পৰম বীৰ চক্ৰ (Param Vir Chakra) ভাৰতৰ সৰ্বোচ্চ সামৰিক পদক। যুদ্ধক্ষেত্ৰত শত্ৰুৰ সন্মুখীন হৈ অতুলনীয় সাহস আৰু আত্মত্যাগ প্ৰদৰ্শনৰ স্বীকৃতি স্বৰূপে এই পদক প্ৰদান কৰা হয়।১২ এই পদক মৰণোত্তৰভাৱেও প্ৰদান কৰা হয় আৰু ২১জন পদক প্ৰাপকৰ ভিতৰত ১৪জনকে মৰণোত্তৰভাৱে এই পদক প্ৰদান কৰা হৈছে।৩৪ ২১জন বঁটাপ্ৰাপকৰ ভিতৰত ২০জন ভাৰতীয় থলসেনাৰ আৰু এজন ভাৰতীয় বায়ুসেনাৰ সৈনিক। এই বঁটাৰ প্ৰথম প্ৰাপক মেজৰ সোমনাথ শৰ্মা।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেডেল অফ অনাৰ আৰু যুক্তৰাষ্ট্ৰৰ ভিক্টৰিয়া ক্ৰছৰ সমতুল্য পৰমবীৰ চক্ৰ১ ১৯৫০ চনৰ ২৬ জানুৱাৰী মাহৰ পৰা ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আৰম্ভ কৰিছিল। কিন্তু পদকৰ কাৰ্যকাল ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা আৰম্ভ হোৱা বুলি ধৰা হয়। স্বাধীন ভাৰতত ই ব্ৰিটিছ ঔপনিবেশিক সামৰিক সন্মান ভিক্টৰিয়া ক্ৰছৰ পৰিৱৰ্তে আৰম্ভ হয়। ভাৰতৰ সামৰিক বাহিনীৰ যি কোনো শাখাৰ সদস্যক এই পুৰস্কাৰ দিয়া হয়। ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰ পিছতেই এই পদকৰ স্থান।
এই পদকপ্ৰাপ্ত ব্যক্তিসকলে তেওঁলোকৰ নামৰ পিছত ইংৰাজী P.V.C. (Param Vir Chakra-ৰ সংক্ষেপ ৰূপ) উপাধি হিচাপে ব্যৱহাৰ কৰিব পাৰে। লেফটেনেণ্ট পদতকৈ নিম্ন পদমৰ্যাদাৰ পদকপ্ৰাপকৰ বাবে নগদ অৰ্থও প্ৰদান কৰা হয়। পদকপ্ৰাপকৰ মৃত্যু হ’লে তেওঁৰ বিধৱা পত্নীৰ মৃত্যু বা পুনৰ বিবাহ পৰ্যন্ত পেঞ্চন দিয়া হয়। ২০১৪ চনৰ আগষ্ট মাহত এই পেঞ্চনৰ পৰিমাণ ₹ ১০,০০০ আছিল। ইয়াৰ বাহিৰেও কেইবাখনো ৰাজ্য চৰকাৰে নিজাববীয়াকৈ পেঞ্চনৰ ব্যৱস্থা কৰে।
ইতিহাস
আধুনিক যুগৰ ভাৰতীয় বীৰত্ব বঁটাৰ ইতিহাস ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালৰ পৰা আৰম্ভ হৈছিল। ১৭৯৫ চনত প্ৰথমবাৰৰ বাবে ভাৰতীয় বিষয়াসকলক বীৰত্বৰ পুৰস্কাৰ স্বৰূপে সোণৰ পদক প্ৰদান কৰা হয়। ৫ম মাদ্ৰাজ নেটিভ ইনফেণ্ট্ৰিৰ চুবেদাৰ আব্দুল কাদেৰ এই সোণৰ পদক লাভ কৰা প্ৰথম ভাৰতীয় আছিল। কাদেৰক প্ৰদান কৰা সোণৰ পদকৰ শৃংখলত "For Conduct and Courage on All Occasions" (সকলো সময়তে প্ৰদৰ্শন কৰা আচৰণ আৰু সাহসৰ বাবে) লিখা আছিল। ১৮৩৪ চনত ভাৰতৰ তেতিয়াৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেণ্টিংকে অৰ্ডাৰ অৱ মেৰিট স্থাপন কৰে। ১৯০২ চনত এই সন্মানৰ নাম সলনি কৰি ইণ্ডিয়ান অৰ্ডাৰ অৱ মেৰিট (IOM) ৰখা হয় আৰু ভাৰতীয়সকলে ইয়াক "আটাইতকৈ উল্লেখযোগ্য বীৰত্ব বঁটা" বুলি গণ্য কৰা হয়। ১৯১১ চনত ব্ৰিটিছ ইণ্ডিয়াত ব্ৰিটিছ সাম্ৰাজ্যৰ সৰ্বোচ্চ বীৰত্বৰ বঁটা— ভিক্টোৰিয়া ক্ৰছ (VC)ৰ প্ৰচলন আৰম্ভ হয়।৫ ১৮৫৭ চনৰ পৰা ১৯৪৭ চনত ভাৰতৰ স্বাধীনতা লাভকৰালৈকে ব্ৰিটিছ ভাৰতীয় সেনাৰ ১৫৩জন ভাৰতীয় আৰু ব্ৰিটিছ সৈনিক আৰু ইয়াৰ কমাণ্ডত থকা সাধাৰণ নাগৰিকক ভিক্টোৰিয়া ক্ৰছ প্ৰদান কৰা হৈছিল।৬
প্ৰথম বিশ্বযুদ্ধৰ সময়ত অৰ্ডাৰ অফ মেৰিটৰ উপৰিও ব্ৰিটিছ ভাৰতীয় সেনাৰ বঁটা ব্যৱস্থা সম্প্ৰসাৰিত কৰা হৈছিল। বীৰত্বৰ কাৰ্যক স্বীকৃতি দিয়াৰ বাবে ব্ৰিটিছৰ প্ৰথাৰ ভিত্তিত জ্যেষ্ঠ বিষয়াসকলক ডিষ্টিংগুইচড চাৰ্ভিচ অৰ্ডাৰ, কনিষ্ঠ বিষয়াসকলক মিলিটাৰী ক্ৰছ আৰু অন্যান্য সকলক মিলিটাৰী মেডেল প্ৰদান কৰা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ লৈকে এই ব্যৱস্থা চলি থাকিল।৭
