অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ব্ৰাহ্মণ্যবাদৰ ক’লীয়া ডাৱৰ আৰু অসম

ব্ৰাহ্মণ্যবাদৰ ক’লীয়া ডাৱৰ আৰু অসম(Brahmonyobaador Koliyaa Daawor Aaru Assam) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। আঁক-বাক প্ৰকাশনে ২০১২ চনত প্ৰথম প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনৰ পৰিৱৰ্ধিত সংস্কৰণ ২০১৯ চনৰ নৱেম্বৰ মাহত প্ৰকাশ কৰে ৰেখা প্ৰকাশনে।

হালনাগাদ: ২০ ছেপ্তেম্বৰ ২০২১ ২৩৩ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ব্ৰাহ্মণ্যবাদৰ ক’লীয়া ডাৱৰ আৰু অসম(Brahmonyobaador Koliyaa Daawor Aaru Assam) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। আঁক-বাক প্ৰকাশনে ২০১২ চনত প্ৰথম প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনৰ পৰিৱৰ্ধিত সংস্কৰণ ২০১৯ চনৰ নৱেম্বৰ মাহত প্ৰকাশ কৰে ৰেখা প্ৰকাশনে। লেখকে গ্ৰন্থখন পীতাম্বৰ দেৱগোস্বামী আৰু কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মালৈ উছৰ্গা কৰি এনেদৰে লিখিছে, "অসমৰ দুই ক্ষণজন্মা পুৰুষ পীতাম্বৰ দেৱগোস্বামী আৰু কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা- যাৰ জন্ম হৈছিল দুটা নৈষ্ঠিক ব্ৰাহ্মণ পৰিয়ালত আৰু যাৰ উদাৰ, প্ৰগতিশীল চিন্তা আৰু কৰ্মৰাজিয়ে অসমৰ আকাশ পোহৰাই তুলিছিল, সেই দুজন পুণ্যাত্মাৰ পবিত্ৰ সোঁৱৰণত মোৰ এই গ্ৰন্থখন উছৰ্গা কৰিবলৈ পাই মই হ'লো ধন্য...।" কিতাপখন সম্পৰ্কে ড° হীৰেন গোহাঁইৰ মন্তব্য এনেধৰণৰ,"জাতিভেদ ব্ৰাহ্মণ্যবাদৰ প্ৰধান আৰু অতিশয় ক্ষতিকৰ বৈশিষ্ট্য। এই জাতিভেদৰ ভিত্তিতে ভাৰতৰ একালৰ গতিশীল সমাজখন স্থবিৰতাত স্তব্ধ হৈ পৰিছিল। অসংখ্য 'ধৰ্মশাস্ত্ৰ' আছিল ব্ৰাহ্মণ্যবাদৰ আদৰ্শগত আধাৰ- যাৰ ভিতৰত মনুঅসংহিতা সৰ্বপ্ৰধান। ... আজিলৈকে ব্ৰাহ্মণ্যবাদৰ প্ৰভাৱ আৰু তাৰ বিৰুদ্ধে হোৱা সংগ্ৰামৰ মনোজ্ঞ বিৱৰণ ময়ূৰ বৰাই দাংই ধৰিছে। ময়ূৰ বৰাই কৰা এই কামটো যে গুৰুত্বপূৰ্ণ, সন্দেহ নাই।" ১

বিৱৰণ

কিতাপখন চাৰিটা অংশত বিভক্ত। প্ৰথম অংশ হৈছে ঐতিহাসিক দৃষ্টিকোণেৰে ব্ৰাহ্মণ্যবাদ। ইয়াত থকা প্ৰবন্ধসমূহ হ'ল-১

  1. প্ৰাচীন ভাৰতত ব্ৰাহ্মণ্যবাদ
  2. উত্তৰ বৈদিক যুগত ব্ৰাহ্মণ্যবাদ
  3. অসমত ব্ৰাহ্মণ্যবাদৰ আৰম্ভণি
  4. শংকৰদেৱ আৰু ব্ৰাহ্মণ্যবাদ

দ্বিতীয় অংশ হৈছে শংকৰোত্তৰ যুগত ব্ৰাহ্মণ্যবাদৰ কালধুমুহাৰ কেতবোৰ দৃষ্টান্ত। ইয়াত থকা প্ৰবন্ধসমূহ হ'ল-

