অন্ধত্ব হৈছে দৰ্শন ক্ষমতা এনে এটা অৱস্থালৈ হ্ৰাস পোৱা, য'ত সৃষ্টি হোৱা সমস্যাবোৰ সাধাৰণ যিকোনো পদ্ধতি, যেনে- চছমা ব্যৱহাৰ কৰিও সমাধান কৰিব নোৱাৰি।১২ এইক্ষেত্ৰত চছমা অথবা কনটেক্ট লেন্স ব্যৱহাৰ কৰাত অভ্যস্থ নোহোৱাৰ ফলত হ্ৰাস পোৱা দৰ্শন ক্ষমতাকো অন্তৰ্ভুক্ত কৰা হয়।১ দৰ্শন ক্ষমতা সম্পূৰ্ণ বা প্ৰায় লুপ্তহোৱা অৱস্থা বুজাবলৈ অন্ধত্ব পদটো ব্যৱহাৰ কৰা হয়।৩ দৰ্শন বিসংগতিৰ ফলত ব্যক্তিয়ে তেওঁৰ জীৱনৰ দৈনন্দিন কামকাজ, যেনে- গাড়ী চলোৱা, পঢ়া, সামাজিক কাৰ্যকলাপ, আৰু খোজকঢ়া আদি কামবোৰ কৰাত জটিলতা অনুভৱ কৰে।২
দৰ্শনবিসংগতিৰ সাধাৰণ কাৰণবোৰ হৈছে, অসংশোধিত প্ৰতিফলনৰ সমস্যা (৪৩%), চকুত চলিহা পৰা (৩৩%), আৰু গ্লুকমা (২%)। প্ৰতিফলনৰ সমস্যাবোৰ হৈছে নিকট দৃষ্টি, দূৰ দৃষ্টি, প্ৰেছবাঅ'পিয়া, আৰু এষ্টিগমেটিজিম। অন্ধত্বৰ এটা সাধাৰণ কাৰক হৈছে চকুত চলিহা পৰা। দৃষ্টিৰ সমস্যা সৃষ্টি কৰা আন ৰোগ কিছুমান হৈছে বয়স সম্বন্ধীয় মেকুলাৰ ডিজেনেৰছন, ডায়েবেটিক ৰেটিন'পেথী, কৰ্নিয়েল অ'পাচিটী, শৈশৱৰ অন্ধত্ব আৰু বিভিন্ন ধৰণৰ সংক্ৰমণ।৪ ষ্ট্ৰ'ক, অকাল জন্ম আৰু অন্য কিছু কাৰণৰ ফলত হোৱা মস্তিষ্কৰ সমস্যাৰ বাবেও দৃষ্টিদোষ হ'ব পাৰে।৫ এই কাৰকবোৰক Cortical visual impairment বোলে।৫ শিশুৰ চকুৰ স্ক্ৰেমিং কৰি ভৱিষ্যতে হ'ব পৰা দৃষ্টগত সমস্যা দূৰীকৰণৰ লগতে ইয়াৰ পৰা শৈক্ষিক কৃতকাৰ্যতাত হ'ব পৰা সমস্যাৰ পৰাও সকাহ পাব পাৰি।৬ স্ক্ৰেমিং প্ৰাপ্তবয়স্ক সকলৰ বাবেও লাভজনক।২ চকু পৰীক্ষাৰ দ্বাৰা ৰোগ নিৰ্ধাৰণ কৰা হয়।২
বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষামতে প্ৰায় ৮০% দৰ্শন বিসংগতি প্ৰতিৰোধযোগ্য অথবা চিকিৎসাৰ দ্বাৰা আৰোগ্য কৰিব পাৰি।
তথ্যসূত্ৰ
- ↑ Change the Definition of Blindness. World Health Organization
- ↑ (February 8, 2011). Blindness and Vision Impairment
- ↑ Maberley, DA; Hollands, H; Chuo, J. (March 2006). The prevalence of low vision and blindness in Canada.. Eye (London, England). পৃ. 341–6
- ↑ (2012). GLOBAL DATA ON VISUAL IMPAIRMENTS 2010. WHO. পৃ. 6
- ↑ Lehman, SS. (September 2012). Cortical visual impairment in children: identification, evaluation and diagnosis.. Current opinion in ophthalmology. পৃ. 384–7
- ↑ Mathers, M; Keyes, M; Wright, M. (November 2010). A review of the evidence on the effectiveness of children's vision screening.. Child: care, health and development. পৃ. 756–80
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অন্ধত্ব” প্ৰবন্ধৰ সংশোধন ৬২৪৪৩৪ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।