স্বাধীনতাৰ পিছত ভাৰতত ব্ৰিটিছ সন্মান আৰু বঁটা প্ৰদান ব্যৱস্থাৰ অনানুষ্ঠানিকভাৱে অন্ত পৰিল।৮ কিছু সময়ৰ পাছতে ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে জম্মু-কাশ্মীৰত চলি থকা সংঘাতৰ বাবে বীৰত্বৰ বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লয়। যদিও নৱগঠিত ভাৰত আৰু পাকিস্তানৰ হাতত এতিয়াও ব্ৰিটিছ সন্মান প্ৰদানৰ বিকল্প আছিল, তথাপিও দুয়ো দেশৰ নেতাসকলে অনুভৱ কৰিছিল যে পৰস্পৰ বিৰোধী শক্তিৰ কৰ্মীক একে সন্মান দিয়াটো যুক্তিসংগত নহ’ব। সেই অনুসৰি ১৯৪৮ চনৰ জুন মাহত বীৰত্বৰ বাবে নতুন ভাৰতীয় বঁটা পৰম বীৰ চক্ৰ (পিভিচি), মহা বীৰ চক্ৰ (এমভিচি), আৰু বীৰ চক্ৰ (ভিআৰচি) আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।৯ যুদ্ধৰ সময়ত পৰম বীৰ চক্ৰৰ পিছত মহা বীৰ চক্ৰ দ্বিতীয় আৰু বীৰ চক্ৰ ভাৰতৰ তৃতীয় সৰ্বোচ্চ বীৰত্বৰ সামৰিক বঁটা।১০
নেহৰুৱে পৰম বীৰ চক্ৰৰ ৰূপায়ণৰ দায়িত্ব ভাৰতৰ প্ৰথমজন ভাৰতীয় এডজুটেণ্ট জেনেৰেল মেজৰ জেনেৰেল হীৰা লাল অটলৰ হাতত অৰ্পণ কৰে। তেওঁ পাছলৈ ভাৰতীয় সেনাৰ এজন বিষয়া শিখ ৰেজিমেণ্টৰ বিক্ৰম খানোলকাৰৰ পত্নী সাবিত্ৰী খানোলকৰক পদকটোৰ ডিজাইন কৰিবলৈ অনুৰোধ জনায়।১১১২ কাকতলীয়ভাৱে প্ৰথম পৰম বীৰ চক্ৰ তেওঁৰ জ্যেষ্ঠ কন্যা কুমুদিনী শৰ্মাৰ দেৱৰ ৪ কুমাও ৰেজিমেণ্টৰ মেজৰ সোমনাথ শৰ্মাক প্ৰদান কৰা হৈছিল।১৩
ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছতো ভাৰত অধিৰাজ্য হিচাপে যুক্তৰাজ্যৰ আধিপত্য কিছুবছৰ আছিল। ইয়াৰ অৰ্থ আছিল যে ব্ৰিটিছ মুকুটৰ সন্মতি অবিহনে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলে বঁটা স্থাপনৰ অনুমোদন দিব নোৱাৰিলে। সেয়েহে ৰজা ষষ্ঠ জৰ্জৰ অনুমোদনৰ বাবে ৰয়েল ৱাৰেণ্টৰ খচৰা লণ্ডনলৈ প্ৰেৰণ কৰা হয়। কিন্তু ১৯৪৮ চনৰ মাজভাগলৈকে স্পষ্ট হৈ পৰিল যে ৰজাৰ অনুমোদন কিছুদিনৰ বাবে পোৱা প্ৰায় অসম্ভৱ।১৪ লেখক ইয়ান কাৰ্ডোজোৱেৰ মতে: "কমনৱেলথৰ দুজন সদস্যৰ মাজত হোৱা যুদ্ধৰ বাবে ৰজাই বঁটা কেনেকৈ অনুমোদন কৰিব পাৰিলেহেঁতেন? লগতে, ৰজাই বঁটাসমূহত প্ৰতীকী উপস্থিতিও নাথাকিলহেঁতেন।" ১৫
সেয়েহে বীৰত্বৰ নতুন সামৰিক বঁটা আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰাৰ খচৰা ৱাৰেণ্ট কাৰ্যকৰী নহ’ল। ১৯৪৯ চনৰ ১ জানুৱাৰীত জম্মু-কাশ্মীৰত যুদ্ধবিৰতি কাৰ্যকৰী কৰা হয় আৰু ১৯৪৭–১৯৪৮ চনৰ ভাৰত-পাকিস্তানী যুদ্ধৰ পৰা বীৰত্বৰ কাৰ্য্যক সন্মান জনোৱাত বহু পলম হোৱাৰ বাবে নেহৰুৱে সেই খচৰা ৱাৰেণ্টসমূহ গৱৰ্ণৰ জেনেৰেল চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীলৈ "বঁটাসমূহ নিজাকৈ প্ৰতিষ্ঠা কৰিবলৈ" পঠোৱা হয়। কিন্তু ৰাজগোপালাচাৰীয়ে অনুভৱ কৰিছিল যে, যিহেতু ভাৰত তেতিয়াও এখন অধিৰাজ্য আছিল, গতিকে যুক্তৰাজ্যৰ ৰজাৰ অনুমোদন অবিহনে তেওঁৰ বাবে বঁটাসমূহ প্ৰতিষ্ঠা কৰাটো অনুচিত হ'ব।১৬ ইয়াৰ পৰিৱৰ্তে তেওঁ নেহৰুক পৰামৰ্শ দিছিল যে যিহেতু ভাৰত ১৯৫০ চনৰ ২৬ জানুৱাৰীত গণৰাজ্য হ'ব, সেয়েহে সেই তাৰিখত বঁটা স্থাপনৰ কথা ঘোষণা কৰাটো উপযুক্ত হ'ব। লগতে তেওঁ এই বঁটা ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা পুৰ্ববৰ্তীভাৱে কাৰ্যকৰী হ'ব বুলিও মত পোষণ কৰে।১৭
