হাবাসপুৰী শাৰী (Habaspuri sari) হ`ল ভাৰতবৰ্ষৰ উৰিষ্যাৰ কপাহ ভিত্তিক এক পৰম্পৰাগত হস্ততাঁত বস্ত্ৰ। হাবাসপুৰী শাৰী ইয়াৰ এক প্ৰধান উৎপাদিত সামগ্ৰী। উৰিষ্যাৰ কালাহাণ্ডি জিলাৰ চিচেগুডা ভুলিয়া তাঁতীসকল মূলতঃ হাবাসপুৰী কাপোৰ বয়নৰ বাবে বিখ্যাত।১ বয়ন, ডিজাইন আৰু উৎপাদনৰ ক্ষেত্ৰত ইয়াৰ অনন্যতাৰ বাবে ইয়াক উৰিষ্যাৰ ১৪টা ভৌগোলিক সূচকৰ ভিতৰৰ এটা হিচাপে চিনাক্ত কৰা হৈছে।২৩
ব্যুৎপত্তি
হাবাসপুৰী তাঁতশাল শাড়ীৰ নাম কালাহাণ্ডি জিলাৰ হাবাসপুৰ গাঁৱৰ নামেৰে ৰখা হৈছে। তাতেই ঊনবিংশ শতিকাত এই শাৰী বোৱা আৰম্ভ হয়। কিন্তু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত ৰাজকীয় পৃষ্ঠপোষকতা কমি অহাৰ লগে লগে এই উদ্যোগটো ক্ৰমান্বয়ে হ্ৰাস পালে। চিচেগুৰাৰ বয়নকাৰী উগ্ৰসেন মেহেৰে বয়ন উদ্যোগটোক পুনৰ সজীৱ কৰি তুলিছিল যদিও চৰকাৰী সমৰ্থন কমি অহাৰ লগে লগে তাঁতীৰ সংখ্যা আৰু হ্ৰাস পাইছিল। উদ্যোগটোক বচাবলৈ শেষ প্ৰচেষ্টা হিচাপে ওড়িশা চৰকাৰৰ বস্ত্ৰ আৰু হস্ততাঁত বিভাগে যুৱ শিপিনীসকলৰ বাবে হাবাসপুৰী প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে।১৪
কাপোৰ আৰু ডিজাইন
এই পৰম্পৰাগত কাপোৰ টাই-ডাই কৌশল আৰু মটিফৰ বাবে বিখ্যাত। এই শাৰীৰ বেছিভাগেই কটন আৰু ৰেচমৰ পৰা প্ৰস্তুত কৰা হয়৷ শাৰীৰ ওপৰত অংশ কুম্ভ(মন্দিৰ),মাছ,ফুল,কচ্ছপ আৰু জনজাতীয় দেৱাল শিল্পৰ দৰে জনগোষ্ঠীয় মটিফে ৰাজ্যখনৰ বস্ত্ৰ ব্যৱসায়ত ইয়াক আৰু অধিক অনন্য কৰি তুলিছে।৫১
উন্নয়ন
বস্ত্ৰ আৰু হস্ততাঁত বিভাগৰ প্ৰতিৱেদন অনুসৰি, ২০১৮-১৯ চনত হাবাসপুৰী শাৰী আৰু কাপোৰৰ উৎপাদন মূল্য কমি গ’ল,শ্ৰম নিবিড় আৰু সময়সাপেক্ষ কামৰ তুলনাত কম লাভৰ বাবে শিপিনীৰ সংখ্যাও হ্ৰাস পাইছে। যেতিয়া হাবাসপুৰী হস্ততাঁতৰ অৱনতি ঘটিছিল, তেতিয়া চিচেগুডাত জন্মগ্ৰহণ কৰা ফেশ্বন ডিজাইনাৰ সুজিত মেহেৰে নিজৰ গৃহভূমিৰ হস্ততাঁতক পুনৰুজ্জীৱিত কৰাৰ উদ্যোগ লৈছিল।৬
উৎপাদন আৰু বিক্ৰী
ব্যক্তিগত শিপিনী আৰু গোটৰ দ্বাৰা উৎপাদিত হাবাছপুৰী শাৰী আৰু অন্যান্য বস্ত্ৰজাত সামগ্ৰীসমূহ ওড়িশা চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ আৰু হস্ততাঁত বিভাগে চৰকাৰী ষ্ট’ৰত গোটাই লৈ বজাৰত বিক্ৰী কৰে।৭
তথ্যচিত্ৰ
২০২৩ চনৰ নৱেম্বৰ মাহত প্ৰশংসিত ভাৰতীয় লেখক-পৰিচালক বিশ্বনাথ ৰাথৰ ফিচাৰ ডকুমেণ্টৰী প্ৰজেক্টৰ প্ৰস্তাৱ 'হাবাসপুৰী বয়ন: দ্বিতীয় আৰু শেষ মৃত্যু???' এনএফডিচি ফিল্ম বজাৰ তথ্যচিত্ৰ সহ-প্ৰডাকচন মাৰ্কেটত নিৰ্বাচিত হয় আৰু ২০-২৪ নৱেম্বৰ ২০২৩ৰ ভিতৰত অনুষ্ঠিত হোৱা ফিল্ম বজাৰ গোৱাত প্ৰদৰ্শিত হয়।