বিত্তীয় বজাৰ (Financial Market) হ’ল এক প্ৰণালীবদ্ধ প্ৰতিষ্ঠানিক ব্যৱস্থা য’ত বিভিন্ন প্ৰকাৰৰ বিত্তীয় সম্পদ আৰু ঋণ আহিলাবোৰ যেনে- কাগজী মুদ্ৰা, চে'ক, বেংক আমানত, বিল, বণ্ড, প্ৰতিশ্ৰুতি পত্ৰ, নিৰাপত্তা পত্ৰ, ঋণপত্ৰ ইত্যাদিৰ লেনদেন সংঘটিত হয়।১
বিভিন্ন প্ৰকাৰৰ বিত্তীয় দাবী (Financial claimed), পৰিসম্পদ (Assets), সেৱা (Services) আৰু নিৰাপত্তাপত্ৰৰ (Securities) ক্ৰয় আৰু বিক্ৰয়ৰ (Buying and Selling) সহায়ক ব্যৱস্থাপনাকে অথবা কেন্দ্ৰকে বিত্তীয় বজাৰ বুলি কোৱা হয়।১
তথ্যসূত্ৰ
- ↑ Sarma, Dr. Ashok Kumar. (2013). Financial Institution and Market. পৃ. 14, 131, 132
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিত্তীয় বজাৰ” প্ৰবন্ধৰ সংশোধন ২৫৭৪৪২ (২ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।