জাতিভেদ প্ৰথা আৰু শংকৰদেৱ(Jaatived Prothaa Ru Sankardev) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। আঁক-বাক প্ৰকাশনৰ পৰা ২০১৪ চনৰ ডিচেম্বৰ মাহত প্ৰথম প্ৰকাশ হোৱা কিতাপখনৰ ২০১৬ চনৰ ডিচেম্বৰ মাহত দ্বিতীয় প্ৰকাশ হয়। লেখকে গ্ৰন্থখন "মানৱতাৰ কঠীয়া সিঁচা বা সিঁচিবলৈ ইচ্ছা কৰা প্ৰতিগৰাকী খ্যাত-অখ্যাত ব্যক্তিৰ হাতত..." আগবঢ়াইছে। গ্ৰন্থখন সম্পৰ্কে হোমেন বৰগোহাঞিয়ে এনেদৰে মতামত আগবঢ়াইছে,"আমাৰ সমাজত বহু চিন্তাবিদ আছে যদিও সমাজৰ স্পৰ্শকাতৰ বিষয়বোৰৰ সম্বন্ধে প্ৰশ্ন উত্থাপন কৰাৰ সময়ত তেওঁলোক উদাসীন হৈ পৰে। ইয়াৰ বিপৰীতে যোৱা কেইবছৰমানত কলম হাতত লৈয়েই চিন্তাশীল লেখক ময়ূৰ বৰাই এক প্ৰশ্ন বিপ্লৱৰ সূচনা কৰিছে। নিজৰ মৌলিক চিন্তা আৰু নৈতিক সাহসেৰে এই গতি অব্যাহত ৰাখিলে ময়ূৰ বৰা এজন চিন্তানায়কত পৰিণত হ'ব। এই গ্ৰন্থখনত অসমৰ জাতীয় জীৱনৰ পুনৰুত্থানকাৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভাবাদৰ্শ আৰু মানসিকতাক যুক্তিশীলভাৱে পৰ্যালোচনা কৰি বৰাই নিজৰ মৌলিক ধ্যান-ধাৰণা আৰু গভীৰ অধ্যয়নৰ পৰিচয় দিছে।" ১
বিৱৰণ
কিতাপখনৰ প্ৰাক্কথনত কিতাপখনৰ নামক লৈ লেখকে লিখিছে, "বহুতৰে মনত প্ৰশ্ন আহিব যে জাতিভেদ প্ৰথাক আওকাণ কৰি থকা যেন লগা বহু ব্যক্তিয়ে নিজৰ বা নিজৰ সতি-সন্ততিৰ বিবাহৰ সময়ত একে জাতি বা উপজাতিৰ পাত্ৰ-পাত্ৰী বিচাৰি চলাথ কৰা দেখা যায়। আধুনিক অসমীয়াৰ নিজৰ জাতিগত সচেতনতা ভাৰতৰ আন ৰাজ্যৰ তুলনাত আপেক্ষিকভাৱে কম যদিও ই কেতিয়াবা আহুকালৰ সৃষ্টি নকৰাকৈ নাথাকে। কেতিয়াবা কেতিয়াবা সময়ৰ অগ্ৰগতিয়ে এই ঋণাত্মক প্ৰথাটোক বেছি দুৰ্বল কৰিব পৰা নাই যেনো অনুভৱ হয়।" কিতাপখনত থকা প্ৰবন্ধসমূহ হ'ল১
- বৰ্ণ, জাতি আৰু উপজাতি
- জাতিভেদ প্ৰথাৰ বৈশিষ্ট্য
- প্ৰাচীন ভাৰতত জাতিভেদ প্ৰথা
- মনুসংহিতা আৰু জাতিভেদ প্ৰথা
- বৌদ্ধ ধৰ্ম আৰু জাতিভেদ প্ৰথা
- ভক্তি আন্দোলন আৰু জাতিভেদ প্ৰথা
- শংকৰদেৱৰ জাতিভেদ প্ৰথা সম্পৰ্কীয় ধ্যান-ধাৰণা কিমান গুৰুত্বপূৰ্ণ
- শংকৰদেৱৰ জন্মৰ ধৰ্মীয় আৰু সামাজিক পৰিৱেশ
- শংকৰদেৱৰ জন্মৰ সময়ৰ ধৰ্মীয় আৰু সামাজিক পৰিৱেশ
- জাতিভেদক লৈ শংকৰদেৱ কিমান উদ্বিগ্ন?