১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ গণৰাজ্য দিৱস হিচাপে পালন কৰা ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে ১৯৪৭ চনৰ ১৫ আগষ্ট (ভাৰতৰ স্বাধীনতা দিৱস)ৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰম বীৰ চক্ৰ স্থাপন কৰে।১৮১৯ এই বঁটা লাভ কৰা ব্যক্তিয়ে আৰু অধিক বঁটা লাভ কৰিবলগীয়া হ’লে আগতীয়াকৈ এক ব্যৱস্থা কৰা হৈছিল। যদি এনেকুৱা হয় তেন্তে গ্ৰহণকাৰীয়ে তেওঁলোকৰ বৰ্তমানৰ পৰম বীৰ চক্ৰএ বাবে এটা দণ্ড লাভ কৰিব আৰু লগতে দেৱতা ইন্দ্ৰৰ অস্ত্ৰ বজ্ৰৰ প্ৰতিৰূপ উপহাৰ লাভ কৰিব।১ ২০১৮ চনৰ জানুৱাৰী মাহলৈকে কোনো ব্যক্তিক দ্বিতীয়বৰ এই বঁটা প্ৰদান কৰাৰ কোনো দৃষ্টান্ত উত্থাপন হোৱা নাই। পদকটোৱে নিজৰ লগত প্ৰাপকসকলে নিজৰ নামৰ পিছত "পিভিচি' উপাধি হিচাপে ব্যৱহাৰ কৰাৰ অধিকাৰ লাভ কৰে।১৮
নিয়মাৱলী
পৰম বীৰ চক্ৰ প্ৰদানৰ নিয়মাৱলীসমূহ বঁটা স্থাপনৰ দিনা অৰ্থাৎ ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় ৰাজপত্ৰত তলত দিয়া ধৰণে উল্লেখ কৰা হৈছিল:২০
প্ৰথম: এই বঁটা পদকৰ আকাৰত হ’ব লাগিব আৰু পৰম বীৰ চক্ৰ (ইয়াৰ পিছৰ অংশত চক্ৰ বুলি উল্লেখ কৰা হ’ব) বুলি অভিহিত কৰিব লাগিব। দ্বিতীয়তে: পদকটো বৃত্তাকাৰ আকৃতিৰ হ’ব লাগিব, ব্ৰঞ্জৰে নিৰ্মিত, এক সমস্ত আঠ ভাগৰ তিনি ইঞ্চি [৩৫ মিলিমিটাৰ] ব্যাসৰ হ’ব লাগিব আৰু ইয়াৰ আগফালে ইন্দ্ৰৰ বজ্ৰৰ চাৰিটা প্ৰতিৰূপ, কেন্দ্ৰত ৰাষ্ট্ৰীয় প্ৰতীক খোদিত কৰা হ’ব লাগিব। ইয়াৰ ওলোটা ফালে হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে পৰম বীৰ চক্ৰ বুলি লিখা লিপিৰ মাজত দুটা পদুম ফুলৰ আৰ্হি অংকিত থাকিব লাগিব। পদকৰ এটা ছীল কৰা আৰ্হি জমা কৰি ৰাখিব লাগিব। তৃতীয়: পদকটো বাওঁ বুকুৰ পৰা এক চতুৰ্থাংশ ইঞ্চি [৩২ মিলিমিটাৰ] প্ৰস্থৰ সাধাৰণ বেঙুনীয়া ৰঙৰ ফিতাৰে ওলোমাই থব লাগিব; যিবোৰ অনুষ্ঠানত কেৱল ফিতা পিন্ধিব লাগে, সেইবোৰ অনুষ্ঠানত ফিতাৰ মাজত ইন্দ্ৰৰ বজ্ৰৰ ক্ষুদ্ৰ প্ৰতিৰূপ স্থাপন কৰিব লাগে। চতুৰ্থঃ শত্ৰুৰ উপস্থিতিত, সেয়া স্থলতেই হওক, সমুদ্ৰতেই হওক বা আকাশতেই হওক, অতি উল্লেখযোগ্য সাহস বা প্ৰধান শৌৰ্য্য বা আত্মত্যাগৰ বাবে এই চক্ৰ প্ৰদান কৰা হয়। পঞ্চমঃ এই চক্ৰ মৰণোত্তৰ ভাৱেও প্ৰদান কৰিব পাৰে। ষষ্ঠ: এই সন্মান ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব। সপ্তম: যিসকল ব্যক্তিক বা যাৰ বাবে এই সন্মান প্ৰদান কৰিব পাৰি তেওঁলোকৰ নাম ভাৰতীয় ৰাজপত্ৰত প্ৰকাশ কৰা হ’ব, আৰু ৰাষ্ট্ৰপতিৰ নিৰ্দেশনাত তাৰ পঞ্জী ৰখা হ’ব। অষ্টম::(ক) স্থলসেনা, নৌসেনা আৰু বায়ুসেনা, যিকোনো সংৰক্ষিত বাহিনীৰ, টেৰিটৰিয়েল সেনা, মিলিচীয়া আৰু আন যিকোনো আইনগতভাৱে গঠিত সশস্ত্ৰ বাহিনীৰ সকলো পদবীৰ বিষয়া, পুৰুষ আৰু মহিলা।:(খ) মেট্ৰন, চিষ্টাৰ, নাৰ্ছ আৰু চিকিৎসালয় আৰু নাৰ্চিং আৰু অসামৰিক লোকৰ সৈতে জড়িত নাৰ্চিং সেৱা আৰু অন্যান্য সেৱাৰ কৰ্মচাৰীসকলে ওপৰত উল্লেখ কৰা যিকোনো বাহিনীৰ আদেশ, নিৰ্দেশনা বা তত্ত্বাৱধানত নিয়মিতভাৱে বা সাময়িকভাৱে সেৱা আগবঢ়োৱা যিকোনো লিংগৰ অসামৰিক লোক। নৱম: যদি কোনো চক্ৰ প্ৰাপকে পুনৰ এনে বীৰত্বৰ কাম কৰে যিটোৱে তেওঁক চক্ৰ গ্ৰহণৰ যোগ্য কৰি তুলিব পাৰে, তেন্তে এনে পৰৱৰ্তী সাহসিক কাৰ্য্যক চক্ৰটো ওলমাই ৰখা সংলগ্ন কৰিবলগীয়া ফিতাৰ সৈতে এনে প্ৰতিটো অতিৰিক্ত সাহসিক কাৰ্য্যৰ বাবে এটা অতিৰিক্ত দণ্ড যোগ কৰা হ'ব, আৰু এনে যিকোনো দণ্ড মৰণোত্তৰভাৱেও প্ৰদান কৰিব পাৰি। বঁটা প্ৰদান কৰা প্ৰতিটো দণ্ডৰ বাবে অকলে পিন্ধিলে ফিতাত ইন্দ্ৰৰ বজ্ৰৰ ক্ষুদ্ৰ প্ৰতিৰূপ যোগ কৰিব লাগিব। দশম: যিসকলক এই সন্মান প্ৰদান কৰা হয় তেওঁলোকে কিছুমান বিশেষ অনুষ্ঠানত পিন্ধিব পৰা ক্ষুদ্ৰ সজ্জা চক্ৰৰ আধা আকাৰৰ হ’ব