কেপ্তেইন মনোজ কুমাৰ পাণ্ডে, পিভিচি (Manoj Kumar Pandey; ২৫ জুন ১৯৭৫ – ৩ জুলাই ১৯৯৯) ভাৰতীয় সেনাৰ এজন বিষয়া আছিল। ১৯৯৯ চনত কাৰ্গিল যুদ্ধৰ সময়ত তেওঁৰ সাহস আৰু নেতৃত্বৰ বাবে তেওঁক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান পৰম বীৰ চক্ৰৰে সন্মানিত কৰা হৈছিল। তেওঁ ১১ গোৰ্খা ৰাইফলছৰ (১/১১ জি আৰ) প্ৰথম বেটেলিয়নৰ বিষয়া আছিল। তেওঁ কাৰ্গিলৰ গাঁও গৰকন আৰিয়ান উপত্যকাৰ খালুবৰ পাহাৰৰ বাংকাৰ পাহাৰ প্ৰান্তত হোৱা যুদ্ধত জাতিটোৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়ে।১২
প্ৰাৰম্ভিক জীৱন
১৯৭৫ চনৰ ২৫ জুনত উত্তৰ প্ৰদেশৰ সীতাপুৰ জিলাৰ ৰুধা গাঁৱত পাণ্ডেৰ জন্ম হয়। তেওঁৰ পিতৃ-মাতৃ আছিল যথাক্ৰমে লক্ষ্ণৌত বাস কৰা ক্ষুদ্ৰ ব্যৱসায়ী গোপী চান্দ পাণ্ডে আৰু মোহিনী।৩ তেওঁ আছিল ঘৰৰ জ্যেষ্ঠ সন্তান। তেওঁ লক্ষ্ণৌৰ উত্তৰ প্ৰদেশ সৈনিক বিদ্যালয় আৰু ৰাণী লক্ষ্মী বাই সোঁৱৰণী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। বিশেষকৈ বক্সিং আৰু শৰীৰ-চৰ্চাৰ লগতে ক্ৰীড়াৰ প্ৰতি তেওঁৰ তীব্ৰ আগ্ৰহ আছিল। ১৯৯০ চনত তেওঁক উত্তৰ প্ৰদেশ সঞ্চালকালয়ৰ কনিষ্ঠ বিভাগৰ এনচিচিৰ শ্ৰেষ্ঠ কেডেট হিচাপে নিৰ্বাচিত কৰা হয়।৪
নিৰ্বাচিত হোৱাৰ পূৰ্বে চাৰ্ভিচেছ চিলেকছন ব’ৰ্ডৰ (এছ এছ বি) সাক্ষাৎকাৰত সাক্ষাৎ গ্ৰহণকাৰীজনে তেওঁক সুধিছিল, "আপুনি কিয় সেনাবাহিনীত যোগদান কৰিব বিচাৰে?" লগে লগে তেওঁ উত্তৰ দিলে, "মই পৰম বীৰ চক্ৰ জয় কৰিব বিচাৰোঁ।" কাৰ্গিল যুদ্ধৰ সময়ত দেখুওৱা বীৰত্বৰ বাবে অধিনায়ক মনোজ কুমাৰ পাণ্ডেই মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ বীৰত্বৰ সন্মান লাভ কৰিছিল।৫
সামৰিক কেৰিয়াৰ
তেওঁ নেচনেল ডিফেন্স একাডেমীৰ পৰা ৯০ নং পাঠ্যক্ৰমত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ মাইক স্কোৱাড্ৰনৰ (মুস্তাংগ) অন্তৰ্গত আছিল।৬ পাণ্ডেক ১৯৯৭ চনৰ ৭ জুনত ১ম বেটেলিয়ন, ১১ গোৰ্খা ৰাইফলছত লেফটেনেণ্ট হিচাপে নিযুক্তি দিয়া হয়।৭৮
কাৰ্গিল যুদ্ধ
মে' মাহৰ আৰম্ভণিতে কাৰ্গিল খণ্ডত অনুপ্ৰৱেশৰ বাতৰি পোৱা গৈছিল।৯ ১/১১ গোৰ্খা ৰাইফলছ বেটেলিয়নে চিয়াচেন হিমবাহত ডেৰ বছৰৰ কাৰ্যকাল সমাপ্ত কৰি পুনেৰ স্থানলৈ যোৱাৰ পথত আগবাঢ়িছিল। এই বেটেলিয়নটোক কাৰ্গিলৰ বটালিক ছেক্টৰলৈ যাবলৈ কোৱা হয়। এই খণ্ডত অন্তৰ্ভুক্ত হোৱা প্ৰথম ইউনিটসমূহৰ ভিতৰত ই আছিল অন্যতম। কৰ্ণেল ললিত ৰায়ৰ অধীনত থকা এই ইউনিটটোক জুবাৰ, কুকাৰথাম আৰু খালুবাৰ অঞ্চলৰ দায়িত্ব দিয়া হৈছিল আৰু তেওঁলোকৰ বেটেলিয়নৰ মুখ্য কাৰ্যালয় য়েলডৰত আছিল।১০
