অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

সোহৰাই আৰু খোভাৰ চিত্ৰকলা

সোহৰাই আৰু খোভাৰ হৈছে ভাৰতৰ পূব অংশত, বিশেষকৈ ঝাৰখণ্ড ৰাজ্যৰ হাজাৰীবাগ জিলাত প্ৰচলিত আদিবাসী দেৱাল অংকন বা মিউৰেল চিত্ৰকলাৰ পদ্ধতি। এই শিল্পকলা সোহৰাই উৎসৱৰ সৈতে সম্পৰ্কিত, যি দীপাৱলীৰ পিছত শৰৎকালত উদ্‌যাপন কৰা হয়। খোভাৰ চিত্ৰকলাৰ সৈতে বিশেষকৈ অঞ্চলটোৰ জনজাতিসকলৰ বিবাহ-অনুষ্ঠান জড়িত।

হালনাগাদ: ৩ মাৰ্চ ২০২৬ ২৯৯ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

সোহৰাই আৰু খোভাৰ হৈছে ভাৰতৰ পূব অংশত, বিশেষকৈ ঝাৰখণ্ড ৰাজ্যৰ হাজাৰীবাগ জিলাত প্ৰচলিত আদিবাসী দেৱাল অংকন বা মিউৰেল চিত্ৰাঙ্কনৰ পদ্ধতি।১২ এই শিল্পকলা সোহৰাই উৎসৱৰ সৈতে সম্পৰ্কিত, যি দেৱালীৰ পিছত শৰৎকালত উদ্‌যাপন কৰা হয়। খোভাৰ চিত্ৰকলাৰ সৈতে বিশেষকৈ অঞ্চলটোৰ জনজাতিসকলৰ বিবাহ-অনুষ্ঠান জড়িত। ই বাৰিষাৰ শেষত আৰু ধান চপোৱাৰ বতৰ আৰম্ভ হোৱাৰ সময়ত উদ্‌যাপন কৰা হয়।

বৰ্তমান সোহৰাই আৰু খোভাৰ চিত্ৰকলা কাগজ আৰু কাপোৰতো অংকন কৰা হয়, যাতে ইয়াক পৃষ্ঠপোষকসকলৰ ওচৰত বিক্ৰী কৰিব পৰা যায়।৩৪৫

ইতিহাস

এই শিল্পৰূপৰ উৎপত্তি খ্ৰীষ্টপূৰ্ব ৭০০০ৰপৰা ৪০০ চনৰ ভিতৰত পুৰাপাথৰ যুগলৈ অনুসৰণ কৰিব পাৰি। অঞ্চলটোত আৱিষ্কৃত গুহা-চিত্ৰসমূহত দেখা পোৱা প্ৰাণী আৰু ফুলৰ আৰ্হি অঞ্চলটোৰ বৰ্তমান দেৱাল-চিত্ৰৰ সৈতে সাদৃশ্যপূৰ্ণ। থলুৱা লোকসকলে বিশ্বাস কৰে যে এই চিত্ৰসমূহ তেওঁলোকৰ পূৰ্বপুৰুষসকলে সৃষ্টি কৰিছিল। পৰিৱেশ কৰ্মী বুলু ইমামে প্ৰথমে এই সংযোগটো বহিঃবিশ্বলৈ উন্মোচিত কৰে।

“সোহৰাই” শব্দটো মুণ্ডাৰী শব্দ “সোৰোই”ৰপৰা আহিছে, যাৰ অৰ্থ হৈছে ‘লাঠিৰে কোবোৱা’।৬

বৈশিষ্ট্য

ইস্কো গাঁও, হাজাৰীবাগ জিলাত সোহৰাই দেৱাল চিত্ৰ
ইস্কো গাঁও, হাজাৰীবাগ জিলাত সোহৰাই দেৱাল চিত্ৰছবি: Kingshuk Mondal · CC BY 4.0

সোহৰাই চিত্ৰকলাৰ চিত্ৰণ আৰু ইয়াৰ সৈতে জড়িত পৰম্পৰা মাতৃতান্ত্ৰিক স্বৰূপৰ। এই দক্ষতা মাতৃৰপৰা কন্যালৈ প্ৰেৰণ কৰা হয়। বেছিভাগ চিত্ৰত গৰ্ভৱতী নাৰী আৰু পোৱালিসহ প্ৰাণীৰ আকৃতি দেখা যায়। কুকুৰা আৰু পোৱালি অতি সাধাৰণ আৰ্হি। চিত্ৰসমূহত ভাৰতীয় ম'হ, ভাৰতীয় গঁড়, কুঁজীয়া গৰু, বাঘ, বনৰীয়া গাহৰি আৰু নীলগাই আদি প্ৰাণী চিত্ৰিত কৰা হয়। সোহৰাই চিত্ৰ পশুপতি, অৰ্থাৎ জীৱ-জন্তুৰ অধিপতিৰ উদ্দেশ্যে উৎসৰ্গিত।

চিত্ৰসমূহত ৰঙা আৰু ক’লা ৰেখা প্ৰধান। ৰঙা ৰেখাই পূৰ্বপুৰুষৰ তেজৰ প্ৰতীক, আৰু ক’লা ৰেখাই চিৰন্তন মৃত্যু বা শিৱক সূচায়।৭

