্দ-শৃংখল আদিৰ শিতান।
  • সঁচাও নহয়, মিছাও নহয়: ৰগৰ।
  • মহাদুষ্টৰ দুষ্টবুদ্ধি: খুহুতীয়া গল্প।৫

ধাৰাবাহিক উপন্যাসসমূহ

  • মৰমৰ দেউতা: ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ শিশু উপন্যাস মৰমৰ দেউতা'সঁফুৰা'ৰ পাততে প্ৰথম প্ৰকাশ পায়। বিপুল নামৰ সংগদোষত পৰি স্বভাৱ নষ্ট হোৱা এটা ল'ৰাৰ কাহিনীৰে উপন্যাসখনে গঢ় লৈছে আৰু কিছু জটিল পৰিস্থিতিত বিপুলৰ অনুশোচনাৰ ভাৱ আৰু আত্মশুদ্ধিৰে ইয়াৰ সমাপ্তি ঘটিছে।
  • থুপুলৰ কাণ্ড: অনামিকা বৰাই ৰচনা কৰা এই ধাৰাবাহিক উপন্যাসখনত থুপুল নামৰ এজনী সৰু ছোৱালীৰ কাণ্ড-কাৰখানাৰ কথা বৰ্ণনা কৰিছিল।৬
  • সোণটি আৰু হেনৰীহঁত: বন্দিতা ফুকনৰ এই উপন্যাসখনৰ কাহিনী জনপ্ৰিয় কাল্পনিক চৰিত্ৰ সোণটিৰ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ আৰু ইয়াৰ অভিজ্ঞতাক লৈ গঢ় লৈছে।৬
  • ৰে'লপথৰ অকণিহঁত: ই. নেছবিটৰ দ্য ৰে'লৱে চিল্ড্ৰেনৰ অৱন্তিকা পৰাশৰে কৰা অনুবাদ।৭
  • অজান দেশত পাহি: এল. ফ্ৰেংক বমৰ দ্য ৱিজাৰ্ড অফ অ'জৰ কুমুদ গোস্বামীয়ে কৰা অনুবাদ।৮

অন্যান্য

সঁফুৰাৰ পাতত ভৱেশ মহন্তই 'জ্ঞানদ্বীপত আৰ্যহঁত' নামে এক কাহিনীৰ মাধ্যমেৰে বৈজ্ঞানিক চিন্তা-চৰ্চাৰ এলানি লেখা লিখিছিল।৭ ইয়াৰ লগতে ড॰ অৱনী কুমাৰ ভাগৱতীয়ে অসমৰ প্ৰাকৃতিক আৰু জৈৱিক বৈচিত্ৰ্য তথা বৈশিষ্ট্যক লৈ লিখা 'অসমৰ ভূগোল' নামে এলানি প্ৰবন্ধও প্ৰকাশ পাইছিল।৭ কাৰ্লো কলডিৰ পিন'কিঅ'ক কাহিনীক সঁফুৰা কাৰ্যালয়ৰ সহায়ত অমল মেধিয়ে চিত্ৰৰূপ দিছিল।৭

তথ্যসূত্ৰ

  1. ↑ (জুন, ১৯৯৮). তোমালোকৰ ভাল হওক. নয়নতৰা প্ৰকাশন (প্ৰথম প্ৰকাশ )
  2. ↑ (১৯৮৮ চন). সঁফুৰা. সঁফুৰা
  3. ↑ (২০০৪ চন). সঁফুৰাৰ সম্পাদক. সঁফুৰা
  4. ↑ সঁফুৰা, ফেব্ৰুৱাৰী ২০০৬-আশা কৰোঁ তোমালোক ভালে আছা
  5. ↑ সঁফুৰা-নৱেম্বৰ ১৯৮৮, ফেব্ৰুৱাৰী ২০০৬, মাৰ্চ ২০০৬, ছেপ্টেম্বৰ ২০০৬
  6. ↑ সঁফুৰা (শিশু আলোচনী), নৱেম্বৰ ২০০৪। পৃষ্ঠা ২২, ২৮
  7. ↑ সঁফুৰা (শিশু আলোচনী), ছেপ্টেম্বৰ ২০০৬। পৃষ্ঠা ১২
  8. ↑ সঁফুৰা (শিশু আলোচনী), জানুৱাৰি ২০০৩। পৃষ্ঠা ১১

সম্পৰ্কিত শ্ৰেণী

অসমীয়া আলোচনীঅসমীয়া শিশু আলোচনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সঁফুৰা (শিশু আলোচনী)” প্ৰবন্ধৰ সংশোধন ৫২০০৬১ (২২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।