অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

শিল্পৰমম

শিল্পৰমম ভাৰতৰ তেলংগানাৰ হায়দৰাবাদৰ মাধাপুৰত অৱস্থিত এখন কলা আৰু কৃষ্টিৰ গাঁও। পৰম্পৰাগত শিল্পকৰ্ম সংৰক্ষণৰ পৰিৱেশ সৃষ্টিৰ ধাৰণাৰে গাঁওখনৰ কল্পনা কৰা হৈছিল। ইয়াত বিভিন্ন কাৰ্যসূচীৰে জনগোষ্ঠীয় উৎসৱ অনুষ্ঠিত হয়।

হালনাগাদ: ৮ জুলাই ২০২৫ ১৬২ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

শিল্পৰমম ভাৰতৰ তেলংগানাৰ হায়দৰাবাদৰ মাধাপুৰত অৱস্থিত এখন কলা আৰু কৃষ্টিৰ গাঁও।

পৰম্পৰাগত শিল্পকৰ্ম সংৰক্ষণৰ পৰিৱেশ সৃষ্টিৰ ধাৰণাৰে গাঁওখনৰ কল্পনা কৰা হৈছিল। ইয়াত বিভিন্ন কাৰ্যসূচীৰে জনগোষ্ঠীয় উৎসৱ অনুষ্ঠিত হয়।

১৯৯২ চনতে কল্পিত শিল্পৰমম হায়দৰাবাদ চহৰৰ পৰা মাত্ৰ কেইকিলোমিটাৰমান দূৰত অৱস্থিত। ভাৰতৰ প্ৰযুক্তিৰ চহৰত ৬৫ একৰ (২৬০,০০০ মিটাৰ বৰ্গফুট) মাটিত বিস্তৃত শিল্পৰমমে পৰম্পৰা আৰু সাংস্কৃতিক ঐতিহ্যৰ এক দৃশ্যমান পৰিৱেশ প্ৰদান কৰে। ভাৰতীয় কলা-কৃষ্টিৰ প্ৰচাৰ আৰু সংৰক্ষণৰ বাবে তথা শিপিনীসকলক প্ৰেৰণা যোগাবৰ বাবে ৰাজ্য চৰকাৰে এই মঞ্চ প্ৰতিষ্ঠা কৰিছিল।

শিল্পৰমমৰ আকৰ্ষণ

গ্ৰাম্য সংগ্ৰহালয়

গছ-গছনিৰে আগুৰি থকা গ্ৰাম্য সংগ্ৰহালয়টো সাধাৰণ ভাৰতীয় গাঁৱৰ ক্ষুদ্ৰ চিত্ৰ। মাটি আৰু খেৰৰ পৰা প্ৰামাণিকভাৱে নিৰ্মিত ১৫টাতকৈও অধিক জীৱন্ত আকাৰৰ জুপুৰিত গ্ৰাম্য আৰু জনজাতীয় জীৱনশৈলী আৰু বিভিন্ন শিল্পীৰ জীৱনৰ চিত্ৰণ কৰা হৈছে। ই চহৰীয়া আৰু আগতে গাঁও নেদেখা লোকসকলৰ বাবে গ্ৰাম্য জীৱন চোৱাৰ এক সুযোগ প্ৰদান কৰে। সংগ্ৰহালয়টোত গ্ৰাম্য শিপিনীসকলৰ দৈনন্দিন কাম-কাজক চিত্ৰিত কৰা ভাস্কৰ্য আৰু জীৱনাকৃতিৰ আৰ্হি আছে।

ৰক মিউজিয়াম

শান্তিনিকেতনৰ সুব্ৰত বসুৱে গাঁওখনত পোৱা শিলৰ গঠনৰ সৈতে নিজৰ শিলৰ সংগ্ৰহ মিহলাই ইয়াত এখন শিলৰ বাগিচা গঢ়ি তুলিছে। এই ৰক মিউজিয়ামে শিল্পৰমমত এটা পৰিৱেশগত দিশ যোগ কৰে।

সম্পৰ্কিত শ্ৰেণী

তেলংগানাৰ সংস্কৃতিতেলংগানাভাৰতৰ পৰ্যটনস্থলী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিল্পৰমম” প্ৰবন্ধৰ সংশোধন ৫২২৬৮১ (৮ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।