অপাৰেচন ৰাজীৱ (Operation Rajiv) ভাৰতীয় সেনাৰ অভিযানৰ কোডনেম আছিল, যাৰ উদ্দেশ্য আছিল ১৯৮৭ চনৰ জুন মাহত চিয়াচেন হিমবাহৰ প্ৰকৃত গ্ৰাউণ্ড পজিচন লাইন (এ.জি.পি.এল)ৰ সৈতে হিমবাহটোৰ এটা উচ্চ বিন্দু দখল কৰা। এই অভিযানৰ আগতে, অঞ্চলটো পাকিস্তানী বাহিনীৰ নিয়ন্ত্ৰণত আছিল, যিয়ে শীৰ্ষত এটা পোষ্ট স্থাপন কৰিছিল। ইয়াক কায়েদ পোষ্ট; পাকিস্তানৰ প্ৰতিষ্ঠাপক পিতৃ মহম্মদ আলী জিন্নাৰ নামেৰে নামাকৰণ কৰা হৈছিল। ভাৰতৰ দ্বাৰা শৃংগটো সফলতাৰে দখল কৰাৰ পিছত, ইয়াৰ নাম নায়েব চুবেদাৰ (পিছলৈ সন্মানীয় অধিনায়ক) বানা সিঙৰ নামেৰে বানা টপ (যাক বানা পোষ্ট বুলিও কোৱা হয়) বুলি নামাকৰণ হয়, উল্লেখ্য যে তেখেতে এই অভিযানটোৰ নেতৃত্ব দিছিল। ১৯৮৭ চনত অপাৰেচন ৰাজীৱৰ পৰা ভাৰতে এই শৃংগটো নিজৰ দখলত ৰাখিছে। ই কৌশলগত বিলাফণ্ড লা পৰ্বত পাছৰ ঠিক দক্ষিণে অৱস্থিত।১ অধিক উচ্চতাত পোষ্ট স্থাপনৰ সমান্তৰালকৈ ভাৰতে এই খণ্ডত কম উচ্চতাত (অমৰ আৰু সোণম) ঢালতো পোষ্ট স্থাপন কৰিছে।১
তথ্যসূত্ৰ
- ↑ Ajai Shukla. (30 May 2011). Army watches as Siachen dialogue resumes. Business Standard
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অপাৰেচন ৰাজীৱ” প্ৰবন্ধৰ সংশোধন ৩৭৯৫৫৭ (২৭ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।