মাৰ্ক্সেই বজালে নেকি কমিউনিজমৰ মৃত্যুঘণ্টা(Maarksei Bojaaleneki Communismor Ruprekhaa) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। কিতাপখন প্ৰথম প্ৰকাশ হয় ২০১৩ চনৰ ডিচেম্বৰ মাহত আঁক-বাক প্ৰকাশনৰ পৰা। কিতাপখন উছৰ্গা কৰা অংশত কাৰ্ল মাৰ্ক্সৰ মূলমন্ত্ৰ এটা দিয়াৰ পিছত লেখকে এনেকৈ লিখিছে, "পৃথিৱীত শেষ সত্য বুলি কোনো কথা নাই- এই কথাষাৰক বিশ্বাস কৰা প্ৰতিজন যুক্তিবাদী মানুহৰ হাতত তুলি দিলোঁ এই গ্ৰন্থ..."১
বিৱৰণ
কিতাপখন লিখাৰ আঁৰৰ বিষয়ে অকণমান ব্যক্তিগত শিতানত লেখকে এনেদৰে লিখিছে, "শ্ৰেণীকোঠাৰ ইতিহাস বিষয়ক আলোচনাত মাৰ্ক্সবাদী ঐতিহাসিকসকলৰ সূত্ৰবোৰেই বেছি সমৰ্থনযোগ্য যেন লাগে।" ১৯৯২ চনত বাবৰি মছজিদ ধ্বংসকাৰ্যৰ বিৰুদ্ধে কমিউনিষ্টৰ আহ্বানত ময়ূৰ বৰাই সমদলত যোগ দিয়াৰ কথা উল্লেখ কৰি লিখিছে যে সেই সময়ত কেতবোৰ সুবিধাবাদী বামপন্থী ছাত্ৰনেতাৰ আচৰণে তেওঁক ক্ষুব্ধ কৰিছিল। তেওঁ লগতে লিখিছে,"আমাৰ অসমতো তথাকথিত বামপন্থী লোকৰ অভাৱ নাই। নিজৰ স্বাৰ্থৰ বাবে কমিউনিজ্মৰ পোছাকযোৰ পিন্ধি ল'লে বহু কথা সহজ হৈ পৰে বুলি হয়তো তেওঁলোকে ভাবে। সাধাৰণ জনসাধাৰণৰ অভিভাৱক হ'বলৈ গভীৰভাৱে উদ্বিগ্ন হৈ থকা এইসকল লোকে সুবিধা পালেই কমিউনিজমৰ জয়গান গায়। আদৰ্শটোৰ প্ৰতি থকা নিভাঁজ আনুগত্যৰ কথাটো বাদেই দিলোঁ, মাৰ্ক্সৰ ধ্যান-ধাৰণা সন্দৰ্ভত গভীৰ অন্তৰ্দৃষ্টিও তেওঁলোকৰ নাই। অসমৰ সমাজ জীৱনত তথাকথিত বামপন্থী চিন্তাবিদৰ অপ্ৰয়োজনীয় দপ্দপনিয়েও এই গ্ৰন্থখনৰ কথা ভবাত সহায় কৰিলে।" কিতাপখনত থকা প্ৰবন্ধসমূহ হ'ল-১
- প্ৰাক্-মাৰ্ক্সীয় সাম্যবাদৰ ইতিহাস
- কমিউনিজ্মৰ পতনৰ বাবে মাৰ্ক্স কিমান দায়ী?
- তত্ত্বৰ কাৰাগাৰৰ পৰা ভৱিষ্যদ্বাণী কৰা মানুহজন
- মাৰ্ক্সৰ ব্যক্তিত্বৰ কেতবোৰ কদৰ্য দিশ
- অন্যায়-অবিচাৰ মাৰ্ক্সৰ চিৰসংগী আছিল নেকি?
- মাৰ্ক্সৰ চিন্তাৰ কেইটামান কেৰোণ
- মাৰ্ক্সৰ সমাজবাদক বৈজ্ঞানিক বুলিব পাৰিনে?
