অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

সিন্ধৰ সমাধি চিত্ৰ

সিন্ধৰ সমাধি চিত্ৰ (Tomb paintings of Sindh) হৈছে পাকিস্তানৰ সিন্ধ প্ৰদেশৰ সমাধিৰ মাজত সিঁচৰতি হৈ থকা চিত্ৰ। দেৱাল চিত্ৰসমূহ মূলতঃ কাম্বাৰ-ছাহদাদকোট জিলাৰ শ্বাহদাদকোট তহচিলত পোৱা যায় যদিও দাদু আৰু সংঘৰ আৰু সিন্ধৰ অন্যান্য জিলাতো পোৱা যায়।

হালনাগাদ: ১১ ফেব্ৰুৱাৰী ২০২৬ ৩৯১ শব্দ · ২ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

সিন্ধৰ সমাধি চিত্ৰ (Tomb paintings of Sindh) হৈছে পাকিস্তানৰ সিন্ধ প্ৰদেশৰ সমাধিৰ মাজত সিঁচৰতি হৈ থকা চিত্ৰ।১

দেৱাল চিত্ৰসমূহ মূলতঃ কাম্বাৰ-ছাহদাদকোট জিলাৰ শ্বাহদাদকোট তহচিলত পোৱা যায় যদিও দাদু আৰু সংঘৰ আৰু সিন্ধৰ অন্যান্য জিলাতো পোৱা যায়।১

কলহোৰা যুগত (১৭০১–১৭৮৩) দেৱাল চিত্ৰ অংকন সাধাৰণ হৈ পৰে। তেওঁলোকে প্ৰায়ে লোককথা, গ্ৰাম্য জীৱনৰ দৃশ্য, জনজাতীয় মুৰব্বীসকল আৰু তেওঁলোকৰ যুদ্ধসমূহ চিত্ৰিত কৰিছিল।২

জামালি সমাধি লাৰকানা আৰু কাম্বাৰ-ছাহদাদকোট এই চিত্ৰসমূহৰ বাবে বিখ্যাত, য’ত ছাছুই পুন্নহুন, মোমল ৰানো, ছুহনী মেহাৰ, লায়লা আৰু মজনুৰ ৰোমাঞ্চ আৰু নুৰী জাম তামাচিৰ ৰোমাঞ্চ চিত্ৰিত কৰা হৈছে।

সিন্ধী কলাৰ শিপা মহেঞ্জোদাৰো আৰু আমৰি সভ্যতাৰ চিত্ৰকলা আৰু ডিজাইনৰ ইতিহাসৰ সৈতে‍ সম্পৰ্কিত। পূৰ্বতে কালহোৰা যুগ বুলি জনাজাত সিন্ধত কীৰ্তিচিহ্নৰ দেৱালত চিত্ৰ অংকনৰ কলা বিকশিত হৈ‍ উঠিছিল। কালহোৰাসকলে ১৭৮২ খ্ৰীষ্টাব্দলৈকে সিন্ধত শাসন কৰিছিল আৰু তালপুৰৰ আমিৰসকল উত্তৰাধিকাৰী হৈছিল যিয়ে ১৮৪৩ খ্ৰীষ্টাব্দলৈকে শাসন কৰে। দুয়োটা শাসক জনগোষ্ঠীয়েই স্থাপত্য আৰু স্মাৰক ভৱনৰ দেৱালৰ চিত্ৰকৰণৰ প্ৰতি অধিক আগ্ৰহী আছিল।৩

কলহোৰাৰ শাসক মিয়ান নূৰ মহম্মদ কালহোৰোৰ সমাধিটো সিন্ধিয়ান চিত্ৰকৰৰ গোৰ্জিয়াছ শিল্পকৰ্মৰ অন্যতম গৌৰৱময় উদাহৰণ। অঅন্ত্যেষ্টিক্ৰিয়াৰ কীৰ্তিচিহ্নসমূহৰ স্বকীয় বৈশিষ্ট্য হ’ল তাত চিৰামিক আৰু মিউৰেল চিত্ৰৰ ব্যৱহাৰ (কালহোৰো ২০০২, ২০০৩, ২০০৪)। উজনি‍ সিন্ধত অৱস্থিত সমাধিবোৰ (লাৰকানা আৰু দাদু জিলাৰে গঠিত) মূলতঃ চিত্ৰকলাৰে অলংকৃত। তথাপিও, কেইটামান সমাধি মৃৎশিল্পৰে সজোৱা হৈছে। মধ্য সিন্ধৰ সংঘৰ আৰু নৱাব শ্বাহ জিলাত অৱস্থিত কেইটামান সমাধি ভিত্তি চিত্ৰেৰে সজোৱা হৈছে যিবোৰে মূলতঃ লোক ৰোমাঞ্চক প্ৰতিনিধিত্ব কৰে। লোক-ৰোমাঞ্চ চিত্ৰেৰে সজোৱাৰ এই পৰম্পৰা দাদু আৰু লাৰকানা জিলাৰ পৰা নৱাবশ্বাহ আৰু সংঘৰলৈকে বিয়পি পৰিছিল।৪