- শংকৰদেৱ, ব্ৰাহ্মণ সমাজ আৰু মূৰ্তিপূজা
- সহায়ক গ্ৰন্থপঞ্জী
লেখকৰ পৰিচয়
মূল প্ৰবন্ধ: ময়ূৰ বৰা
ময়ূৰ বৰা হৈছে এজন অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) লেখক আৰু সমালোচক। একবিংশ শতিকাৰ প্ৰথম দশকত বাতৰিকাকত আৰু আলোচনীৰ মাধ্যমেৰে প্ৰবন্ধ ৰচনাৰ দ্বাৰা সাহিত্যকৰ্মক সমৃদ্ধ কৰা অসমীয়া নতুনচাম লেখকৰ ভিতৰত এজন ময়ূৰ বৰা। ২তেখেতে ২০১৮ চনলৈকে ১৪খন গ্ৰন্থ ৰচনা কৰে।৩ ইয়াৰে দুখন গ্ৰন্থ ইংৰাজী ভাষাত ৰচনা কৰা। তেওঁ ইংৰাজীলৈ এখন গল্প সংকলনো অনুবাদ কৰিছে। ধৰ্মীয় আৰু সামাজিক দিশত চলি থকা ভণ্ডামি, অন্ধবিশ্বাস, জাতিবাদ প্ৰথা, আৰু সামগ্ৰিকভাৱে অসমৰ জ্বলন্ত সমস্যা তথা সাম্প্ৰতিক সময়ৰ দুৰ্নীতি আদি তেওঁৰ লেখাৰ মূল বিষয়বস্তু। প্ৰথাগত চিন্তা আৰু ধাৰণাৰ বিৰুদ্ধে যুক্তিনিষ্ঠ প্ৰশ্ন উত্থাপন, জাতিৰ ঐতিহ্যৰ প্ৰতি দায়বদ্ধতা৪ আৰু ঐতিহাসিক সমলৰ সন্ধান আদি বৈশিষ্ট্যবোৰো ময়ূৰ বৰাৰ প্ৰবন্ধৰ অন্যতম শক্তি।২বৰ্তমানলৈকে তেওঁ সৰ্বমুঠ ১৬খন গ্ৰন্থৰ লেখক।৫
লগতে চাওক
তথ্যসূত্ৰ
- ↑ ময়ূৰ বৰা. (ডিচেম্বৰ,২০১৬). জাতিভেদ প্ৰথা আৰু শংকৰদেৱ. আঁক-বাঁক. ISBN 978-93-82726-81-4
- ↑ সম্পাদনা-ডিম্পল চমুৱা. (2015-16). নৰ্থ লখিমপুৰ কলেজ আলোচনী. পৃ. 95
- ↑ Meet Mayur Bora- the acclaimed writer with 14 books to his credit. Guwahati Plus
- ↑ (10 dec, 2017). বিশিষ্ট লেখক, চিন্তাবিদ ময়ূৰ বৰাৰ চতুৰ্দশ গ্ৰন্থ ‘অসমীয়া স্বাভিমানৰ ৰূপৰেখা’ উন্মোচন. North east now
- ↑ বৰা, ময়ূৰ. (২০২০). কিছু ইতিবাচক চিন্তাৰে ময়ূৰ বৰা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাতিভেদ প্ৰথা আৰু শংকৰদেৱ” প্ৰবন্ধৰ সংশোধন ৩২০৩৩০ (৯ মে’ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।