৮৯১০১১১২১৩১৪ এই তথ্যচিত্ৰখন বিশ্বনাথৰ প্ৰশংসিত হস্ততাঁত তথ্যচিত্ৰ ‘কোটপদ বয়ন’ (কোটপেড হস্ততাঁত কাপোৰ বিষয়ক)ৰ আধ্যাত্মিক উত্তৰাধিকাৰী, আৰু হাবাসপুৰী হস্ততাঁতৰ স্বকীয়তাৰ লগতে কালাহাণ্ডী জিলা (ওড়িশা)ৰ হাবাসপুৰী শিপিনীসকলে সন্মুখীন হোৱা সমস্যা আৰু প্ৰত্যাহ্বানসমূহ অন্বেষণ কৰাৰ প্ৰয়াস কৰিছে৷ এই তথ্যচিত্ৰখনৰ প্ৰস্তাৱটো ৯৮টা আন্তঃৰাষ্ট্ৰীয় প্ৰৱেশৰ ভিতৰত এনএফডিচিৰ দলে (সহ-প্ৰডাকচন বজাৰৰ বাবে) নিৰ্বাচিত কৰা ১২খন তথ্যচিত্ৰৰ তালিকাত স্থান পাইছিল। ২০২৪ চনৰ অক্টোবৰ মাহত এই তথ্যচিত্ৰখনে মুক্তি পোৱাৰ কথা।১৫
তথ্যসূত্ৰ
- ↑ http://www.newindianexpress.com/states/odisha/article339815.ece?service=print
- ↑ STATE WISE REGISTRATION DETAILS OF G.I APPLICATIONS 2012 – 2013. Ipindia.nic.in. Department of Industrial Policy and Promotion: Ministry of Commerce and Industry
- ↑ Raju, Chaudhary. (April 2013). Geographical Indications in Odisha: A Leading Destination of Traditional Handlooms. Odisha Review
- ↑ Habaspuri saree losing ground in own land. The New Indian Express
- ↑ Magazine, Outlook. Sujit Meher Highlights The Intrinsic Collection Of Habspuri Handloom With 'Story Of Tradition
- ↑ (2022-12-06). Kalahandi students to don spl uniforms. The Times of India
- ↑ Important Handloom Centres. Important Handloom Centres. Handlooms, Textiles and Handlooms Department, Government of Odisha
- ↑ (26 October 2023). NFDC Film Bazaar presents 12 promising documentary projects for this edition of the Documentary Co-Production Market
- ↑ (26 October 2023). NFDC Film Bazaar presents 12 promising documentary projects for this edition of the Documentary Co-Production Market.
- ↑ (3 November 2023). Documentary on Habaspuri Weaving selected for NFDC Film Bazaar 2023
- ↑ (27 October 2023). NFDC Unveils Diverse Non-Feature Film Selection
- ↑ (26 October 2023). NFDC Film Bazaar Presents 12 Promising Documentary Projects For This Edition Of The Documentary Co-Production Market
- ↑ (3 November 2023). HABASPURI WEAVING: THE SECOND AND LAST DEATH???
- ↑ (27 October 2023). Odisha’s Cinematic Talent Shines At NFDC’s Film Bazaar
- ↑ (25 November 2023). India’s Film Bazaar Reveals Market Winners, Deals. Variety Magazine
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাবাসপুৰী শাৰী” প্ৰবন্ধৰ সংশোধন ৬৩৭৮৪৮ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।