সমাধিস্থলত সমাধিস্থ কৰা ব্যক্তিজনৰ জীৱন উদযাপন কৰা হয় আৰু চিত্ৰসমূহে নায়কসকলৰ সৈতে স্পষ্ট সাদৃশ্য বহন কৰে। ইয়াত চিকাৰৰ দৃশ্য, যুদ্ধৰ দৃশ্য, ঘৰুৱা জীৱনৰ প্ৰতি চকু ফুৰোৱা আৰু যিকোনো সিন্ধীয়ে কল্পনা কৰা বহুতো প্ৰেম কাহিনীৰ প্ৰতিনিধিত্ব আছে।৫ কলহোৰাসকলে নিজৰ আৰু তেওঁলোকৰ সৈন্যসকলৰ বাবে বহুতো সমাধি নিৰ্মাণ কৰিছিল বুলি বিশ্বাস কৰা হৈছিল। কলহোৰা শাসকসকলৰ সমাধিস্থলত ফুল আৰু জ্যামিতিক ডিজাইনৰ চিত্ৰ অংকন কৰা হৈছে আনহাতে সৈনিকসকলৰ সমাধিস্থলত আলংকাৰিক প্ৰতিনিধিত্ব আছে। ৬

সিন্ধী সমাধিবোৰত কেৱল ছুহনী আৰু মেহাৰৰেই নহয়, ছাছুই আৰু পুনহুন, লীলা আৰু চানেছাৰ, লাইলা আৰু মজনু, মূমল আৰু ৰানো, উমৰ আৰু মাৰভি আৰু নুৰি আৰু জাম তামাচিৰ লোকৰোমাঞ্চৰ চিত্ৰ অংকন কৰা হৈছে। কিন্তু সুহনী আৰু মেহৰৰ লগত জড়িত লোককথাৰ মিউৰেল চিত্ৰকলা কলহৰা আৰু তালপুৰ যুগৰ সমাধিস্থল য’তেই নাথাকক কিয় সিন্ধৰ প্ৰতিটো ‘চুক কোণ’তে এক সুকীয়া সাধাৰণ দৃশ্যগত বৈশিষ্ট্য। ইয়াৰ দ্বাৰা দেৱাল চিত্ৰ সৃষ্টিৰ কলাৰ পৃষ্ঠপোষকতা কৰা শাসকসকলৰ উদাৰ মনোভাৱ প্ৰতিফলিত হয়। ৭

মিয়ান নাছিৰ মহম্মদ কালহোৰো (১৬৫৭-১৬৯২)ৰ সমাধিস্থলত আমি প্ৰাচীন চিত্ৰসমূহ পাওঁ। ইয়াত নাহৰফুটুকী আৰু হৰিণ চিকাৰৰ চিত্ৰ অংকন কৰা হৈছে। দাদু জিলাৰ জোহীৰ মুৰিদানি জামালি নেক্ৰ’পলিছত থকা দুটা সমাধি বিশেষভাৱে দৰ্শনীয়। এটা সমাধিক্ষেত্ৰত তিনিটা ফলক আছে য'ত ঘোঁৰাৰ পিঠিত উঠি‍ চিকাৰ কৰা হৰিণ চিকাৰীসকলক দেখুওৱা হৈছে আৰু চিকাৰীসকলক শ্বটগানৰ সৈতে দেখুওৱা হয়।৮

