ষ্ট্ৰ’ পেইন্টিং ( Straw painting) হৈছে এক প্ৰকাৰৰ হস্তশিল্প য’ত খেৰক বিভিন্ন আকৃতি আৰু ডিজাইনত আকৃতি দি সৃষ্টি কৰা হয়।
খেৰৰ সৈতে পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে মানুহে বিশেষকৈ মহিলাসকলে ইয়াৰ পৰা কলাত্মক বস্তু সৃষ্টি কৰিবলৈ আৰম্ভ কৰিলে। সময়ৰ লগে লগে তেওঁলোক খেৰৰ কামত অধিক পাকৈত হৈ পৰিল। এশ বছৰৰ আগতে তেওঁলোকে এক অনন্য শিল্পৰূপ গঢ়ি তুলিছিল: অটছ, বাৰ্লি, ৰাই, ঘেঁহু আৰু অন্যান্য ঘাঁহৰ প্ৰাকৃতিক ৰং আৰু ছাঁ ব্যৱহাৰ কৰি খেৰৰ পৰা ছবি সৃষ্টি কৰা। এই ধৰণৰ ‘চিত্ৰকলা’ এতিয়া কেৰালা, চীন, মেক্সিকো, আৰু ছাৰ্বিয়াৰ চুবোটিকাৰ আশে-পাশে থকা অঞ্চলত এক বিশেষ কলাত পৰিণত হৈছে।
চীন
ষ্ট্ৰ' পেচৱৰ্ক আৰ্ট হৈছে হান বংশ (২৫০–২৩০ খ্ৰীষ্টাব্দ)ৰ সময়ত উৎপত্তি হোৱা আৰু ছুই বংশ (৫৮১–৬১৮ খ্ৰীষ্টাব্দ)ৰ সময়ত বিকশিত হোৱা চীনা লোকশিল্প।১ চীনত ই হান চীনাসকলৰ এক অনন্য কলা।২ প্ৰাচীন চীনত ঘেঁহুক পবিত্ৰ বুলি গণ্য কৰা হৈছিল; ঘেঁহুৰ খেৰৰ পৰা তৈয়াৰী পেচৱৰ্ক বিৰল আছিল, গতিকে ইয়াক কেৱল সাম্ৰাজ্যিক দৰবাৰলৈ উপহাৰ হিচাপেহে পঠিওৱা হৈছিল।১ পূব হান বংশৰ পৰাই ঘেঁহুৰ খেৰৰ পৰা তৈয়াৰী চিত্ৰকলা সাম্ৰাজ্যিক দৰবাৰত আচাৰ-অনুষ্ঠানৰ উদ্দেশ্যে সৃষ্টি কৰা হৈছিল, কিয়নো ঘেঁহুক সৌভাগ্যৰ বাবে প্ৰাৰ্থনা কৰিবলৈ ব্যৱহাৰ কৰা শুভ ঘাঁহ বুলি গণ্য কৰা হৈছিল।৩৪ সামাজিক অশান্তি আৰু ঐতিহাসিক পৰিৱৰ্তনৰ বাবে এই শিল্প ক্ৰমান্বয়ে নোহোৱা হৈ যায় আৰু কেৱল ছুই আৰু টাং বংশৰ সময়তহে ইয়াক আনুষ্ঠানিকভাৱে পুনৰুজ্জীৱিত কৰা হয়।৪ ছুই বংশত ই আছিল সাম্ৰাজ্যবাদী শিল্পকৰ্ম।৫ ছং বংশৰ সময়ত (৯৬০–১১২৭ খ্ৰীষ্টাব্দ) খেৰৰ পেচৱৰ্কক সাম্ৰাজ্যবাদী পৰিয়ালসমূহে উপভোগ কৰিছিল।৬ এই শিল্প সময়ৰ লগে লগে পুনৰ হেৰাই যায় আৰু পিছলৈ হেনান, গুৱাংডং আৰু হেইলংজিয়াং প্ৰদেশত পুনৰ আবিৰ্ভাৱ হয়।৫
হেইলংজিয়াঙত ১৯৬০ চনত এই শিল্পকলা পুনৰুজ্জীৱিত কৰা হয়। তাৰ পিছত যুৱ শিল্পীসকলক ঘেঁহুৰ খেৰৰ চিত্ৰ অংকন শিকিবলৈ ফুজিয়ান, শ্বাণ্ডং, ঝেজিয়াং, শ্বানছিলৈ পঠিওৱা হয়। তেওঁলোকে এই শিল্পৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰি ঘেঁহুৰ খেৰৰ চিত্ৰকলাৰ নতুন শৈলী বিকশিত কৰে, যিটো হাৰবিনৰ বৈশিষ্ট্য আছিল।৩
হেনানত বহু বিফল প্ৰচেষ্টাৰ পিছত ১৯৮০ চনত হেনানৰ বাসিন্দা লোকশিল্পী লিউ লিমিনে এই শিল্পক পুনৰ সজীৱ কৰি তুলিছিল।৫
ঘেঁহুৰ খেৰ ধোঁৱা দিয়া হয়, ভাপত দিয়া হয়, বগা কৰা হয়, ৰং কৰা হয়, কাটি লোৱা হয় আৰু অসংখ্য পদ্ধতিৰে পৰিৱৰ্তন কৰি সুক্ষ্ম প্ৰতিনিধিত্বমূলক কামৰ সৃষ্টি কৰা হয়।৬ আজি ঘেঁহুৰ খেৰৰ পেচৱৰ্ক চীনলৈ অহা পৰ্যটকৰ বাবে এক সজ্জাগত কলা আৰু জনপ্ৰিয় বস্তু।
মেক্সিকো আৰু দক্ষিণ কেলিফৰ্ণিয়া