আৰু উক্ত ক্ষুদ্ৰ সজ্জাৰ এটা ছীল কৰা আৰ্হি জমা কৰি ৰাখিব লাগিব। একাদশ: চক্ৰৰ প্ৰতিগৰাকী প্ৰাপকে নৌসেনাৰ ক্ষেত্ৰত চাব-লেফটেনেণ্ট, সেনাবাহিনীৰ ক্ষেত্ৰত দ্বিতীয় লেফটেনেণ্ট, আৰু বায়ুসেনাৰ ক্ষেত্ৰত পাইলট অফিচাৰৰ তুলনাত কনিষ্ঠ পদবীত থাকিলে এই সন্মান লাভ কৰা তাৰিখৰ পৰা বিশেষ পেঞ্চনৰ অধিকাৰী হ'ব, আৰু প্ৰতিজন অতিৰিক্ত দণ্ডৰ বাবে ৰাষ্ট্ৰপতিয়ে নিৰ্ধাৰণ কৰা হাৰত আজীৱন অতিৰিক্ত পেঞ্চন লাভ কৰিব। কেৱল জীৱিত প্ৰাপকৰ ক্ষেত্ৰত এই দফা প্ৰযোজ্য, তেওঁৰ মৃত্যুৰ পিছত ৰাষ্ট্ৰপতিয়ে নিৰ্ধাৰণ কৰা নিয়ম অনুসৰি তেওঁৰ সংগীৰ মৃত্যু বা পুনৰ বিবাহ নোহোৱালৈকে পেঞ্চন প্ৰদান কৰা হ’ব। দ্বাদশঃ এই চক্ৰই সকলো বঁটাৰ ভিতৰত প্ৰথম স্থান লাভ কৰিব। ত্ৰয়োদশ: ৰাষ্ট্ৰপতিয়ে যিকোনো ব্যক্তিক প্ৰদান কৰা এই বঁটা বাতিল কৰিব পাৰে আৰু ইয়াৰ সৈতে জড়িত যিকোনো পেঞ্চন বন্ধ কৰিব পাৰে। ইয়াৰ পিছত পঞ্জীত থকা তেওঁৰ নাম মচি পেলোৱা হ’ব আৰু তেওঁ পদকটো আত্মসমৰ্পণ কৰিব লাগিব; কিন্তু ৰাষ্ট্ৰপতিয়ে যেতিয়া এনে বাতিলৰ নিৰ্দেশনা পৰৱৰ্তী সময়ত প্ৰত্যাহাৰ কৰে তেতিয়া পদক পুনৰুদ্ধাৰ কৰাৰ লগতে আৰু ইয়াৰ সৈতে জব্দ কৰা হ'ব পৰা পেঞ্চন পুনঃপ্ৰচলন কৰা হ'ব। শেষ: প্ৰতিটো ক্ষেত্ৰতে বঁটা বাতিল বা পুনৰুদ্ধাৰৰ জাননী ভাৰতীয় ৰাজপত্ৰত প্ৰকাশ কৰা হ’ব।
১৯৮০ চনৰ ২৬ জানুৱাৰীত ওপৰৰ নিয়মসমূহৰ সংশোধনীৰ ফলত ১২ নং দফাটো আঁতৰাই পেলোৱা হয় আৰু বাকী থকা দফাসমূহক সেই অনুসৰি পুনৰ সংখ্যা দিয়া হয়।২১
বঁটাৰ গঠন

এই পদক ৩৫ মিলিমিটাৰ (১+৩⁄৮ ইঞ্চি) ব্যাসৰ বৃত্তাকাৰ ব্ৰঞ্জৰে নিৰ্মিত। পদকৰ সন্মুখৰ ফালে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক কেন্দ্ৰত এটা উচ্চ বৃত্তৰ ওপৰত খোদিত। ৰাষ্ট্ৰীয় প্ৰতীকৰ চাৰিওফালে দেৱৰাজ ইন্দ্ৰৰ অস্ত্ৰ বজ্ৰৰ চাৰিটা প্ৰতীক অংকিত। এই বজ্ৰ ঋষি দধিচিৰ বলিদানৰ প্ৰতীক। ঋষি দধিচিয়ে দেৱতাক নিজৰ হাড় প্ৰদান কৰি বজ্ৰ বনাই বৃত্ৰ দানৱক বধ কৰিবলৈ দিছিল। পদকটো এটা দণ্ডৰ সহায়ত ওলমি থকা থাকে। পদকৰ পিছফালে এটা সমতল কেন্দ্ৰৰ চাৰিওফালে দুপাহ পদুম ফুলেৰে পৃথক কৰা "পৰম বীৰ চক্ৰ" শব্দটো হিন্দী আৰু ইংৰাজীত লিখা থাকে।৪২২ ৩২ মিলিমিটাৰ (১+১⁄৪ ইঞ্চি) দীঘল বেঙুনীয়া ৰঙৰ ফিতা এডালৰ সহায়ত পদকটো ওলমাই ৰখা হয়।৪
প্ৰাপকসকল
, চুবেদাৰ সঞ্জয় কুমাৰ আৰু চুবেদাৰ যোগেন্দ্ৰ সিং যাদৱ]]
বৰ্তমানলৈকে ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান পৰম বীৰ চক্ৰ ২১ গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছে। ইয়াৰে ১৪ গৰাকীক মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰা হৈছে। ভাৰত-পাকিস্তানী সংঘৰ্ষৰ সময়ত দেখুৱা অপৰিসীম বীৰত্ব আৰু সাহসৰ বাবে সৰ্বাধিক ১৬ গৰাকী ব্যক্তিক এই বঁটা প্ৰদান কৰা হৈছে।২৩২৪ ২১ গৰাকী বঁটাপ্ৰাপকৰ ভিতৰত ২০ গৰাকী ভাৰতীয় থলসেনাবাহিনীৰ আৰু এজন ভাৰতীয় বায়ুসেনাৰ সৈনিক। তিনিটা বঁটা লাভ কৰা গ্ৰেনেডিয়েৰে সৰ্বাধিক পৰম বীৰ চক্ৰ লাভ কৰিছে। ভাৰতীয় সেনাৰ বিভিন্ন ৰেজিমেণ্ট যেনে গোৰ্খা ৰাইফল ৰেজিমেণ্টে তিনিটা বঁটা লাভ কৰিছে, ১, ৮ আৰু ১১টা গোৰ্খা ৰাইফল ৰেজিমেণ্টৰ প্ৰত্যেকৰে এগৰাকী ব্যক্তিয়ে পৰম বীৰ চক্ৰ লাভ কৰিছে।২৫
২০১৮ চনৰ জানুৱাৰী মাহলৈকে ১৯৭১ চনত মৰণোত্তৰভাৱে পৰম বীৰ চক্ৰৰে সন্মানিত হোৱা ফ্লায়িং অফিচাৰ নিৰ্মল জিৎ সিং শেখোঁ এই পদক লাভ কৰা একমাত্ৰ ভাৰতীয় বায়ুসেনাৰ বিষয়া।১২৫ চুবেদাৰ মেজৰ বানা সিং, চুবেদাৰ সঞ্জয় কুমাৰ আৰু চুবেদাৰ যোগেন্দ্ৰ সিং যাদৱ পৰম বীৰ চক্ৰ লাভ কৰা জীৱিত ব্যক্তি।২৪