গেলেৰী

সিন্ধৰ চুলতান মাৰিৰ সমাধিক্ষেত্ৰত লাইলা আৰু মজনুনৰ দেৱাল চিত্ৰ।
সিন্ধৰ চুলতান মাৰিৰ সমাধিক্ষেত্ৰত লাইলা আৰু মজনুনৰ দেৱাল চিত্ৰ।ছবি: Unknown artist. Photographed by Zulfiqar Ali Kalhoro. · Public domain
সিন্ধৰ লায়লা আৰু মজনুৰ দেৱাল চিত্ৰ।
সিন্ধৰ লায়লা আৰু মজনুৰ দেৱাল চিত্ৰ।ছবি: Unknown artist. Photographed by Zulfiqar Ali Kalhoro. · Public domain
সিন্ধুৰ ছিনিৰ ওচৰৰ চাহিব খান শ্বাহানীৰ সমাধিক্ষেত্ৰত লায়লা আৰু মজনুৰ দেৱাল চিত্ৰ।
সিন্ধুৰ ছিনিৰ ওচৰৰ চাহিব খান শ্বাহানীৰ সমাধিক্ষেত্ৰত লায়লা আৰু মজনুৰ দেৱাল চিত্ৰ।ছবি: Unknown artist. Photographed by Zulfiqar Ali Kalhoro. · Public domain
সিন্ধৰ থুল গাঁৱৰ পিয়াৰো ৰডনানীৰ সমাধিক্ষেত্ৰত লায়লা আৰু মজনুৰ দেৱাল চিত্ৰ।
সিন্ধৰ থুল গাঁৱৰ পিয়াৰো ৰডনানীৰ সমাধিক্ষেত্ৰত লায়লা আৰু মজনুৰ দেৱাল চিত্ৰ।ছবি: Unknown artist. Photographed by Zulfiqar Ali Kalhoro. · Public domain
সিন্ধৰ মিয়ান নাছিৰ মহম্মদ কালহোৰোৰ নেক্ৰ'পলিছৰ এক সমাধিস্থলিত লাইলা আৰু মজনুৰ (ওপৰত) আৰু ছাছুই আৰু পুনহুন (তলত)ৰ ৰোমাঞ্চক চিত্ৰিত ভিত্তিচিত্ৰ।
সিন্ধৰ মিয়ান নাছিৰ মহম্মদ কালহোৰোৰ নেক্ৰ'পলিছৰ এক সমাধিস্থলিত লাইলা আৰু মজনুৰ (ওপৰত) আৰু ছাছুই আৰু পুনহুন (তলত)ৰ ৰোমাঞ্চক চিত্ৰিত ভিত্তিচিত্ৰ।ছবি: Unknown artist. Photographed by Zulfiqar Ali Kalhoro. · Public domain
সিন্ধৰ ৰেহান খান জামালিৰ সমাধিস্থলিৰ বাওঁফালে ৰায় দ্যাচ (চ‍োৰাথ ৰায় দিয়াচ) আৰু সোঁফালে লাইলা আৰু মজনুৰ লোককথাৰ ভিত্তিচিত্ৰ।
সিন্ধৰ ৰেহান খান জামালিৰ সমাধিস্থলিৰ বাওঁফালে ৰায় দ্যাচ (চ‍োৰাথ ৰায় দিয়াচ) আৰু সোঁফালে লাইলা আৰু মজনুৰ লোককথাৰ ভিত্তিচিত্ৰ।ছবি: Unknown artist. Photographed by Zulfiqar Ali Kalhoro. · Public domain
সিন্ধৰ চুবদাৰ জামালিৰ সমাধিস্থলত লাইলা আৰু মজনুৰ ভিত্তিচিত্ৰ।
সিন্ধৰ চুবদাৰ জামালিৰ সমাধিস্থলত লাইলা আৰু মজনুৰ ভিত্তিচিত্ৰ।ছবি: Unknown artist. Photographed by Zulfiqar Ali Kalhoro. · Public domain

তথ্যসূত্ৰ

  1. ↑ (2021-06-18). Depictions of the Dance of Leela in Sindhi Tombs. The Friday Times
  2. ↑ Zulfiqar Ali Kalhoro "The love tombs of Sindh"The Friday Times, May 27 – June 02, 2011, Vol. XXIII, No. 15
  3. ↑ Kingrani. The Frescoes on wall of tomb of Mian Noor Muhammad Kalhoro, Sindh Pakistan
  4. ↑ supp2-3214836.pdf
  5. ↑ Rashid, Salman. (2022-01-09). NON-FICTION: TOMB RECORDER. DAWN.COM
  6. ↑ Kalhoro, Zulfiker Ali. (2010). sujo.usindh.edu.pk
  7. ↑ (2021-11-25). Representations Of The Romance Of Suhni And Mehar In Sindhi Tombs. The Friday Times
  8. ↑ Kalhoro, Zulfiqar Ali. (2020-07-03). Shikar in Sindh survives centuries by staying on a wall. Samaa

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় চিত্ৰশৈলীভাৰতীয় লোকশিল্প

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সিন্ধৰ সমাধি চিত্ৰ” প্ৰবন্ধৰ সংশোধন ৫৭৬৩৭২ (১১ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।