মেক্সিকোত ষ্ট্ৰ' মোজাইকক "প'পটিলো আৰ্ট" বুলি জনা যায়। এই নামটো স্পেনিছ ভাষাত ‘চেকাটন ঘাঁহ, স্প'ৰ'ব'লাছ বা প'প'টে ডি কেম্ব্ৰে নামৰ পৰা আহিছে। এই শিল্পৰ ইতিহাস প্ৰাক-কলম্বিয়ান যুগৰ পৰাই আৰম্ভ হৈছে।৭ প’পটিলো শিল্প চীনা ষ্ট্ৰ’ আৰ্ট আৰু ইম্পেৰিয়েল এজটেক ফেদাৰ আৰ্টৰ সংমিশ্ৰণও হ’ব পাৰে। চীনৰ প্ৰভাৱ হয়তো ১৮০০ চনৰ শেষৰ ফালে মেক্সিকান ৰেল ব্যৱস্থা নিৰ্মাণৰ বাবে মেক্সিকোলৈ অনা চীনা অনুপ্ৰৱেশকাৰীৰ পৰাই আহিছিল। এই লোকসকলে লোকশিল্প আৰু খাদ্যৰ দৰে ক্ষেত্ৰত সাংস্কৃতিক পাৰস্পৰিক ক্ৰিয়াৰ পোষকতা কৰিছিল।৮
এই খেল বা ঘাঁহ মেক্সিকোৰ মৰেলছ, হিডালগো আৰু পুয়েব্লা ৰাজ্যত গজে। মেক্সিকো চহৰ "প'পটিলো" শিল্পৰ কেন্দ্ৰবিন্দু আৰু কেইবাজনো বঁটা বিজয়ী শিল্পীয়ে তাত "প'পটিলো ৱাই ৰং" নামৰ কৰ্মশালা স্থাপন কৰিছে।৭ ১৯ শতিকাত সাধাৰণ যদিও প'পটিলো শিল্পই ১৯৩০ আৰু ১৯৪০ চনৰ ভিতৰত মেক্সিকো চহৰত সৰ্বাধিক জনপ্ৰিয়তা লাভ কৰে। কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত ফ্ৰান্সিস্কো জে ফ্ৰেইডে প'পটিলো কৰ্মশালা পৰিচালনা কৰিছে।৯
এই ঘাঁহবোৰ প্ৰথমে হাতেৰে ৰং কৰা হয়। ইউৰোপীয় সংস্পৰ্শৰ আগতে কেৱল প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰা হৈছিল আৰু খেৰখিনি এগুয়ামিয়েল বা এগেভৰ ৰসত তিয়াই থোৱা হৈছিল। ৯ তাৰ পিছত শিল্পীজনে এটা ডিজাইন তৈয়াৰ কৰি চেৰা ডি কেম্পেচ নামৰ বিশেষ ধৰণৰ মৌমাখিৰ মোমৰ পাতল তৰপ এটাৰে ঢাকি ৰাখে। তাৰ পিছত খেৰখিনি কামৰ বাবে উপযোগী সৰু সৰু টুকুৰা কৰি কাটি লোৱা হয়; কেতিয়াবা মাত্ৰ এক মিলিমিটাৰ দৈৰ্ঘ্যৰ দৰে সৰু। তাৰ পিছত শিল্পীয়ে এই টুকুৰাবোৰ সাৱধানে মৌমাখিৰ মামৰ ভিতৰত হেঁচা মাৰি ধৰে। ডিজাইন সম্পূৰ্ণ হ'লে সম্পূৰ্ণ কামটো সংৰক্ষণ কৰিবলৈ এটা ফিক্সেটিভ প্ৰয়োগ কৰা হয়।৭
তথ্যসূত্ৰ
- ↑ (2013-09-15). See exquisite wheat-straw fans made at museum. archive.shine.cn
- ↑ 韩晶晶. Self-taught Farmer Excels at Rural. www.chinastory.cn
- ↑ Jiang, Xue. (2016). Proceedings of the 2016 International Conference on Arts, Design and Contemporary Education. Atlantis Press. ISBN 978-94-6252-211-4
- ↑ Li, Xinyi; Tan, Martini, Kailong. (2021-03-01). Story of Chongqing Speciality · Dadukou Wheat Straw Painting: Art from Wheat Fields. iChongqing
- ↑ Alluring Artworks from Straws. en.chinaculture.org
- ↑ "Runchuan Arts and Crafts Co., Ltd." CCTV Directory. (retrieved 9 Jan 2010)
- ↑ "Papel Picado, Papel Amate, and Popotillo." Festival of Mexico. (retrieved 9 Jan 2010)
- ↑ mexifolkart.org. Welcome to mexifolkart.org mexican folk art. mexifolkart.org
- ↑ Popular Arts Foundation. (retrieved 9 Jan 2011)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ষ্ট্ৰ’ পেইণ্টিং” প্ৰবন্ধৰ সংশোধন ৬৩৭৪০৩ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।