  1. সত্ৰৰ সংহতি বিভাজন
  2. শংকৰদেৱক চৈতন্যদেৱৰ শিষ্য হিচাপে দেখুওৱাৰ অপচেষ্টা
  3. পৰ্বতীয়া গোঁহাইঃ অমানুষিক ব্ৰাহ্মণ্যবাদৰ কাণ্ডাৰী
  4. ব্ৰহ্ম সংহতিৰ চাৰি ৰাজসত্ৰঃ বৰ্ণবৈষম্যৰ মূৰ্ত প্ৰতীক
  5. ঊনৈছ শতিকাঃ স্ববিৰোধ আৰু ব্ৰাহ্মণ্যবাদৰ গতিৰোধকত বিদ্বৎ সমাজৰ উজুটি
  6. হৰিদেৱক শংকৰদেৱৰ বয়োজ্যেষ্ঠ আৰু জ্ঞানজ্যেষ্ঠ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ ব্ৰাহ্মণ্যবাদীৰ অপপ্ৰয়াস
  7. ব্ৰাহ্মণদম্ভ আৰু সাহিত্য সভাৰ তিনি গোসাঁই
  8. বাঁহী প্ৰদীপিকা বিতৰ্ক আৰু 'ৰিপুঞ্জয় স্মৃতি'ৰ দ্বাৰা আহোমসকলক অপমান কৰাৰ দুঃখজনক ঘটনা
  9. শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্ম আৰু সোণাৰাম চুতীয়াৰ জীৱনত ব্ৰাহ্মণ্যবাদৰ খুন্দা
  10. এঘাৰদিনীয়া বনাম মাহেকীয়াঃ এই আহুকলীয়া প্ৰশ্নৰ আঁৰৰ শক্তিৰ সন্ধানত

তৃতীয় অংশ হৈছে ক'লীয়া ডাৱৰৰ মাজত এচেৰেঙা পোহৰঃ অসমৰ প্ৰগতিশীল ব্ৰাহ্মণসকল চতুৰ্থ অংশ হৈছে আম্বেদকাৰ, ব্ৰাহ্মণ্যবাদ আৰু ভাৰতীয় সংবিধান

লেখকৰ পৰিচয়

মূল প্ৰবন্ধ: ময়ূৰ বৰা

ময়ূৰ বৰা হৈছে এজন অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) লেখক আৰু সমালোচক। একবিংশ শতিকাৰ প্ৰথম দশকত বাতৰিকাকত আৰু আলোচনীৰ মাধ্যমেৰে প্ৰবন্ধ ৰচনাৰ দ্বাৰা সাহিত্যকৰ্মক সমৃদ্ধ কৰা অসমীয়া নতুনচাম লেখকৰ ভিতৰত এজন ময়ূৰ বৰা। ২তেখেতে ২০১৮ চনলৈকে ১৪খন গ্ৰন্থ ৰচনা কৰে।৩ ইয়াৰে দুখন গ্ৰন্থ ইংৰাজী ভাষাত ৰচনা কৰা। তেওঁ ইংৰাজীলৈ এখন গল্প সংকলনো অনুবাদ কৰিছে। ধৰ্মীয় আৰু সামাজিক দিশত চলি থকা ভণ্ডামি, অন্ধবিশ্বাস, জাতিবাদ প্ৰথা, আৰু সামগ্ৰিকভাৱে অসমৰ জ্বলন্ত সমস্যা তথা সাম্প্ৰতিক সময়ৰ দুৰ্নীতি আদি তেওঁৰ লেখাৰ মূল বিষয়বস্তু। প্ৰথাগত চিন্তা আৰু ধাৰণাৰ বিৰুদ্ধে যুক্তিনিষ্ঠ প্ৰশ্ন উত্থাপন, জাতিৰ ঐতিহ্যৰ প্ৰতি দায়বদ্ধতা৪ আৰু ঐতিহাসিক সমলৰ সন্ধান আদি বৈশিষ্ট্যবোৰো ময়ূৰ বৰাৰ প্ৰবন্ধৰ অন্যতম শক্তি।২বৰ্তমানলৈকে তেওঁ সৰ্বমুঠ ১৬খন গ্ৰন্থৰ লেখক।৫

লগতে চাওক

চিৰদিন অসমীয়া

তথ্যসূত্ৰ

  1. ↑ ময়ূৰ বৰা. (নৱেম্বৰ,২০১৯). ব্ৰাহ্মণ্যবাদৰ ক’লীয়া ডাৱৰ আৰু অসম. ৰেখা. ISBN 978-93-87930-44-5
  2. ↑ সম্পাদনা-ডিম্পল চমুৱা. (2015-16). নৰ্থ লখিমপুৰ কলেজ আলোচনী. পৃ. 95
  3. ↑ Meet Mayur Bora- the acclaimed writer with 14 books to his credit. Guwahati Plus
  4. ↑ (10 dec, 2017). বিশিষ্ট লেখক, চিন্তাবিদ ময়ূৰ বৰাৰ চতুৰ্দশ গ্ৰন্থ ‘অসমীয়া স্বাভিমানৰ ৰূপৰেখা’ উন্মোচন. North east now
  5. ↑ বৰা, ময়ূৰ. (২০২০). কিছু ইতিবাচক চিন্তাৰে ময়ূৰ বৰা

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্ৰাহ্মণ্যবাদৰ ক’লীয়া ডাৱৰ আৰু অসম” প্ৰবন্ধৰ সংশোধন ২৯৯২২৯ (২০ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।