খোভাৰ চিত্ৰকলাও মাতৃতান্ত্ৰিক পৰম্পৰাৰ। “খো” মানে ঘৰ বা কোঠা, আৰু “ভাৰ” মানে দৰা। এই চিত্ৰসমূহ কইনাৰ কোঠাত তাইৰ মাকে অংকন কৰে, আৰু বিবাহিত দম্পতীয়ে প্ৰথম নিশা এই কোঠাটোতে অতিবাহিত কৰে। ইয়াৰ বিষয়-বস্তু সাধাৰণতে উৰ্বৰতা আৰু পুৰুষ-নাৰীৰ সম্পৰ্কৰ সৈতে জড়িত। বাঁহ, হাতী, কাছ, ম'ৰা চৰাই, পদুম আৰু অন্যান্য ফুলৰ আৰ্হিৰ জৰিয়তে সৃষ্টিৰ আনন্দ প্ৰকাশ কৰা হয়।৮

পৰম্পৰাগতভাৱে মহিলাই কৰা সোহৰাই চিত্ৰ
পৰম্পৰাগতভাৱে মহিলাই কৰা সোহৰাই চিত্ৰছবি: Shreyashprashu · CC BY-SA 4.0

প্ৰক্ৰিয়া

দুয়োটা শিল্পৰূপৰ প্ৰক্ৰিয়া মাটি আৰু গোবৰৰ মিশ্ৰণেৰে দেৱাল আবৃত কৰাৰপৰা আৰম্ভ হয়।৪ তাৰ পিছত বগা মাটিৰ এটা তৰপ প্ৰয়োগ কৰা হয়। আংশিকভাৱে শুকান অৱস্থাত আঙুলি আৰু লাঠিৰে আৰ্হি সৃষ্টি কৰা হয়।

সোহৰাই চিত্ৰত প্ৰথমে পূৰ্বপুৰুষ বা উৰ্বৰতাক সূচোৱা ৰঙা ৰেখা আঁকা হয়। তাৰ পিছত শিৱৰ প্ৰতীক হিচাপে ক’লা ৰেখা অংকন কৰা হয়। শেষত খাদ্যৰ প্ৰতীক হিচাপে বগা ৰেখা আঁকা হয়, কিয়নো ই শস্য চপোৱাৰ উৎসৱৰ সৈতে জড়িত। আৰ্হিসমূহ প্ৰকৃতি আৰু ব্যক্তিৰ প্ৰকৃতিৰ সৈতে সংযোগৰপৰা স্বতঃস্ফূৰ্তভাৱে উদ্ভৱ হয়।৮

খোভাৰ চিত্ৰকলা সাধাৰণতে একৰঙী আৰু উৰ্বৰতাৰ প্ৰতীক। প্ৰথমতে দেৱাল ক’লা মাটিৰে আবৃত কৰা হয়, যিয়ে গৰ্ভৰ প্ৰতীক। তাৰ পিছত বগা মাটিৰে আবৃত কৰা হয়, যিয়ে শুক্ৰাণুৰ প্ৰতীক। মাটিখিনি আধা-শুকান হ’লে কম্ব ব্যৱহাৰ কৰি উদীয়মান মাতৃদেৱীৰ দৰে আৰ্হি সৃষ্টি কৰা হয়। গৰ্ভৱতী ম'ৰা চৰাইৰ চিত্ৰ বিবাহ-কক্ষৰ বাবে আটাইতকৈ শুভ প্ৰতীক বুলি গণ্য কৰা হয়। জীৱ-জন্তু, চৰাই, জেঠীপোক আৰু ফুলৰ আৰ্হিৰ জৰিয়তে শুভ অনুষ্ঠান উদ্‌যাপন কৰা হয়।৮

বৰ্তমানৰ পৰিস্থিতি

১৯৯২ চনৰপৰা বুলু ইমামে এই শিল্পকলা জনপ্ৰিয় কৰি তুলিছে, যেতিয়া তেওঁ সংস্কৃতি সংগ্ৰহালয় আৰু কলা গেলেৰী স্থাপন কৰে।৩৯ ২০১৮ চনত ঝাৰখণ্ড চৰকাৰে ৰেল আৰু চৰকাৰী আৱাসগৃহ সোহৰাই চিত্ৰৰে সজোৱাৰ পৰিকল্পনা ঘোষণা কৰে।১০ সোহৰাই-খোভাৰ চিত্ৰকলাই ২০২০ চনত ভৌগোলিক সূচক স্বীকৃতি লাভ কৰে।১১

তথ্যসূত্ৰ

  1. ↑ Sharma, Aasheesh. (2020-03-05). India's new rock stars. India Today
  2. ↑ Balasubramaniam, Chitra. (2018-09-06). The beauty of Sohrai and Khovar paintings. The Hindu
  3. ↑ Chandra, Kavita Kanan. (2018-02-17). Women keep it alive. Deccan Herald
  4. ↑ Cocooned in Jharkhand 's Sohrai and Khovar art. The New Indian Express
  5. ↑ Heather. (2016-05-18). Hazaribagh: The Forest Villages. Asian Art Newspaper
  6. ↑ Sohrai Paintings of Jharkhand. Maati Ghar
  7. ↑ Welcome:: Jharkhand Tourism Development Corporation Ltd.. tourism.jharkhand.gov.in
  8. ↑ Kumari, Ms & Sarma, Rabindranath. (2023). A Study on Significance of Sohrai and Khovar Painting: From the Development Perspective. METSZET Journal 8. 131-149
  9. ↑ Deogharia, Jaideep. (2016-11-06). Hazaribag's tribal wall art at Paris exhibition. The Times of India
  10. ↑ (2018-09-27). Jharkhand's tribal Sohrai paintings to adorn trains, PMSAY houses. Hindustan Times
  11. ↑ Kandavel, Sangeetha. (2020-05-12). GI tag for Jharkhand's Sohrai Khovar painting, Telangana's Telia Rumal. The Hindu

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় লোকশিল্প

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোহৰাই আৰু খোভাৰ চিত্ৰকলা” প্ৰবন্ধৰ সংশোধন ৫৮৪৩১২ (৩ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।