ব্ৰেইল্ হৈছে অন্ধ বা চকুৰে কম দেখা লোকে ব্যৱহাৰ কৰা এটা স্পৰ্শীয় (tactile) লিখন পদ্ধতি। পৰম্পৰাগতভাৱে ইয়াক এম্বছ কাগজত লিখা হয়। ব্ৰেইল্ ব্যৱহাৰকাৰীয়ে refreshable braille display-ৰ সহায়ত কম্পিউটাৰ স্ক্ৰীন বা আন ইলেক্ট্ৰনিক সঁজুলিত আখৰ পঢ়িব পাৰে। তেওঁলোকে স্লে'ট আৰু ষ্টাইলাছেৰে ব্ৰেইল্ লিখিব পাৰে বা পৰ্টেবল ব্ৰেইল্ ন'টটেকাৰৰ দৰে ব্ৰেইল্ ৰাইটাৰত টাইপ কৰিব পাৰে।
ফৰাছী স্ৰষ্টা লুইছ ব্ৰেইলৰ নামেৰে এই পদ্ধতিটোৰ নাম ৰখা হৈছে। সৰুকালত এক দুৰ্ঘটনাত তেওঁ দৃষ্টিশক্তি হেৰুৱাইছিল। ১৮২৪ চনত ১৫ বছৰ বয়সত নৈশ লিখনৰ সংশোধনেৰে ব্ৰেইলে ফৰাছী বৰ্ণমালাৰ এক সংকেত বিকাশ কৰে। ১৮২৯ চনত সংগীতৰ ন'টচন সামৰি তেওঁ এই পদ্ধতি প্ৰকাশ কৰে।১২ ১৮৩৭ চনত প্ৰকাশিত দ্বিতীয় সংস্কৰণ আছিল আধুনিক যুগত বিকশিত প্ৰথম বাইনেৰী লিখন পদ্ধতি।
ব্ৰেইল্ চিহ্নসমূহ চাৰিচুকীয়া যাক cells বোলে আৰু ইয়াত উঠন raised dots কিছুমান থাকে। এই ডট্বোৰৰ সংখ্যা আৰু বিন্যাসে এটা আখৰক আনবোৰৰ পৰা পৃথক কৰে। বিভিন্ন ব্ৰেইল্ বৰ্ণমালাসমূহ ছপা শব্দৰ প্ৰতিলিপিকৰণ সংকেত হিচাপে বিকশিত হোৱা বাবে ভাষাভেদে মেপিং (আখৰৰ স্থান) বেলেগ বেলেগ হয়। ইয়াৰ উপৰি ইংৰাজী ব্ৰেইল্ত সংকেতৰ তিনিটা স্তৰ আছে।
ব্ৰেইল্ পাঠ্যত কেৱল ব্ৰেইল্ কোষবোৰেই নাথাকে। ইয়াত ছবি, গ্ৰাফ আদিও থাকিব পাৰে। এটা সম্পূৰ্ণ ব্ৰেইল্ কোষত দুটা শাৰীত তিনিটাকৈ ছটা উঠন ডট্ থাকে।৩ ডট্বোৰৰ স্থান একৰ পৰা ছয়লৈকে নিৰ্দিষ্ট কৰা হয়।৩ এক বা ততোধিক ডট্ ব্যৱহাৰ কৰি ৬৪টা ব্যৱস্থ সম্ভৱ।৩ এটা কোষেৰে এটা আখৰ, সংখ্যা, যতি চিহ্ন, বা এটা শব্দও বুজাব পাৰি।৩
স্ক্ৰীন ৰিডাৰৰ প্ৰচলনে ব্ৰেইলৰ ব্যৱহাৰ কমাই আনিছে। কিন্তু বানান আৰু যতি শিকাবৰ বাবে অন্ধ বা দৃষ্টিশক্তিহীনৰ বাবে ব্ৰেইল্ শিক্ষা গুৰুত্বপূৰ্ণ।
অসমীয়া ব্ৰেইল্
ভাৰতীয় ব্ৰেইল্ পদ্ধতি অনুসৰি তলত দিয়া ধৰণে ব্ৰেইল্-ত অসমীয়া বৰ্ণসমূহ লিখা যায়:৪
স্বৰবৰ্ণ
ব্যঞ্জনবৰ্ণ
| মুদ্ৰণ | ক | খ | গ | ঘ | ঙ | চ | ছ | জ | ঝ | ঞ |
| ব্ৰেইল্ | ||||||||||
| মুদ্ৰণ | ট | ঠ | ড | ঢ | ণ | ত | থ | দ | ধ | ন |
| ব্ৰেইল্ | ||||||||||
| মুদ্ৰণ | প | ফ | ব | ভ | ম | য | ৰ | ল | ৱ | শ |
| ব্ৰেইল্ | ||||||||||
| মুদ্ৰণ | ষ | স | হ | ক্ষ | ল় | ড় | ঢ় | য় | ৎ | ং |
| ব্ৰেইল্ | - | |||||||||
| মুদ্ৰণ | ঃ | ঁ | জ্ঞ | ্ | ||||||
| ব্ৰেইল্ |
সংখ্যা
| মুদ্ৰণ | ১ | ২ | ৩ | ৪ | ৫ |
| ব্ৰেইল্ | |||||
| মুদ্ৰণ | ৬ | ৭ | ৮ | ৯ | ০ |
| ব্ৰেইল্ |
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Braille, Louis (1829). Method of Writing Words, Music, and Plain Songs by Means of Dots, for Use by the Blind and Arranged for Them
- ↑ How Braille Began. http://www.brailler.com
- ↑ The Dot Positions Are Identified by Numbers from One Through Six. AFB.org
- ↑ World Braille Usage, UNESCO, 2013
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্ৰেইল্” প্ৰবন্ধৰ সংশোধন ৫৯৬০৪৪ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।