বেংক ড্ৰাফ্ট হৈছে কোনো বেংকে (সাধাৰণতে*) সেই বেংকৰে কোনো নিৰ্দ্দিষ্ট শাখাক নিৰ্দ্দিষ্ট কাৰোবাক ধন দিবলৈ দিয়া আদেশপত্ৰ। এখন ড্ৰাফত এটা বেংক শাখা- আদেশ দিওতাৰ ৰূপত, অন্য এটা বেংক শাখা- আদেশ পালনকৰ্ত্তাৰ ৰূপত, আৰু এজন ব্যক্তি ধন গ্ৰহণ কৰোতাৰ ৰূপত জড়িত হৈ থাকে। ড্ৰাফৰ দ্বাৰা প্ৰদত্ত আদেশ কেৱল নিৰ্দ্দিষ্ট ধনৰাশি প্ৰাপ্তিৰ বিপৰিতেহে সিদ্ধ হয়। চেকৰ দৰে ড্ৰাফও সম্পূৰ্ণ এক আইনসিদ্ধ প্ৰক্ৰিয়া। আমাৰ দেশত এই ব্যৱস্থাটো এন আই এক্টএ নিয়ন্ত্ৰণ কৰে।
টোকা
- ওপৰত (সাধাৰণতে) বুলি কোৱাৰ কাৰণ: পূৰ্ব-বন্দোবস্তি সাপেক্ষে অন্য বেংক প্ৰতিও ড্ৰাফ হব পাৰে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিমাণ্ড ড্ৰাফ্ট” প্ৰবন্ধৰ সংশোধন ১৭৯৪৬০ (৪ জুলাই ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।