বেটেলিয়নৰ অংশ হিচাপে পাণ্ডেই সাহসেৰে ধাৰাবাহিক আক্ৰমণত জড়িত হৈ পৰিছিল। তেওঁ জুবাৰ টপ দখল কৰাৰ বাবেও সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল।১১১২ মনোজ পাণ্ডেই শত্ৰুক পৰাস্ত কৰি দ্ৰাছ উপত্যকা সুৰক্ষিত কৰি নিজৰ প্ৰাণ আহুতি দিয়ে।১৩
তথ্যসূত্ৰ
- ↑ Cardozo, Ian; Kumar, Rishi. (2013). Manoj Pandey: a braveheart of operation Vijay who forced enemy forces to retreat at( ((Garkon)) ) Batalik sector and captured Jubar top during the Kargil War in 1999. The Lotus Collection, an imprint of Roli Books Private Limited. ISBN 978-81-7436-900-0
- ↑ Mishra, Pawan Kumar. (2015). Hero of Batalik: Param Veer Chakra: Capt. Manoj Kr. Pandey. VL Media Solutions. ISBN 978-93-85068-26-3
- ↑ रायकवार, अमित. (25 June 2022). Captain Manoj Pandey: लखनऊ के 'परमवीर' मनोज पांडे के पार्थिव शरीर के साथ लौटी थी बचपन की बांसुरी. Aaj Tak
- ↑ (2003). National Cadet Corp, Youth in Action. Directorate General National Cadet Corps. ISBN 8170622980
- ↑ rediff.com: The Republic Special, Tribute to Param Vir Chakra winner Captain Manoj Pandey. m.rediff.com
- ↑ mike squadron (Mustangs)
- ↑ (1 August 1998). Part I-Section 4: Ministry of Defence (Army Branch). The Gazette of India. পৃ. 1110
- ↑ May 31, TNN. (31 May 2004). 'He died the most glorious death' · Pune News - Times of India. The Times of India
- ↑ The Tribune, Chandigarh, India - Opinions. www.tribuneindia.com
- ↑ (26 July 2019). 20 years after Kargil: The Gorkha Rifles' Pune-to-Kargil about turn, a move for the nation. Hindustan Times
- ↑ Rai, Sumit. (August 7, 2023). Shaurya: परमवीर चक्र के लिए जॉइन की सेना, गोली खाकर भी पाकिस्तान को किया पस्त; पढ़ें कैप्टन मनोज पांडे की कहानी. Zee News
- ↑ The Param Vir Chakra Winners (PVC). Official Website of the Indian Army "Profile" and "Citation" tabs
- ↑ Shukla, Prateek. (26 July 2023). Kargil Vijay Diwas: ‘If I come back, we would have lots to talk about - were his last words to me’. Hindustan Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনোজ কুমাৰ পাণ্ডে” প্ৰবন্ধৰ সংশোধন ৩৭৮৭৪৭ (১৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।