চুবেদাৰ মেজৰ১২ সঞ্জয় কুমাৰ পবীচ (Sanjay Kumar; জন্ম ৩ মাৰ্চ ১৯৭৬৩) ভাৰতীয় সেনাবাহিনীৰ এজন কনিষ্ঠ কমিচনেড অফিচাৰ, আৰু ভাৰতৰ সৰ্বোচ্চ সামৰিক বঁটা পৰম বীৰ চক্ৰ লাভ কৰা ব্যক্তি।৪
প্ৰাৰম্ভিক জীৱন
সঞ্জয় কুমাৰে হিমাচল প্ৰদেশৰ বিলাসপুৰ জিলাৰ কলোল বল্কিন গাঁৱত জন্মগ্ৰহণ কৰিছিল। সেনাবাহিনীত যোগদান কৰাৰ আগতে তেওঁ নতুন দিল্লীত টেক্সি চালক হিচাপে কাম কৰিছিল।৫ চতুৰ্থ প্ৰচেষ্টাৰ পিছত সেনাবাহিনীত যোগদানৰ বাবে নিৰ্বাচিত হোৱাৰ পূৰ্বে তেওঁ তিনিবাৰকৈ বিফল হৈছিল।
সামৰিক কেৰিয়াৰ
১৯৯৯ চনৰ ৪ জুলাইত জম্মু আৰু কাশ্মীৰ ৰাইফলছৰ ১৩ নং বেটেলিয়নৰ সদস্য হিচাপে তেওঁ কাৰ্গিল যুদ্ধৰ সময়ত এৰিয়া ফ্লেট টপ দখল কৰাৰ দায়িত্ব দিয়া এটা দলৰ আগশাৰীৰ স্কাউট আছিল। এই অঞ্চল পাকিস্তানী সৈন্যৰ দখলত আছিল। ক্লিফটোৰ দূৰত্ব অনুমান কৰি প্ৰায় ১৫০ মিটাৰ দূৰৈৰ শত্ৰুৰ বাংকাৰৰ পৰা মেচিনগানৰ গুলীৰে দলটোক পৰাস্ত কৰা হয়।
কুমাৰে সমস্যাৰ গভীৰতা আৰু এৰিয়া ফ্লেট টপ দখল কৰাত এই বাংকাৰে কি ক্ষতিকাৰক প্ৰভাৱ পেলাব সেই কথা উপলব্ধি কৰি অকলেই লেজৰ ওপৰেৰে, এটা ফ্লেংকৰ কাষেৰে খোজ কাঢ়ি গৈ শত্ৰুৰ বাংকাৰৰ ফালে আক্ৰমণ কৰে। নিমিষতে তেওঁৰ বুকু আৰু আগবাহুত দুটা গুলীয়ে আঘাত কৰাৰ ফলত প্ৰচুৰ ৰক্তক্ষয় হয়।
গুলীৰ আঘাতৰ পৰা তেজ ওলাই আহিলেও তেওঁ বাংকাৰৰ ফালে আগুৱাই চাৰ্জ অব্যাহত ৰাখিলে। এই আক্ৰমণ-প্ৰত্যাক্ৰমণত তেওঁ তিনিজন শত্ৰুৰ সৈনিকক হত্যা কৰিছিল। তাৰ পিছত তেওঁ শত্ৰুৰ মেচিনগান এটা তুলি লৈ শত্ৰুৰ দ্বিতীয় বাংকাৰৰ ফালে আগবাঢ়ে। এই আক্ৰমণত আচৰিত হৈ শত্ৰু সৈন্যসকলে নিজৰ পষ্টৰ পৰা পলায়ন কৰাৰ সময়ত তেওঁৰ হাতত নিহত হয়। তেওঁৰ কাৰ্য্যৰ পৰা অনুপ্ৰাণিত হৈ বাকী প্লাটুনে চাৰ্জ আৰম্ভ কৰে আৰু আক্ৰমণ কৰি এৰিয়া ফ্লেট টপ দখল কৰিবলৈ সক্ষম হয়।
২০২২ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ চুবেদাৰ মেজৰ পদবী লাভ কৰে আৰু পুনেৰ ওচৰৰ খাডাকৱাছলাৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীত নিযুক্তি লাভ কৰে।৬
বঁটা আৰু সামৰিক সজ্জা
তেওঁৰ কেৰিয়াৰৰ সময়ছোৱাত অপাৰেচন বিজয়ত তেওঁৰ ভূমিকাৰ বাবে তেওঁ পৰম বীৰ চক্ৰ (স্বাধীনতা দিৱস ১৯৯৯) বঁটা লাভ কৰে।
| পৰম বীৰ চক্ৰ | পৰাক্ৰম পদক | ||
| অপাৰেচন বিজয় ষ্টাৰ | বিশেষ সেৱা পদক | অপাৰেচন বিজয় পদক | |
| সৈন্য সেৱা পদক | উচ্চ তুংগত পদক | বিদেশ সেৱা পদক | ৭৫ সংখ্যক ভাৰতীয় স্বাধীনতা দিৱস পদক |
| ৫০ সংখ্যক ভাৰতীয় স্বাধীনতা দিৱস পদক | সুদীৰ্ঘ ২০ বছৰীয়া সেৱা পদক | সুদীৰ্ঘ ৯ বছৰীয়া সেৱা পদক | ৰাষ্ট্ৰসংঘৰ পদক |
পৰম বীৰ চক্ৰ
ভাৰতীয় সেনাৰ অফিচিয়েল ৱেবছাইটত পৰম বীৰ চক্ৰৰ উদ্ধৃতিত এইদৰে লিখা আছে:
