অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকা

ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাত ১৫ আগষ্ট, ১৯৪৭ তাৰিখে ভাৰত স্বাধীন হোৱাৰ দিনাৰে পৰা বৰ্তমানলৈ দেশৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা ব্যক্তিসকলৰ নাম সন্নিবিষ্ট কৰা হৈছে। বৰ্তমানলৈ ভাৰতত মুঠ তেৰখন লোকসভা গঠন কৰা হৈছে আৰু চৈধ্যগৰাকী ব্যক্তিয়ে প্ৰধানমন্ত্ৰীৰ বাব পাইছে।

হালনাগাদ: ১৯ ছেপ্তেম্বৰ ২০২৫ ১১৩ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাত ১৫ আগষ্ট, ১৯৪৭ তাৰিখে ভাৰত স্বাধীন হোৱাৰ দিনাৰে পৰা বৰ্তমানলৈ দেশৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা ব্যক্তিসকলৰ নাম সন্নিবিষ্ট কৰা হৈছে। বৰ্তমানলৈ ভাৰতত মুঠ তেৰখন লোকসভা গঠন কৰা হৈছে আৰু চৈধ্যগৰাকী ব্যক্তিয়ে প্ৰধানমন্ত্ৰীৰ বাব পাইছে। ইয়াৰে আটাইতকৈ বেছি দিন দায়িত্বত থকা প্ৰধানমন্ত্ৰীগৰাকী হ'ল জৱাহৰলাল নেহৰু। তেখেতে ১৬ বছৰ ৯ মাহ প্ৰধানমন্ত্ৰীৰ পদত আছিল। আটাইতকৈ কম দিন প্ৰধানমন্ত্ৰী হোৱা ব্যক্তিগৰাকী হ'ল গুলজাৰিলাল নন্দা। তেখেত দুটা কাৰ্যকালত এমাহতকৈয়ো কম দিনৰ বাবে দায়িত্বত আছিল। জৱাহৰলাল নেহেৰু আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ আকস্মিক মৃত্যৰ পাছত তেখেতে কেইটামান কেইটামান দিনৰ বাবে প্ৰধান মন্ত্ৰিত্ব লাভ কৰিছিল। তেখেত প্ৰকৃততে পূৰ্ণ পৰ্যায়ৰ নে তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী আছিল, সেইটো লৈ বিতৰ্ক হয় যদিও ভাৰতৰ সংবিধানত তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী বুলি কোনো ব্যৱস্থা নাই।


