মেজৰ ৰামাস্বামী পৰমেশ্বৰন (Ramaswamy Parameshwaran), পিভিচি (১৩ ছেপ্টেম্বৰ ১৯৪৬, মুম্বাই – ২৫ নৱেম্বৰ ১৯৮৭, শ্ৰীলংকা) ভাৰতীয় সেনাবাহিনীৰ এগৰাকী বিষয়া আছিল।১২ তেওঁ ব্যতিক্ৰমী সাহস, নেতৃত্ব প্ৰদৰ্শন কৰিছিল আৰু শ্ৰীলংকাত হোৱা অপাৰেচন পৱনৰ সময়ত কৰা পৰম ত্যাগৰ বাবে তেওঁক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ সামৰিক সজ্জা পৰম বীৰ চক্ৰেৰে সন্মানিত কৰা হৈছিল।৩৪ সতীৰ্থসকলৰ মাজত তেওঁ "পেৰী চাহাব" নামেৰে পৰিচিত আছিল।৫৬
প্ৰাথমিক জীৱন আৰু শিক্ষা
১৯৪৬ চনৰ ১৩ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ মুম্বাইত শ্ৰী কে এছ ৰামাস্বামীৰ ঔৰষত আৰু শ্ৰীমতী জানকীৰ গৰ্ভত মেজৰ পৰমেশ্বৰনে জন্মগ্ৰহণ কৰিছিল।৭ মুম্বাইৰ এখন হাইস্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি ১৯৬৩ চনত স্কুলীয়া শিক্ষা সমাপ্ত কৰে। ১৯৬৮ চনত SIES কলেজৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।৮
উত্তৰাধিকাৰ
মেজৰ ৰামাস্বামী পৰমেশ্বৰনৰ স্মৃতিত আৰু ভাৰতীয় সামৰিক বাহিনীলৈ তেওঁৰ ব্যতিক্ৰমী অৱদানৰ প্ৰতি সন্মান জনাই চেন্নাইৰ এটা গৃহ নিৰ্মাণ প্ৰকল্পক তেওঁৰ সন্মানত "পৰমেশ্বৰ পুৰম" নামেৰে নামকৰণ কৰা হয়।৯
তথ্যসূত্ৰ
- ↑ National War Memorial - Ramaswamy Parameswaran. National War Memorial
- ↑ Honourpoint - Major Ramaswamy Parameswaran PVC. Honourpoint
- ↑ Memorial to Major Ramaswamy Parameswaran to Come Up at His Ancestral Town. Times of India
- ↑ The Undeterred Hero from the Indian Peacekeeping Force - Major Ramaswamy Parameswaran. Biocon Blog
- ↑ Birthday of Ramaswamy Parameshwaran. Mode India
- ↑ The Better India - Major Parmeswaran. The Better India
- ↑ Thank You Indian Army - Ramaswamy Parameswaran. Thank You Indian Army
- ↑ Bharat Mata Mandir - Major Ramaswamy Parameshwaran. Bharat Mata Mandir
- ↑ Amazon - Param Vir Chakra: Ramaswamy Parameswaran. Amazon
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰামাস্বামী পৰমেশ্বৰন” প্ৰবন্ধৰ সংশোধন ৪৯৭৫৯৪ (২৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।