উদ্ধৃতি ৰাইফলমেন সঞ্জয় কুমাৰক ১৯৯৯ চনৰ ৪ জুলাইত মুছকোহ উপত্যকাৰ ৪৮৭৫ নং পইণ্টৰ ফ্লেট টপ অঞ্চল দখল কৰাৰ দায়িত্ব দিয়া হয়। আক্ৰমণাত্মক দলটোৰ আগশাৰীৰ স্কাউট হিচাপে স্বেচ্ছাই তেওঁ আগবাঢ়ি আহে। এই আক্ৰমণৰ সময়ত যেতিয়া শত্ৰু পক্ষই ধাৰাসাৰে গুলীবৰ্ষণ কৰি বিস্ময়কৰ প্ৰত্যাহ্বানেৰে তেওঁলোকৰ দলটোক ৰখিবলৈ বাধ্য কৰাইছিল, ৰাইফলমেন সঞ্জয় কুমাৰে পৰিস্থিতিৰ গম্ভীৰতা উপলব্ধি কৰি নিজৰ জীৱনৰ সুৰক্ষাৰ প্ৰতিও আওকাণ কৰি নিজৰ সাহস প্ৰদৰ্শনেৰে শত্ৰুৰ ওপৰত প্ৰত্যাক্ৰমণ চলায়। ইয়াৰ পিছৰ সমুখসমৰত তেওঁ অনুপ্ৰৱেশকাৰীৰ ভিতৰত তিনিজনক হত্যা কৰে আৰু নিজেও গুৰুতৰভাৱে আহত হয়। আঘাতপ্ৰাপ্ত হোৱাৰ পিছতো তেওঁ নিজৰ ক্ষত অংশৰপ্ৰতি আওকাণ কৰি দ্বিতীয় বাংকাৰত চাৰ্জ আৰম্ভ কৰে। ফলত আচম্বিত হৈ শত্ৰুৱে এটা ইউনিভাৰ্চেল মেচিনগান এৰি পলায়ন কৰে। ৰাইফলমেন সঞ্জয় কুমাৰে এই গানটো তুলি লৈ পলায়ন কৰা শত্ৰুক মৃত্যুৰ মুখ দেখুৱাই। প্ৰচুৰ পৰিমাণে ৰক্তক্ষৰণ হোৱাৰ পিছতো তেওঁ যুদ্ধক্ষেত্ৰ এৰি সুৰক্ষিত স্থানলৈ আহিবলৈ অস্বীকাৰ কৰিছিল। তেওঁৰ এই সাহসী কাৰ্য্যই তেওঁৰ সতীৰ্থসকলকো প্ৰেৰণা যোগাইছিল আৰু তেওঁলোকে দুৰ্গম অঞ্চলৰ প্ৰতি ভ্ৰূক্ষেপ নকৰি শত্ৰুৰ ওপৰত আক্ৰমণ চলাই আৰু শত্ৰুৰ হাতৰ পৰা অঞ্চলটো বিৰত্বৰে কাঢ়ি আনিবলৈ সক্ষম হয়। এইদৰেই ৰাইফলমেন সঞ্জয় কুমাৰে শত্ৰুৰ সন্মুখত অত্যন্ত উচ্চমাত্ৰাৰ উৎকৃষ্ট বীৰত্ব, অদম্য সাহস আৰু ব্যতিক্ৰমীভাৱে উচ্চ পৰ্যায়ৰ কৰ্তব্যনিষ্ঠাৰ পৰিচয় দিছিল।৭
জনপ্ৰিয় সংস্কৃতিত
একেটা সংঘাতৰ অংশস্বৰূপ আন আন সৈনিকৰ সৈতে কুমাৰৰ বিৰত্বৰ কাহিনী এল.অ’.চি কাৰ্গিল ছবিখনত চিত্ৰিত কৰা হৈছিল, য’ত তেওঁৰ চৰিত্ৰত অভিনয় কৰিছিল বলীউডৰ বিখ্যাত অভিনেতা সুনীল শ্বেট্টীয়ে
তথ্যসূত্ৰ
- ↑ (2014). NDTV Video, at 21:37 Sanjay Kumar is shown to be a Naib Subedar. NDTV
- ↑ Sura, Ajay. (2014). 15th anniversary of Kargil War becomes extra special for brave heart Sanjay. Times of India
- ↑ (2013). Param Vir Chakra Winner of Bilaspur (H.P.). Hpbilaspur.gov.in
- ↑ SANJAY KUMAR · Gallantry Awards. gallantryawards.gov.in
- ↑ 15th anniversary of Kargil War becomes extra special for brave heart Sanjay - Times of India. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Bureau, Rediff News. Sanjay Kumar, Param Vir Chakra, Promoted. Rediff.com
- ↑ The Param Vir Chakra Winners (PVC). Official Website of the Indian Army "Profile" and "Citation" tabs
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সঞ্জয় কুমাৰ” প্ৰবন্ধৰ সংশোধন ৩৭৮৭৬৩ (১৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।