- বঁটা প্ৰদানৰ সময়ত সামৰিক ৰেংক।
| প্ৰাপকৰ আৱক্ষ মূৰ্তি | নাম | ৰেংক** | ইউনিট | বঁটা প্ৰদানৰ তাৰিখ | যুদ্ধ | স্থান | উৎস |
|---|---|---|---|---|---|---|---|
| সোমনাথ শৰ্মা | মেজৰ | কুমাও ৰেজিমেণ্ট | ৩ নৱেম্বৰ ১৯৪৭* | বাদগামৰ যুদ্ধ | বাদগাম, জম্মু আৰু কাশ্মীৰ | ২৬২৫২৭ | |
| যদুনাথ সিং | নাইক | ৰাজপুত ৰেজিমেণ্ট | ৬ ফেব্ৰুৱাৰী ১৯৪৮* | ১৯৪৭ চনৰ ভাৰত-পাকিস্তান যুদ্ধ | নৌশ্বেৰা, জম্মু আৰু কাশ্মীৰ | ২৫২৭২৮ | |
| ৰাম ৰাঘোবা ৰাণে | দ্বিতীয় লেফটেনেণ্ট | বোম্বে চেপাৰ্চ | ৮ এপ্ৰিল ১৯৪৮ | ১৯৪৭ চনৰ ভাৰত-পাকিস্তান যুদ্ধ | নৌশ্বেৰা, জম্মু আৰু কাশ্মীৰ | ২৫২৭২৯ | |
| পিৰু সিং | কোম্পানী হাভিলদাৰ মেজৰ | ৰাজপুতনা ৰাইফলছ | ১৭ জুলাই ১৯৪৮* | ১৯৪৭ চনৰ ভাৰত-পাকিস্তান যুদ্ধ | তীথৱাল, জম্মু আৰু কাশ্মীৰ | ২৫২৭৩০ | |
| কৰম সিং | লাইন্স নাইক | শিখ ৰেজিমেণ্ট | ১৩ অক্টোবৰ ১৯৪৮ | ১৯৪৭ চনৰ ভাৰত-পাকিস্তান যুদ্ধ | তীথৱাল, জম্মু আৰু কাশ্মীৰ | ২৫২৭৩১ | |
| গুৰবচন সিং ছালাৰিয়া | কেপ্তেইন | ১ নং গোৰ্খা ৰাইফলছ | ৫ ডিচেম্বৰ ১৯৬১* | কংগো সংকট | , কাটাংগা প্ৰদেশ, কংগো | ২৫২৭৩২ | |
| ধন সিং থাপা | মেজৰ | ৮ নং গোৰ্খা ৰাইফলছ | ২০ অক্টোবৰ ১৯৬২ | ভাৰত-চীন যুদ্ধ | লাডাখ, জম্মু আৰু কাশ্মীৰ | ২৫২৭৩৩ | |
| যোগিন্দৰ সিং | চুবেদাৰ | শিখ ৰেজিমেণ্ট | ২৩ অক্টোবৰ ১৯৬২* | ভাৰত-চীন যুদ্ধ | টংপেন লা, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি, ভাৰত | ২৫২৭৩৪ | |
| চৈতান সিং | মেজৰ | কুমাও ৰেজিমেণ্ট | ১৮নৱেম্বৰ ১৯৬২* | ভাৰত-চীন যুদ্ধ | ৰেজাং লা, জম্মু আৰু কাশ্মীৰ | ২৫২৭৩৫ | |
| আব্দুল হামিদ | কোম্পানী কোৱাৰ্টাৰ মাষ্টাৰ হাভিলদাৰ | দা গ্ৰেনেডিয়াৰ | ১০ ছেপ্টেম্বৰ ১৯৬৫* | অচল উত্তৰ যুদ্ধ | খেমকৰণ, ভাৰত | ২৫২৭৩৬ | |
| আৰ্দেশিৰ তাৰাপৰে | লেফটেনেণ্ট কৰ্ণেল | পুনা হৰ্ছ | ১১ ছেপ্টেম্বৰ ১৯৬৫* | চাৱিণ্ডাৰ যুদ্ধ | ফিল'ৰা, চিয়ালকোট, পাকিস্তান | ২৫২৭৩৭ | |
| এলবাৰ্ট এক্কা | লাইন্স নাইক | ব্ৰিগেড অফ দা গাৰ্ডছ | ৩ ডিচেম্বৰ ১৯৭১* | হিল্লীৰ যুদ্ধ | গংগাসাগৰ, আগৰতলা | ২৫২৭৩৮ | |
| নিৰ্মল জিৎ সিং শেখোঁ | ফ্লায়িং অফিচাৰ | ১৮ নং স্কোৱাৰ্ডন ভাৰতীয় বায়ুসেনা | 14 December 1971* | ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধ | শ্ৰীনগৰ, জম্মু আৰু কাশ্মীৰ | ২৫২৭৩৯ | |
| অৰুণ খেতৰপাল | দ্বিতীয় লেফটেনেণ্ট | পুনা হৰ্ছ | ১৬ ডিচেম্বৰ ১৯৭১* | বসন্তাৰ যুদ্ধ | বড়াপিণ্ড-জৰপৰ, চকৰগড়, পাকিস্তান | ২৫২৭৪০ | |
| হোশিয়াৰ সিং দাহিয়া | মেজৰ | দা গ্ৰেনেডিয়াৰ | ১৭ ডিচেম্বৰ ১৯৭১ | বসন্তাৰ যুদ্ধ, বসন্তাৰ নদী, চকৰগড়, পাকিস্তান | ২৫২৭৪১ | ||
| বানা সিং | নাইব চুবেদাৰ | জম্মু এণ্ড কাশ্মীৰ লাইট ইনফেন্ত্ৰী | ২৩ মে' ১৯৮৭ | অপাৰেচন ৰাজীৱ | ছিয়াছেন হিমবাহ, জম্মু আৰু কাশ্মীৰ | ২৫২৭৪২ | |
| ৰামাস্বামী পৰমেশ্বৰন | মেজৰ | মহাৰ ৰেজিমেণ্ট | ২৫ নৱেম্বৰ ১৯৮৭* | অপেৰেচন পৱন | শ্ৰীলংকা | ২৫২৭৪৩ | |
| মনোজ কুমাৰ পাণ্ডে | লেফটেনেণ্ট | ১১ নং গোৰ্খা ৰাইফলছ | ৩ জুলাই ১৯৯৯* | অপাৰেচন বিজয় | খালুবেৰ/জুবেৰ টপ, জম্মু আৰু কাশ্মীৰ | ২৫২৭ | |
| যোগেন্দ্ৰ সিং যাদৱ | গ্ৰেনেডিয়াৰ | দা গ্ৰেনেডিয়াৰ | ৪ জুলাই ১৯৯৯ | টাইগাৰ হিলৰ যুদ্ধ | টাইগাৰ হিল, কাৰ্গিল | ২৫২৭ | |