তালিকা

ক্ৰমিক নংলোকসভাৰ ক্ৰমছবিপ্ৰধানমন্ত্ৰীৰ নামজন্ম-মৃত্যুসমষ্টিকাৰ্যকালৰাজনৈতিক দল
১১৯৫২ (প্ৰথম লোকসভা)জৱাহৰলাল নেহৰু১জঃ ১৪ নৱেম্বৰ, ১৮৮৯ মৃঃ ২৭ মে, ১৯৬৪ফুলপুৰ১৫ আগষ্ট, ১৯৪৭ৰ পৰা ২৭ মে, ১৯৬৪ লৈভাৰতীয় জাতীয় কংগ্ৰেছ
২১৯৫৭ (দ্বিতীয় লোকসভা)জৱাহৰলাল নেহৰুফুলপুৰভাৰতীয় জাতীয় কংগ্ৰেছ
৩১৯৬২ (তৃতীয় লোকসভা)জৱাহৰলাল নেহৰুফুলপুৰভাৰতীয় জাতীয় কংগ্ৰেছ
৪১৯৬২ (তৃতীয় লোকসভা)গুলজাৰিলাল নন্দা২৩জঃ ৪ জুলাই, ১৮৯৮ মৃঃ ১৫ জানুৱাৰী, ১৯৯৮সবৰকান্থ২৭ মে, ১৯৬৪ৰ পৰা ৯ জুন, ১৯৬৪ লৈভাৰতীয় জাতীয় কংগ্ৰেছ
৫১৯৬২ (তৃতীয় লোকসভা)লালবাহাদুৰ শাস্ত্ৰী৪৫জঃ ২ অক্টোৱৰ, ১৯০৪ মৃঃ ১১ জানুৱাৰী, ১৯৬৬এলাহাবাদ৯ জুন, ১৯৬৪ৰ পৰা ১১ জানুৱাৰী, ১৯৬৬ লৈভাৰতীয় জাতীয় কংগ্ৰেছ
৬১৯৬২ (তৃতীয় লোকসভা)গুলজাৰিলাল নন্দাসবৰকান্থ১১ জানুৱাৰী, ১৯৬৬ৰ পৰা ২৮ জানুৱাৰী, ১৯৬৬ লৈভাৰতীয় জাতীয় কংগ্ৰেছ
৭১৯৬২ (তৃতীয় লোকসভা)ইন্দিৰা গান্ধীজঃ ১৯ নৱেম্বৰ, ১৯১৭ মৃঃ ৩১ অক্টোৱৰ ১৯৮৪ৰাই বেৰেলী২৮ জানুৱাৰী, ১৯৬৬ৰ পৰা ২৪ মাৰ্চ, ১৯৭৭লৈভাৰতীয় জাতীয় কংগ্ৰেছ
৮১৯৬৭ (চতুৰ্থ লোকসভা)ইন্দিৰা গান্ধীৰাই বেৰেলীভাৰতীয় জাতীয় কংগ্ৰেছ
৯১৯৭১ (পঞ্চম লোকসভা)ইন্দিৰা গান্ধীৰাই বেৰেলীভাৰতীয় জাতীয় কংগ্ৰেছ
১০১৯৭৭ (ষষ্ঠ লোকসভা)মোৰাৰজী দেশাইজঃ ২৯ ফেব্ৰুৱাৰী, ১৮৯৬ মৃঃ ১০ এপ্ৰিল, ১৯৯৬সুৰাট২৪ মাৰ্চ, ১৯৭৭ৰ পৰা ২৮ জুলাই, ১৯৭৯ লৈজনতা দল
১১১৯৭৭ (ষষ্ঠ লোকসভা)চৌধুৰী চৰণ সিংজঃ ২০ ডিচেম্বৰ, ১৯০২ মৃঃ ২৯ মে, ১৯৮৭বাগপত২৮ জুলাই, ১৯৭৯ৰ পৰা ১৪ জানুৱাৰী, ১৯৮০ লৈজনতা দল (চেকুলাৰ) <small> ভাৰতীয় জাতীয় কংগ্ৰেছৰ সমৰ্থনত
১২১৯৮০ (সপ্তম লোকসভা)ইন্দিৰা গান্ধীৰাই বেৰেলী১৪ জানুৱাৰী, ১৯৮০ৰ পৰা ৩১ অক্টোবৰ, ১৯৮৪ লৈভাৰতীয় জাতীয় কংগ্ৰেছ (ইন্দিৰা)
১৩১৯৮৪ (অষ্টম লোকসভা)ৰাজীৱ গান্ধীজঃ ২০ আগষ্ট, ১৯৪৪ মৃঃ ২১ মে, ১৯৯১আমেথী৩১ অক্টোৱৰ, ১৯৮৪ৰ পৰা ২ ডিচেম্বৰ, ১৯৮৯ লৈভাৰতীয় জাতীয় কংগ্ৰেছ
১৪১৯৮৯ (নৱম লোকসভা)ভি পি সিংজঃ ২০ জুন, ১৯৩১ মৃঃ ২৭ নৱেম্বৰ ২০০৮ফটেহপুৰ২ ডিচেম্বৰ, ১৯৮৯ৰ পৰা ১০ নৱেম্বৰ, ১৯৯০ লৈজনতা দল জাতীয় মৰ্চা
১৫১৯৮৯ (নৱম লোকসভা)চন্দ্ৰ শেখৰজঃ ১ জুলাই, ১৯২৭ মৃঃ ৮ জুলাই, ২০০৭বালিয়া১০ নৱেম্বৰ, ১৯৯০ৰ পৰা ২১ জুন, ১৯৯১ লৈসমাজবাদী জনতা পাৰ্টি <small> ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থনত
