গুৱাহাটী চাহ নিলাম কেন্দ্ৰ (Guwahati Tea Auction Centre) হৈছে মূলতঃ অসমত উৎপাদিত চাহপাত বিক্ৰী কৰিবলৈ স্থাপন কৰা নিলাম কেন্দ্ৰ।
ইতিহাস
অসমত দেশৰ ভিতৰতে সৰ্বাধিক চাহ উৎপাদন হয়। ভাৰতত উৎপাদিত মুঠ চাহৰ পঁচপন্ন শতাংশ চাহপাত আৰু দেশৰ ৰপ্তানিৰ আশী শতাংশ চাহপাত অসমে বহন কৰে। সেইসূত্ৰে ১৯৬০চনৰ পৰাই অসমত এটা চাহ নিলাম কেন্দ্ৰ প্ৰতিষ্ঠা কৰাৰ চিন্তা-চৰ্চা চলি আছিল। গুৱাহাটী চাহ নিলাম সমিতিৰ প্ৰথমখন সভা ১৯৭০চনৰ ২৯আগষ্টত সেইসময়ৰ অসমৰ ৰাজধানী শ্বিলঙত স্বৰ্গীয় ধৰ্মেন্দ্ৰনাথৰ সভাপতিত্বত অনুষ্ঠিত হয়। আৰু ১৯৭০ চনৰ ২৫ ছেপ্তেম্বৰত গুৱাহাটী চাহ নিলামৰ আৰম্ভণি কৰা হয়।১
চাহ বিক্ৰী
অসমৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধানসভাত জনোৱামতে অসমত প্ৰতি বছৰে ৬৫০ মিলিয়ন কেজি চাহ উৎপাদন হয় আৰু তাৰে এক তৃতীয়াংশ চাহপাত গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে বিক্ৰী হয়।২ উল্লেখযোগ্য যে ২০১৮ চনৰ জুলাই মাহত ডিব্ৰুগড়ৰ মনোহৰী টি ইষ্টেটত উৎপাদন হোৱা এক কেজি অৰ্থডক্স চাহ উণচল্লিছ হাজাৰ এক টকাত বিক্ৰী হৈছিল যিটো পৃথিৱীৰ ভিতৰতেই অভিলেখ।৩
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুৱাহাটী চাহ নিলাম কেন্দ্ৰ” প্ৰবন্ধৰ সংশোধন ৩৮০৬৯০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।