| সঞ্জয় কুমাৰ | ৰাইফলমন | জম্মু এণ্ড কাশ্মীৰ ৰাইফলছ | ৫ জুলাই ১৯৯৯ | কাৰ্গিল যুদ্ধ | কাৰ্গিল, জম্মু আৰু কাশ্মীৰ | ২৫২৭ | |
| বিক্ৰম বাত্ৰা | কেপ্তেইন | জম্মু আৰু কাশ্মীৰ ৰাইফলছ | ৭ জুলাই ১৯৯৯* | অপাৰেচন বিজয় | কাৰ্গিল, জম্মু আৰু কাশ্মীৰ | ২৫২৭ |
অন্যান্য সা-সুবিধা
পৰম বীৰ চক্ৰ প্ৰাপকসকলে লেফটেনেণ্ট পদবীতকৈ কম পদমৰ্যাদাত থকাসকলৰ বাবে (বা উপযুক্ত সেৱাৰ সমতুল্য) নগদ ধন প্ৰদান কৰাৰ ব্যৱস্থা আছে। বঁটা প্ৰাপকৰ মৃত্যুৰ পিছত তেওঁলোকৰ জীৱনসংগীয়ে মৃত্যু বা পুনৰ বিবাহ নোহোৱালৈকে পেঞ্চন লাভ কৰে। অবিবাহিত মৰণোত্তৰভাৱে লাভ কৰা বঁটা প্ৰাপকৰ ক্ষেত্ৰত তেওঁলোকৰ পিতৃ-মাতৃক এই সুবিধা প্ৰদান কৰা হয়। জীৱনসংগীৰ মৃত্যুৰ পিছত মৰণোত্তৰভাৱে এই বঁটা লাভ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ পুত্ৰ বা অবিবাহিত কন্যায়ে এই সুবিধা লাভ কৰে।৪৪ বঁটা প্ৰাপকজনক তেওঁলোকৰ নিয়মীয়া দৰমহাৰ সৈতে মাহিলী ₹২০,০০০ অতিৰিক্তভাৱে প্ৰদান কৰা হয়।৪৫ বঁটাৰ পৰিমাণ আৰু পেঞ্চনৰ সুবিধাত আয়কৰৰ পৰা ৰেহাই দিয়া হৈছে। ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ অধীনত বিভিন্ন মন্ত্ৰালয়ে এই বঁটাপ্ৰাপকসকলৰ বাবে বিভিন্ন আৰ্থিক সকাহ প্ৰদান কৰে।৪৬ ভাৰতীয় সেনাবাহিনীৰ এটা তুলনামূলকভাৱে অজ্ঞাত নিয়ম হ’ল পৰম বীৰ চক্ৰ প্ৰাপকসকলে আনুষ্ঠানিক ইউনিফৰ্ম পিন্ধিলে সেনাবাহিনীৰ সকলোৱে ৰেংক নিৰ্বিশেষে চেলুট দিব লাগে, যদিও ইয়াৰ কোনো আইনী ব্যৱস্থা নাই।
ৰাজ্য চৰকাৰৰে প্ৰদান কৰা সুবিধা
ভাৰতৰ বহু ৰাজ্যই পৰম বীৰ চক্ৰ প্ৰাপকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সমান্তৰালকৈ ব্যক্তিগতভাবে কিছুমান পুৰস্কাৰ স্থাপন কৰিছে।৪৬ ৰাজ্যচৰকাৰ সমূহে বঁটা প্ৰাপক সকলক একঁকালীন নগদ ধন, মাটি বা মাহিলী পেঞ্চন প্ৰদান কৰে। ৰাজ্যভেদে প্ৰদান কৰা সুবিধাৰ তাৰতম্য দেখা যায়।
| নগদ ধনৰ | প্ৰদান কৰা ৰাজ্য |
|---|---|
| ₹২ কোটি | হাৰিয়ানা |
| ₹২.২৫ কোটি | তেলংগানা |
| ₹৩০ লাখ | পাঞ্জাব |
| ₹২৫ লাখ | অসম, চণ্ডীগড়, ছত্তীসগঢ়, দিল্লী, গোৱা, হিমাচল প্ৰদেশ, কেৰালা, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড |
| ₹২০ লাখ | ৰাজস্থান, মধ্য প্ৰদেশ |
| ₹১৫ লাখ | তামিলনাডু, মিজোৰাম |
| ₹১০ লাখ | ঝাৰখণ্ড, অন্ধ্ৰপ্ৰদেশ, বিহাৰ |
| ₹২২,৫০০ | গুজৰাট, জম্মু আৰু কাশ্মীৰ, কৰ্ণাটক, ওড়িশা, ছিক্কিম, পশ্চিমবংগ |
স্মৃতিসৌধ
আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জৰ প’ৰ্ট ব্লেয়াৰৰ মেৰিনা পাৰ্কত পৰম বীৰ চক্ৰ লাভ কৰাসকলৰ স্মৃতিত এখন স্মৃতিসৌধ নিৰ্মাণ কৰা হৈছে। ২০১৪ চনৰ ছেপ্টেম্বৰ মাহত আন্দামানৰ আৰু নিকোবৰৰ লেফটেনেণ্ট গৱৰ্ণৰ জেনেৰেল অজয় কুমাৰ সিঙে আন্দামান আৰু নিকোবৰ কমাণ্ডৰ মুখ্য সেনাধ্যক্ষ ভাইচ এডমিৰেল প্ৰদীপ কুমাৰ চেটাৰ্জীৰ উপস্থিতিত এই স্মৃতিসৌধৰ উদ্বোধন কৰে।৪৭
২০১৭ চনৰ ২ মে' তাৰিখে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কেন্দ্ৰত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী সুভাষ ভামৰে সমগ্ৰ দেশৰ হাজাৰখন শিক্ষানুষ্ঠানত "শৌৰ্য্যৰ দেৱাল" নিৰ্মাণৰ অভিযানৰ শুভাৰম্ভ কৰে। পৰম বীৰ প্ৰাপক জীৱিত ব্যক্তি দুগৰাকী চুবেদাৰ যোগেন্দ্ৰ সিং যাদৱ আৰু নাইব চুবেদাৰ সঞ্জয় কুমাৰৰ উদ্যোগত এই অভিযান আৰম্ভ হয়। এই অভিযানৰ নাম দিয়া হৈছিল "বিদ্যা বীৰতা অভিযান।" ইয়াৰ উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰী আৰু নিজ নিজ শিক্ষানুষ্ঠানৰ অধ্যাপকৰ স্বেচ্ছামূলক বৰঙণিৰে বিভিন্ন শৈক্ষিক চৌহদত ৪.৫ x ৬ মিটাৰ (১৫ x ২০ ফুট) দেৱাল নিৰ্মাণ কৰা। এই দেৱালসমূহত পৰম বীৰ চক্ৰ প্ৰাপক ২১ গৰাকী ব্যক্তিৰ প্ৰাসংগিক তথ্যৰ সৈতে প্ৰদৰ্শিত কৰা হৈছিল।৪৮
ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ অংশ পৰম যোদ্ধা স্থলত ২১ গৰাকী প্ৰাপকৰ সকলোৰে ব্ৰঞ্জৰ আৱক্ষ মূৰ্তি স্থাপন কৰা হৈছে। মূল স্মৃতিসৌধৰ কাষতে থকা এই স্থানত বীৰসকলৰ উদ্ধৃতি প্ৰদৰ্শন কৰা তথ্যসমৃদ্ধ ফলক আছে।৪৯
জনপ্ৰিয় সংস্কৃতিত
পৰম বীৰ চক্ৰ বিজয়ীসকলৰ জীৱনক কেন্দ্ৰ কৰি টিভি ধাৰাবাহিক পৰম বীৰ চক্ৰ (১৯৯০) প্ৰচাৰ কৰা হৈছিল। এই ধাৰাবাহিকখন চেতন আনন্দে পৰিচালনা কৰিছিল। ধাৰাবাহিকখনৰ প্ৰথম খণ্ডত এই বঁটা লাভ কৰা প্ৰথমজন কুমাও ৰেজিমেণ্টৰ মেজৰ সোমনাথ শৰ্মাক চিত্ৰিত কৰা হৈছিল।৫০৫১৫২
ভাৰতীয় পাঞ্জাবী ভাষাৰ জীৱনীমূলক চিনেমা চুবেদাৰ যোগিন্দৰ সিং (২০১৮) পৰম বীৰ চক্ৰ প্ৰাপক যোগিন্দৰ সিঙৰ জীৱন আৰু চীন-ভাৰত যুদ্ধৰ সময়ত তেওঁৰ সাহসিকতাৰ ওপৰত আধাৰিত।৫৩
বলীউডৰ ছবি 'এল অ চি কাৰ্গিল' (২০০৩)ত কাৰ্গিল যুদ্ধৰ সময়ত অপৰিসীম সাহসৰ পৰিচয় দিয়া পৰম বীৰ চক্ৰ লাভ কৰা সকলোৰে বিৱৰণ দিয়া হৈছে। ছবিখনত লেফটেনেণ্ট মনোজ কুমাৰ পাণ্ডেৰ চৰিত্ৰত অজয় দেৱগনে, চুবেদাৰ যোগেন্দ্ৰ সিং যাদৱৰ চৰিত্ৰত মনোজ বাজপেয়ী, নাইব চুবেদাৰ সঞ্জয় কুমাৰৰ চৰিত্ৰত সুনীল শ্বেট্টী আৰু কেপ্তেইন বিক্ৰম বাত্ৰাৰ চৰিত্ৰত অভিষেক বচ্চনে অভিনয় কৰিছিল।৫৪
আগন্তুক হিন্দী ভাষাৰ এখন ছবি 'ইক্কিছ' এই বঁটা লাভ কৰা আটাইতকৈ কম বয়সীয়া অৰুণ খেতৰপালৰ জীৱনৰ ওপৰত নিৰ্মিত হ'ব।
২০২১ চনৰ 'শ্বেৰশ্বাহ' ছবিত বিষ্ণুবৰ্ধনৰ পৰিচালনাত নিৰ্মিত জীৱনীমূলক ছবিখনত বিক্ৰম বাত্ৰাৰ চৰিত্ৰত সিদ্ধাৰ্থ মালহোত্ৰাই অভিনয় কৰিছিল।৫৫৫৬
তথ্য উৎস
প্ৰসংগ পুথি
- Ashcroft, Michael. (2006). Victoria Cross Heroes. Headline Book Publishing. ISBN 978-0-7553-1632-8
- Cardozo, Ian. (2003). Param Vir: Our Heroes in Battle. Roli Books Private Limited. ISBN 978-93-5194-029-6
- Chakravorty, B.C. (1995). Stories of Heroism: PVC & MVC Winners. Allied Publishers. ISBN 978-81-7023-516-3
- Higgins, David R. (2016). M48 Patton vs Centurion: Indo-Pakistani War 1965. Bloomsbury Publishing. ISBN 978-1-4728-1093-9
- NCERT, Govt. of India. (2016). Veer Gaatha. National Council of Educational Research and Training. ISBN 978-93-5007-765-8
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Param Vir Chakra (PVC). India: National Portal of India
- ↑ Higgins 2016, পৃ. 42
- ↑ NCERT 2016, পৃ. 11
- ↑ Priya Aurora. (27 December 2013). 7 Facts Average Indian Doesn't Know About Param Vir Chakra. Topyaps
- ↑ Cardozo 2003, পৃ. 4
- ↑ Ashcroft 2006, পৃ. xi–xiii
- ↑ Cardozo 2003, পৃ. 5
- ↑ Cardozo 2003, পৃ. 5
- ↑ Cardozo 2003, পৃ. 6
- ↑ About Gallantry Awards. Gallantry Awards. Ministry of Defence, Government of India
- ↑ Satyindra Singh. (20 June 1999). Honouring the Bravest of the Brave. The Tribune, Chandigarh
- ↑ (30 June 2021). The Swiss-Born Lady Who Crafted Param Vir Chakra, India's Highest Gallantry Award. IndiaTimes