১৬১৯৯১ (দশম লোকসভা)পি ভি নৰসিংহ ৰাওজঃ ২৮ জুলাই, ১৯২১ মৃঃ ২৩ ডিচেম্বৰ ২০০৪নন্দীয়াল২১ জুন, ১৯৯১ৰ পৰা ১৬ মে, ১৯৯৬ লৈভাৰতীয় জাতীয় কংগ্ৰেছ
১৭১৯৯৬ (একাদশ লোকসভা)অটল বিহাৰী বাজপায়ীজঃ ২৫ ডিচেম্বৰ, ১৯২৪লক্ষ্ণৌ১৬ মে, ১৯৯৬ৰ পৰা ১ জুন, ১৯৯৬ লৈভাৰতীয় জনতা পাৰ্টি
১৮১৯৯৬ (একাদশ লোকসভা)এইচ ডি দেৱেগৌড়াজঃ ১৮ মে, ১৯৩৩ৰাজ্যসভাৰ সংসদ (কৰ্ণাটক)৬১ জুন, ১৯৯৬ৰ পৰা ২১ এপ্ৰিল, ১৯৯৭ লৈজনতা দল <small> সংযুক্ত মৰ্চা
১৯১৯৯৬ (একাদশ লোকসভা)ইন্দৰ কুমাৰ গুজৰালজঃ ৪ ডিচেম্বৰ, ১৯১৯ৰাজ্যসভাৰ সংসদ (বিহাৰ)২১ এপ্ৰিল, ১৯৯৭ৰ পৰা ১৯ মাৰ্চ, ১৯৯৮ লৈজনতা দল <small> সংযুক্ত মৰ্চা
২০১৯৯৮ (দ্বাদশ লোকসভা)অটল বিহাৰী বাজপায়ীলক্ষ্ণৌ১৯ মাৰ্চ, ১৯৯৮ৰ পৰা ২২ মে, ২০০৪ লৈভাৰতীয় জনতা দল
২১১৯৯৯ (ত্ৰয়োদশ লোকসভা)অটল বিহাৰী বাজপায়ীলক্ষ্ণৌভাৰতীয় জনতা দল নেতৃত্বাধীন <small> ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা
২২২০০৪ (চতুৰ্দশ লোকসভা)মনমোহন সিংজঃ ২৬ চেপ্তম্বৰ, ১৯৩২ৰাজ্যসভাৰ সাংসদ (অসম)২২ মে, ২০০৪ৰ পৰা ১৬ মে, ২০১৪ভাৰতীয় জাতীয় কংগ্ৰেছ নেতৃত্বাধীন <small> সংযুক্ত প্ৰগতিশীল মৰ্চা
২৩২০০৯ (পঞ্চদশ লোকসভা)মনমোহন সিংৰাজ্যসভাৰ সাংসদ (অসম)ভাৰতীয় জাতীয় কংগ্ৰেছ নেতৃত্বাধীন <small> সংযুক্ত প্ৰগতিশীল মৰ্চা
২8২৬ মে, ২০১৪ (ষোড়শ লোকসভা)নৰেন্দ্ৰ মোদীজঃ ১৭ ছেপ্টেম্বৰ, ১৯৫০লোকসভাৰ সাংসদ (বাৰাণসী)৭১৬ মে, ২০১৪ ৰ পৰা বৰ্তমানলৈভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন <small> ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা

তথ্যসূত্ৰ

  1. ↑ Pt. Jawaharlal Nehru - A Profile
  2. ↑ Shri Gulzari Lal Nanda - A Profile
  3. ↑ Gulzarilal Nanda
  4. ↑ Shri Lal Bahadur Shastri - A Profile
  5. ↑ Lal Bahadur Shastri
  6. ↑ Profile of Shri H.D. Deve Gowda
  7. ↑ Narendra Modi Resigns From Vadodara Seat, Will Retain Varanasi

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ প্ৰধানমন্ত্ৰীভাৰত সম্পৰ্কীয় তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৫৩৯৩৩৭ (১৯ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।