বম্বে ষ্টক বিনিময় কেন্দ্ৰ বা বম্বে ষ্টক এক্সেঞ্জ (Bombay Stock Exchange, BSE) ভাৰতৰ এক ষ্টক বিনিময় কেন্দ্ৰ। ১৮৭৫ চনত মুম্বাইৰ দালাল ষ্ট্ৰীটত ইয়াক স্থাপিত কৰা হৈছিল১ এই বিনিময় কেন্দ্ৰ এছিয়াৰ প্ৰথম১ আৰু পৃথিৱীৰ দ্ৰুততম এক্সেঞ্জ (৬ মাইক্ৰ' ছেকেণ্ড দ্ৰুতিৰ সৈতে) বুলি পৰিগণিত।২ গুজৰাটৰ আহমেদাবাদত অৱস্থিত ভাৰতৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় এক্সেঞ্জ India International Exchange বম্বে ষ্টক বিনিময় কেন্দ্ৰৰ পূৰ্ণ সহযোগী সংস্থান। বম্বে ষ্টক এক্সেঞ্জত বিনিয়োগকাৰীসকলক ইকুইটি (equity), মুদ্ৰা (currency), পণ্যদ্ৰব্য (commodity), মিউচুৱেল ফাণ্ড (mutual fund) আদিত বিনিয়োগৰ সুবিধা উপলব্ধ কৰিব পাৰে।
তথ্যসূত্ৰ
- ↑ BSE-Introduction. www.bseindia.com
- ↑ BSE becomes world's fastest stock exchange: Ashishkumar Chauhan - The Economic Times. The Economic Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বম্বে ষ্টক বিনিময় কেন্দ্ৰ” প্ৰবন্ধৰ সংশোধন ৩৮১৯৮৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।