- ↑ Cardozo 2003, পৃ. 12
- ↑ Cardozo 2003, পৃ. 6
- ↑ Cardozo 2003, পৃ. 6
- ↑ Cardozo 2003, পৃ. 6
- ↑ Cardozo 2003, পৃ. 7
- ↑ (5 April 2015). 11 Facts You Need To Know About The Param Vir Chakra. Indiatimes
- ↑ Param Vir Chakra (PVC). India: National Portal of India
- ↑ Cardozo 2003, পৃ. Annexure I (204–206)
- ↑ Cardozo 2003, পৃ. 206
- ↑ Sumit Walia. (23 January 2009). The First Param Vir Chakra. Sify News
- ↑ NCERT 2016, পৃ. 5
- ↑ (8 August 2010). Other States / West Bengal News: Living with War Memories that Never Fade. The Hindu
- ↑ Indiatimes News Network. (25 January 2008). Param Vir Chakra Winners Since 1950. Times of India
- ↑ Chakravorty 1995, পৃ. 75–76
- ↑ Rishabh Banerji. (15 August 2015). 21 Param Vir Chakra Winners Every Indian Should Know and Be Proud of. Indiatimes
- ↑ Chakravorty 1995, পৃ. 56–57
- ↑ Chakravorty 1995, পৃ. 67–68
- ↑ Chakravorty 1995, পৃ. 65–66
- ↑ Chakravorty 1995, পৃ. 60–61
- ↑ Chakravorty 1995, পৃ. 69–70
- ↑ Chakravorty 1995, পৃ. 79–80
- ↑ Chakravorty 1995, পৃ. 58–59
- ↑ Chakravorty 1995, পৃ. 73–74
- ↑ Chakravorty 1995, পৃ. 49–50
- ↑ Chakravorty 1995, পৃ. 77–78
- ↑ Chakravorty 1995, পৃ. 52–53
- ↑ Chakravorty 1995, পৃ. 71–72
- ↑ Chakravorty 1995, পৃ. 62–63
- ↑ Chakravorty 1995, পৃ. 54–55
- ↑ Chakravorty 1995, পৃ. 51
- ↑ Chakravorty 1995, পৃ. 64
- ↑ Chakravorty 1995, পৃ. 48
- ↑ Param Vir Chakra IN. Indian Navy
- ↑ (18 August 2015). How Do We Reward the Men in Uniform? A Look at the Reward Extended to Gallantry Award Winner. Factly
- ↑ Press Trust of India. (18 September 2014). Param Vir Chakra Memorial dedicated to the nation. Daily News and Analysis. Diligent Media Corporation Limited
- ↑ Anil Bhat. (10 May 2017). A 'wall of valour' for our bravehearts in campuses. The Asian Age
- ↑ PM Modi unveils National War Memorial: 10 things to know about it – National War Memorial to be dedicated to soldiers. The Economic Times
- ↑ Madhu Jain. (15 August 1990). Mandi House Hardsells Kashmir in its Serial 'Gul Gulshan Gulfam'. India Today
- ↑ Goldie Commands Respect Even 10 years After Death. Sunday Guardian
- ↑ (15 June 2007). Maker of Innovative, Meaningful Movies. The Hindu
- ↑ Subedar Joginder Singh Review {2.5/5}: If movies served with a generous dose of national pride are your scene, then this one should not be missed. The Times of India
- ↑ LOC-Kagil: How 'real'?. The Hindu
- ↑ (5 June 2018). Kargil martyr Vikram Batra's brother on his biopic: I hope Sidharth Malhotra does justice to Vikram. Hindustan Times
- ↑ (16 July 2019). कैप्टन विक्रम बत्रा की बराबरी करने कम हील वाले शूज पहनेंगे सिद्धार्थ, फिल्म के लिए ले रहे हार्ड ट्रेनिंग. Dainik Bhaskar
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰম বীৰ চক্ৰ” প্ৰবন্ধৰ সংশোধন ৬৩৭৩৯৫ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।