- ব্যক্তিগত সম্পত্তিৰ অধিকাৰ নসাৎ কৰাৰ অবাস্তৱ চিন্তা
- ভিত্তি আৰু উপৰিসৌধ তত্ত্বৰ অসম্পূৰ্ণতা
- ভাৰত সন্দৰ্ভত মাৰ্ক্সৰ ধাৰণা
- বাট্ৰাণ্ড ৰাছেলৰ সাম্যবাদ বিৰোধিতা
- মানৱ জীৱনৰ প্ৰগতি, সাম্যবাদ আৰু স্বাৰ্থপৰতা
- কমিউনিষ্ট শাসনে সংহাৰী ৰূপ লোৱা কেইটামান দৃষ্টান্ত
- ছোভিয়েট ৰাছিয়াত কমিউনিজ্মৰ নামত নৰমেধ যজ্ঞ
- চীনৰ হৃদয়হীন কমিউনিষ্ট শাসকৰ নিৰ্মমতা
- পৈশাচিক বৰ্বৰতাত নিমজ্জিত উত্তৰ কোৰিয়া
- কমিউনিজ্মৰ পতনৰ তাৎক্ষণিক কাৰণবোৰ
- অসমত মাৰ্ক্সবাদঃ মুখা নে জখলা নে জীৱন দৰ্শন?
লেখকৰ পৰিচয়
মূল প্ৰবন্ধ: ময়ূৰ বৰা
ময়ূৰ বৰা হৈছে এজন অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) লেখক আৰু সমালোচক। একবিংশ শতিকাৰ প্ৰথম দশকত বাতৰিকাকত আৰু আলোচনীৰ মাধ্যমেৰে প্ৰবন্ধ ৰচনাৰ দ্বাৰা সাহিত্যকৰ্মক সমৃদ্ধ কৰা অসমীয়া নতুনচাম লেখকৰ ভিতৰত এজন ময়ূৰ বৰা। ২তেখেতে ২০১৮ চনলৈকে ১৪খন গ্ৰন্থ ৰচনা কৰে।৩ ইয়াৰে দুখন গ্ৰন্থ ইংৰাজী ভাষাত ৰচনা কৰা। তেওঁ ইংৰাজীলৈ এখন গল্প সংকলনো অনুবাদ কৰিছে। ধৰ্মীয় আৰু সামাজিক দিশত চলি থকা ভণ্ডামি, অন্ধবিশ্বাস, জাতিবাদ প্ৰথা, আৰু সামগ্ৰিকভাৱে অসমৰ জ্বলন্ত সমস্যা তথা সাম্প্ৰতিক সময়ৰ দুৰ্নীতি আদি তেওঁৰ লেখাৰ মূল বিষয়বস্তু। প্ৰথাগত চিন্তা আৰু ধাৰণাৰ বিৰুদ্ধে যুক্তিনিষ্ঠ প্ৰশ্ন উত্থাপন, জাতিৰ ঐতিহ্যৰ প্ৰতি দায়বদ্ধতা৪ আৰু ঐতিহাসিক সমলৰ সন্ধান আদি বৈশিষ্ট্যবোৰো ময়ূৰ বৰাৰ প্ৰবন্ধৰ অন্যতম শক্তি।২বৰ্তমানলৈকে তেওঁ সৰ্বমুঠ ১৬খন গ্ৰন্থৰ লেখক।৫
লগতে চাওক
তথ্যসূত্ৰ
- ↑ ময়ূৰ বৰা. (ডিচেম্বৰ,২০১৩). মাৰ্ক্সেই বজালে নেকি কমিউনিজমৰ মৃত্যুঘণ্টা. আঁক-বাঁক. ISBN 978 93 82726 39 5
- ↑ সম্পাদনা-ডিম্পল চমুৱা. (2015-16). নৰ্থ লখিমপুৰ কলেজ আলোচনী. পৃ. 95
- ↑ Meet Mayur Bora- the acclaimed writer with 14 books to his credit. Guwahati Plus
- ↑ (10 dec, 2017). বিশিষ্ট লেখক, চিন্তাবিদ ময়ূৰ বৰাৰ চতুৰ্দশ গ্ৰন্থ ‘অসমীয়া স্বাভিমানৰ ৰূপৰেখা’ উন্মোচন. North east now
- ↑ বৰা, ময়ূৰ. (২০২০). কিছু ইতিবাচক চিন্তাৰে ময়ূৰ বৰা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰ্ক্সেই বজালে নেকি কমিউনিজমৰ মৃত্যুঘণ্টা” প্ৰবন্ধৰ সংশোধন ২৯৯২৩০ (২০ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।